ETV Bharat / state

ব্ৰহ্মপুত্ৰত নিখোজ চিন্ময়ৰ মৃতদেহ উদ্ধাৰ: অৰ্জুনৰ সন্ধানত অভিযান অব্যাহত - YOUTH MISSING IN BRAHMAPUTRA

Youth missing in Brahmaputra: গুৱাহাটীৰ পানীখাইতিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহি নিখোজ দুই যুৱকৰ এজনৰ মৃতদেহ উদ্ধাৰ ৷ মৃত যুৱকজন ফৰেষ্টগেট অঞ্চলৰ চিন্ময় পাঠক বুলি জানিব পৰা গৈছে ৷ আনহাতে আনজন যুৱকৰ সন্ধানত এছ ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে ৷

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 5:24 PM IST

YOUTH MISSING IN BRAHMAPUTRA
পানীখাইতীত ব্ৰহ্মপুত্ৰত নিখোজ চিন্ময়ৰ মৃতদেহ উদ্ধাৰ (ETV BHARAT ASSAM)

গুৱাহাটী, ২৭ মে’: গুৱাহাটীৰ পানীখাইতিৰ তামোলবাৰীত দেওবাৰে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ আহি নিখোজ হোৱা এজন যুৱকৰ মৃতদেহ সোমবাৰে এছ ডি আৰ এফে উদ্ধাৰ কৰে । সোমবাৰে পুৱাৰ ভাগত এছ ডি আৰ এফে ব্ৰহ্মপুত্ৰ নদীত অভিযান চলাই নাৰেংগী ফৰেষ্টগেট অঞ্চলৰ চিন্ময় পাঠক(১৯) নামৰ যুবকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

পানীখাইতিত ব্ৰহ্মপুত্ৰত নিখোজ চিন্ময়ৰ মৃতদেহ উদ্ধাৰ (ETV BHARAT ASSAM)

অৱশ্যে ব্ৰহ্মপুত্ৰত নিখোজ আনজন যুৱক অৰ্থাৎ পাথৰকুৱেৰীৰ অৰ্জুন নাথ(২০)ৰ সন্ধান বৰ্তমান পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই । বৰ্তমানো উদ্ধাৰকাৰী দলে নিখোজ অৰ্জুন নাথৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে দেওবাৰে দিনৰ প্ৰায় ২.৩০ বজাত নাৰেংগী ফৰেষ্টেগেট, পাথৰকুৱেৰী অঞ্চলৰ ১০জনীয়া যুৱকৰ দল এটাই প্ৰথমে খামৰেঙা বিলত উপস্থিত হৈছিল । তাত আটাইকেইজনে মদ্যপান কৰি কিছু সময় কটোৱাৰ পিচত পানীখাইতিৰ তামোলবাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হয় ।

ইয়াৰে চাৰিজন যুৱকে উৎকট গৰমৰ বাবে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামে । কিন্তু ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত চাৰিজন ডুব যায় যদিও ইয়াৰে এজনে কোনোমতে সাঁতুৰি পাৰলৈ আহে । আনহাতে আন এজন যুৱকক স্থানীয় লোকে উদ্ধাৰ কৰে । কিন্তু চিন্ময় পাঠক আৰু অৰ্জুন নাথ নামৰ যুৱক দুজনক উদ্ধাৰ কৰিব পৰা নগ’ল । কালি সন্ধিয়াৰ ভাগলৈ এছ ডি আৰ এফে ব্ৰহ্মপুত্ৰত নিখোজ দুই যুৱকৰ সন্ধানত অভিযান চলাই যদিও সন্ধান পোৱাত ব্যৰ্থ হয় ।

আজি পুনৰ এছ ডি আৰ এফে অভিযান চলাই চিন্ময় পাঠকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইফালে চিন্ময় পাঠকৰ মৃতদেহ উদ্ধাৰৰ পিচত শোকৰ বন্যা বৈছে পৰিয়ালটোত । পেছাত এগৰাকী অটোচালক অৰ্জুন নাথৰ পিতৃয়ে সংবাদমাধ্যমৰ আগত কয়, "দেওবাৰে ঘৰৰ পৰা ওলাই যাবলৈ মানা কৰাৰ পিচতো কথা নামানি সমনিয়াৰ সৈতে চন্দ্ৰপুৰলৈ ফুৰিব আহিছিল । পুত্ৰৰ ভুল আছিল বুলি উল্লেখ কৰি দুৰ্ভগীয়া পিতৃগৰাকীয়ে কয় যে সংগত পৰিয়েই তেওঁৰ পুত্ৰৰ মৃত্যু ঘটিল ।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰত গা ধুবলৈ আহি দুই যুৱক নিখোজ হোৱাৰ সন্দেহ - Missing In Brahmaputra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.