ETV Bharat / state

ধিংকাণ্ড : দোষীক ফাঁচিৰ দাবী আলফা স্বাধীনৰ - Dhing rape case

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 4:34 PM IST

Updated : Aug 23, 2024, 11:01 PM IST

ULFA (I ) on Dhing rape case : ধিঙৰ ধৰ্ষণকাণ্ডক লৈ এইবাৰ আলফা স্বাধীনৰ বিবৃতি ৷ এই ঘটনাৰ লগত জড়িত থকা দোষীক শীঘ্ৰে কৰায়ত্ত কৰি ফাঁচিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে আলফা(স্বা)ই ।

ULFA (I ) on Dhing rape case
ধিংকাণ্ড : দোষীক ফাঁচীৰ দাবী আলফা স্বাধীনৰ (ETV Bharat)

গুৱাহাটী, ২৩ আগষ্ট : নগাঁৱৰ ধিঙত নাবালিকাৰ ধৰ্ষণকাণ্ডক কেন্দ্ৰ পৰি সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনেও । পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে দোষীক কৰায়ত্ত কৰি শীঘ্ৰেই ফাঁচিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : মানুহৰ ভিতৰত থকা জন্তুটো কেনেকৈ চৰকাৰে বুজি উঠিব ? ধিং কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া - Assam CM reacts on Dhing rape case

যদিহে দেশৰ আইনমতে ফাঁচি দিব নোৱাৰে, তেন্তে ৰাইজৰ মাজলৈ দোষীক উলিয়াই দিবলৈ আহ্বান জনাইছে আলফা স্বাধীনে ৷ সংবাদ মাধ্যমলৈ আলফাৰ সহঃ প্ৰচাৰ সম্পাদক ঈশান অসমে ধিংকাণ্ডক লৈ শুকুৰবাৰে এক বিবৃতি প্ৰেৰণ কৰে । আলফা স্বাধীনে বিবৃতিটোত উল্লেখ কৰিছে,

“বিগত কিছু বছৰৰ পৰা অসমৰ বিভিন্ন অঞ্চলত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ অতি শেহতীয়াকৈ নগাঁও জিলাৰ ধিঙৰ এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী ধৰ্ষিতা হ’ব লগা হয় ৷ ই সভ্য সমাজৰ বাবে অতিকৈ লজ্জাজনক বিষয় ৷ উক্ত ঘটনাৰ সৈতে যিকেইজন দুৰ্বৃত্ত জড়িত হৈ আছে, সেইসকলক অতি সোনকালে চিনাক্ত কৰি ফাঁচিকাঠত ওলমাবলৈ অসম চৰকাৰলৈ আহ্বান জনালো ৷”

লগতে বিবৃতিটোত আলফা স্বাধীনৰ তৰফৰ পৰা কোৱা হৈছে,

“অসম চৰকাৰ-প্ৰশাসনে যদি ভাৰতীয় আইন ব্যৱস্থাৰ অজুহাত দি তেনে পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে; তেন্তে সেইসকল পাষণ্ডক ৰাইজৰ মাজলৈ উলিয়াই দিয়ক, ৰাইজে তাৰ উচিত বিচাৰ কৰি আগলৈ এনে পাশৱিক ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হ’ব ৷”

লগতে পঢ়ক : নাবালিকা ধৰ্ষণৰ ঘটনাক লৈ উত্তাল ধিং: শীঘ্ৰে ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যৱস্থা ল’বলৈ ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - Dhing rape case

ইতিমধ্যেই এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তিনিদিনীয়া বৰাক ভ্ৰমণত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইটোকে ধৰি যোৱা দুমাহত অসমত খিলঞ্জীয়া যুৱতী-মহিলাৰ ওপৰত মুঠ ২৩ টা ধৰ্ষণ-নিৰ্যাতনৰ ঘটনা সংঘটিত হ’ল ।

তেওঁ লগতে কয়, “যোৱা লোকসভা নিৰ্বাচনৰ পাছত অসমত ধিঙৰ ঘটনাটোকে ধৰি এনেধৰণৰ মুঠ ২৩ টা ঘটনা সংঘটিত হ'ল ৷ এই ঘটনাসমূহৰ সৈতে কিছুমান বিশেষ মানুহ জড়িত হৈ আছে ৷ ঘটনাত জড়িতৰ বিৰুদ্ধে আমি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিম ৷ আমাৰ নামনি, মধ্য আৰু বৰাক উপত্যকাৰ মানুহ এতিয়া ভয়-শংকাত দিন পাৰ কৰিবলগীয়াত পৰিছে ৷ অসমৰ মানুহে এই কথাবোৰ বুজিলে সকলোৰে বাবে ভাল ৷ আমাৰ শত্ৰু কোন, মিত্ৰ কোন আমি চিনাক্ত কৰিব জানিব লাগিব ৷”

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে ধিঙত উপস্থিত হৈছেগৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷

লগতে পঢ়ক : আকৌ ধৰ্ষণৰ বলি দেশৰ কন্যা: তিনি দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ গ’ল নাবালিকাক - Dhing Minor rape case

Last Updated : Aug 23, 2024, 11:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.