ETV Bharat / state

UGC-NET বাতিল : কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ - UGC NET cancelled

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 3:01 PM IST

UGC NET cancelled: UGC-NET বাতিলক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত আছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । NEET-UGত অনিয়ম সংঘটিত হোৱাৰ আঁৰত বিজেপি জড়িত থকাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ।

UGC NET cancelled
কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat)

গুৱাহাটী, ২১ জুন : শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে UGC-NET বাতিল কৰিছে । আনহাতে NEET-UGক লৈও বিতৰ্ক অব্যাহত আছে । ইয়াৰ মাজতে বিৰোধী কংগ্ৰেছে সৰ্বভাৰতীয় পৰ্যায়ৰ এই পৰীক্ষাত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে । পৰীক্ষাৰ অনিয়ম আৰু এন ডি এ চৰকাৰৰ দায়িত্বহীন কাণ্ডৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ববিতা শৰ্মা আদি নেতৃবৃন্দ উপস্থিত থাকে । কাৰ্যসূচীত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে কিছুমান পৰীক্ষা কেন্দ্ৰত অন্যায় উপায়েৰে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছে ।

বিহাৰ, গুজৰাট আৰু হাৰিয়ানাত হোৱা গ্ৰেপ্তাৰৰ পৰা সংগঠিত দুৰ্নীতি স্পষ্ট হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে বিজেপি শাসিত ৰাজ্যসমূহত এই পৰীক্ষাৰ নামত দুৰ্নীতি সংঘটিত হৈছে । তেওঁ লগতে কয় যে উচ্চতম ন্যায়ালয়েও এই অভিযোগসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে, গাফিলতিৰ প্ৰতি শূন্য সহনশীলতাৰ সদৰী কৰিছে । তেওঁ কয় যে বিজেপিৰ আমোলত এনে অনিয়মে পৰীক্ষা প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে আৰু অগণন নিষ্ঠাবান ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ বিপন্ন কৰিছে ।

৫ মে'ত ৪,৭৫০ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই পৰীক্ষাত প্ৰায় ২৪ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ১৪ জুনত ফলাফল ঘোষণা হোৱাৰ কথা আছিল যদিও ৪ জুনত নিৰ্বাচনৰ ফলাফলৰ দিনা পৰীক্ষাৰ ফলাফল ৰহস্যজনভাবে ঘোষণা কৰা হৈছিল । আপাত দৃষ্টিত পৰীক্ষাৰ দুৰ্নীতি গাপ দিয়াৰ বাবে বিজেপিয়ে এই অভিসন্ধি কৰিছিল বুলিও তেওঁ অভিযোগ কৰে । তেওঁ এই দুৰ্নীতিৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত কৰাৰ বাবে দাবী জনায় । এই প্ৰতিবাদী কাৰ্যসূচীত বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ববিতা শৰ্মাইও ভাষণ প্ৰদান কৰি শাসকীয় বিজেপি মিত্ৰজোঁট চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক :UGC-NET বাতিল; মোদী চৰকাৰক আক্ৰমণ কংগ্ৰেছৰ - UGC NET 2024 cancelled

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.