ETV Bharat / state

প্ৰাৰ্থিত্ব লাভৰ পাচত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত সোণোৱাল: ভাগ ল'লে বিশাল জনসভাত

Sarbananda Sonowal in Dibrugarh: প্ৰাৰ্থিত্ব লাভৰ পাচত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ইয়াৰ পিচতে জনসভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসমৰ চৰকাৰৰ মন্ত্ৰী বিমল বড়াও উপস্থিত উক্ত জনসভাত ৷

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 4:21 PM IST

Updated : Mar 11, 2024, 6:12 PM IST

Union minister Sarbananda Sonowal arrived in Dibrugarh for the first time since getting candidature
প্ৰাৰ্থীত্ব লাভৰ পাছত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
প্ৰাৰ্থিত্ব লাভৰ পাচত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত হৈ জনসভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মৰাণ, 11 মাৰ্চ: লোকসভা নিৰ্বাচনৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰাৰ পাচত সোমবাৰে প্ৰথমবাৰৰ বাবে গৃহজিলাত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । দিল্লীৰ পৰা পোনে পোনে আজি মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় সোণোৱাল ৷ ইয়াৰ পিচতে মোহনবাৰী বিমানবন্দৰত অনুৰাগীয়ে বিপুল আদৰণি জনায় মন্ত্ৰীগৰাকীক ।

বিভিন্ন সাংস্কৃতিক দলে নৃত্য-গীতেৰে আদৰণি জনায় বিজেপি নেতাগৰাকীক । মোহনবাৰী বিমানবন্দৰৰ পৰা বিশাল সমদলেৰে মানকটা চাহ বাগিচাৰ খেলপথাৰলৈ আদৰি নিয়ে অনুৰাগীয়ে । মানকটা খেলপথাৰত অনুষ্ঠিত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ।

বিশাল জনসভাখনত অংশগ্ৰহণ কৰি মোদীৰ সপোনৰ বিকশিত ভাৰতক সাকাৰ ৰূপ দিয়াৰ বাবে তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক ভাৰতৰ ভিতৰত পঞ্চম সংখ্যক শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্যবাসীক দৃঢ়ভাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় কেবিনেট মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা এইবাৰ টিকট কৰ্তন কৰি সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা পাচতে বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলে সৰ্বানন্দ সোণোৱাল সন্দৰ্ভত বিভিন্ন বিষয়ত সমালোচনা কৰা পৰিলক্ষিত হৈছে । বিৰোধীৰ সমালোচনাক তল পেলাই সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা প্ৰমাণ কৰাৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গ’ল বিজেপিয়ে । চাহ শ্ৰমিকৰ পৰা গাঁৱৰ সাধাৰণ ৰাইজলৈকে সকলোকে দেখা গ'ল সৰ্বানন্দ সোণোৱালৰ এই পদযাত্ৰাত ।

আপে প্ৰায় এটা মাহৰ পূৰ্বে সমষ্টিটোৰ প্ৰাৰ্থী ঘোষণা কৰি প্ৰচাৰত ব্যস্ত হৈছে যদিও বিৰোধী ঐক্য মঞ্চই আজি পৰ্যন্ত চূড়ান্ত কৰিব পৰা নাই প্ৰাৰ্থী ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উক্ত স্থানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসমৰ চৰকাৰৰ মন্ত্ৰী বিমল বড়া আৰু ডিব্ৰুগড় জিলাৰ কেইবাগৰাকীও বিধায়ক ।

লগতে পঢ়ক: নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন উদ্যোগত পেলাব ইতিবাচক প্ৰভাৱ : সৰ্বা-চন্দ্ৰমোহন

Last Updated : Mar 11, 2024, 6:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.