ETV Bharat / state

শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে উদ্ভৱ হ'ব বিষম পৰিস্থিতিৰ : আলফাৰ হুমকি - FIR against Shrinkhal Chaliha

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 8:09 PM IST

ULFA I on FIR against Shrinkhal Chaliha : শৃংখল চলিহাৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই ল’বলৈ হুমকি আলফা(স্বাঃ)ৰ ৷ জাতীয়তাবাদী নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিলে বিষম পৰিস্থিতিৰ সৃষ্টি হোৱাৰ হুংকাৰ নিষিদ্ধষোঘিত সংগঠনটোৰ ৷

ULFA I on FIR against Shrinkhal Chaliha
শৃংখল চলিহাত গ্ৰেপ্তাৰ নকৰিবলৈ ভাবুকি আলফা(স্বা)ৰ (ETV Bharat Assam)

গুৱাহাটী, ১৯ আগষ্ট : কট্টৰ জাতীয়তাবাদী যুৱনেতা শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৷ এই গোচৰ প্ৰসংগক লৈ সৰৱ হৈছে আলফা স্বাধীন । ১৭ আগষ্টত শৃংখল চলিহাই শিৱসাগৰত কৰা এক মন্তব্যৰ বিৰুদ্ধে গৌৰৱ সোমানী নামৰ এজন প্ৰাক্তন কংগ্ৰেছী আৰু বৰ্তমানৰ ন-বিজেপি নেতাই তৰা গোচৰ অনতিপলমে উঠাই ল'বলৈ দাবী নিষিদ্ধ ঘোষিত সংগঠনটোৰ ৷ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে হুমকি দিয়ে- ‘‘গোচৰত শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে উদ্ভৱ হ’ব বিষম পৰিস্থিতিৰ ৷’’

সোমবাৰে সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰিছে আলফা স্বাধীনে ৷ সংগঠনটোৰ সহঃ প্ৰচাৰ সম্পাদক ঈশান অসমৰ নামত প্ৰেৰণ কৰা বিবৃতিটোত কোৱা হৈছে- “ বুৰঞ্জীপ্ৰসিদ্ধ শিৱসাগৰ চহৰৰ মাজমজিয়াত বহিৰাগত বণিকগোষ্ঠীৰ একাংশ দুৰ্বৃত্তই এগৰাকী থলগিৰি যুৱতীক যোৱা ইংৰাজী ১৩ আগষ্ট ২০২৪ তাৰিখে যি বৰ্বৰ শাৰীৰিক নিৰ্যাতন চলালে তাৰ বিৰুদ্ধে একাংশ দল-সংগঠনৰ লগতে থলগিৰি জনগণে যি গণতান্ত্ৰিক প্ৰতিবাদ আৰু দাবী সাব্যস্ত কৰিছে সেয়া থলগিৰি জনগণৰ নৈতিক অধিকাৰ ৷ উক্ত অধিকাৰক ভেঙুচালি কৰি প্ৰতিবাদকাৰী নেতা শৃংখল চলিহাৰ বিৰুদ্ধে গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত গৌৰৱ সোমানী নামৰ যিগৰাকী বহিৰাগতই গোচৰ তৰিছে ৷ সেই গৰাকী গৌৰৱ সোমানীয়ে অনতি পলমে সেই গোচৰ উঠাই লওক ৷ যদিহে উক্ত গোচৰ উঠাই নলয় আৰু অসম আৰক্ষীয়ে সেই গোচৰৰ অধীনত শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰে তেন্তে অসমত এক বিষম পৰিস্থিতিৰ উদ্ভৱ হ’ব ৷ এগৰাকী বহিৰাগত গৌৰৱ সোমানীৰ বাবে সমগ্ৰ বহিৰাগতই তাৰ পৰিণাম ভুগিব লাগিব আৰু তাৰ বাবে অসম আৰক্ষী প্ৰশাসনেই জগৰীয়া হ’ব ৷” আলফাৰ এই হুমকি প্ৰসংগত বৰ্তমানলৈ অসম আৰক্ষী নাইবা শৃংখল চলিহা আৰু গৌৰৱ সোমানীয়ে একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক : উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগত দিছপুৰত গোচৰ: পুনৰ জে'ললৈ যাবলৈ সাজু শৃংখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.