ETV Bharat / state

তিনিচুকীয়াত আৰক্ষীয়ে আটক কৰা ছয় প্ৰতিবাদকাৰীক মুকলিৰ দাবী আলফা স্বাধীনৰ - Tinsukia Protest

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 8:35 AM IST

Protest in Tinsukia: তিনিচুকীয়াত অনা-অসমীয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ পিচতে আলফা স্বাধীনে প্ৰেছ বিবৃতি প্ৰেৰণ কৰিছে । আৰক্ষীয়ে আটক কৰা প্ৰতিবাদকাৰীক শীঘ্ৰে মুকলি কৰি দিয়াৰ আহ্বান আলফাৰ । আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ আশ্বাস সংগঠনটোৰ ।

Tinsukia Protest
তিনিচুকীয়াত অনা-অসমীয়া বিৰোধী প্ৰতিবাদক সমৰ্থন আলফা(স্বাধীন)ৰ (ETV Bharat)

তিনিচুকীয়া,২৩ আগষ্ট : শিৱসাগৰৰ পিচত এইবাৰ তিনিচুকীয়াত অনা-অসমীয়া বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে । বুধবাৰে নিশা তিনিচুকীয়াত এগৰাকী অসমীয়া যুৱকক বহিৰাগতই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ তাৰ পিচতে জিলাখনত প্ৰতিবাদ আৰম্ভ হয় ।

অনা-অসমীয়া বিৰোধী প্ৰতিবাদ

বৃহস্পতিবাৰৰ দিনটোত তিনিচুকীয়াত বিভিন্ন সংগঠন আৰু স্থানীয় লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেইবাজনো ছাত্ৰ নেতাক আটক কৰে । অৱশ্যে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ এনে দমনীয় পদক্ষেপক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অনা-অসমীয়াক সুৰক্ষা দিবলৈ অসমীয়া যুৱকৰ ওপৰত আৰক্ষী জঁপিয়াই পৰা বুলি বহুতে অভিযোগ কৰিছে ।

চোঁচৰাই নিয়া হৈছিল প্ৰতিবাদকাৰীক

তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত কেবাটাও দল-সংগঠনে একত্ৰিত হৈ টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বৃহস্পতিবাৰে৷ ৰাজপথত প্ৰতিবাদকাৰীয়ে জ্বলোৱা টায়াৰ আৰক্ষীয়ে নুমুৱাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি হয় প্ৰতিবাদকাৰীসকলৰ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰক্ষীয়ে কেবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰি চোঁচৰাই নিয়াৰ লগতে ছত্ৰভংগ দিয়াই আন প্ৰতিবাদকাৰীসকলক ৷

আলফা(স্বাধীন)ৰ বিবৃতি

ইফালে আলফা(স্বাধীন)ৰ তৰফৰ পৰাও এই ঘটনাক তীব্ৰ গৰিহণা দিয়া হৈছে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে আলফা স্বাধীনে আৰক্ষীক তীব্ৰ সমালোচনা কৰাও দেখা গৈছে । আলফা স্বাধীনৰ সহ প্ৰচাৰ সম্পাদক ঈশান অসমৰ স্বাক্ষৰিত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে সংগঠনটোৱে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উচতনিমূলক নিৰ্দেশনাৰ বাবেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত খিলঞ্জীয়াৰ ওপৰত এনে আক্ৰমণ সংঘটিত হৈ থকা বুলি অভিযোগ উত্থাপন কৰে ।

লগতে সংগঠনটোৱে বিবৃতিটোত লিখিছে, "তিনিচুকীয়া আৰক্ষী-প্ৰশাসনে আটাইকেইগৰাকী অভিযুক্তক অনতিপলমে কৰায়ত্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰক ৷ আনহাতে উক্ত ঘটনাৰ বাবে হোৱা প্ৰতিবাদত তিনিচুকীয়া, ডুমডুমা, পেঙেৰী আদিত যিসকলক আৰক্ষীয়ে আটক কৰিছে তেওঁলোকক চৰ্তহীনভাৱে মুক্তি কৰি দিয়ক ৷"

সংগঠনটোৱে লগতে লিখিছে,"বহিৰাগত বণিয়া আৰু আৰক্ষী বিষয়াৰ এনে দমন নীতিক প্ৰতিহত কৰিবলৈ থলগিৰি যুৱক-যুৱতী, আবাল-বৃদ্ধ-বনিতা সকলোৱে মাউখে ওলাই আহক ৷ এনে একোখন গণ আন্দোলনলৈ আমাৰ সমৰ্থন থকাৰ উপৰিও প্ৰয়োজন সাপেক্ষে কায়িকভাৱে অংশগ্ৰহণ কৰিবলৈ আমি সদা প্ৰস্তুত ৷"

লগতে পঢ়ক :তিনিচুকীয়াত অসমীয়াক আক্ৰমণ অনা-অসমীয়াৰ : চোঁচৰাই চোঁচৰাই আটক প্ৰতিবাদকাৰীক - Attack on Assamese in Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.