ETV Bharat / state

তাৰ্কিক-চুমীৰ চুনামিয়ে বোকাখাতকো চুই গ'ল : যোৱা সপ্তাহত দুয়ো আশ্ৰয় লৈছিল কাৰ ঘৰত ? - INVESTMENT SCAM IN ASSAM

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 8:24 PM IST

Assam trading scam: চুমী বৰা আৰু তাৰ্কিক বৰাৰে সম্পৰ্ক ৰক্ষা কৰি আটক বোকাখাতৰ দুই যুৱক । ধৃত যুৱকদ্বয় চন্দন নাথ আৰু শোভনজ্যোতি কুৰ্মী ৷ তাৰ্কিকৰ সহযোগী হিচাপে কাম কৰি আহিছে শোভনজ্যোতি কুৰ্মীয়ে । আজি চি আই ডিয়ে গুৱাহাটীলৈ তলব কৰিছিল শোভনজ্যোতিক ।

Assam trading scam
চুমী-তাৰ্কিক বৰা (ETV Bharat Assam)

কাজিৰঙা, ১০ ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিং গোচৰত অভিযুক্ত চুমী বৰা আৰু তাৰ্কিক বৰাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি বিপদত পৰিল বোকাখাতৰ দুই যুৱক । ট্ৰেডিঙৰ জৰিয়তে বিশাল ধনৰ অধিকাৰী হোৱা তথা এসময়ত বিলাসী জীৱন কটোৱা চুমী আৰু স্বামী তাৰ্কিক এতিয়া আৰক্ষীৰ মষ্ট ৱান্টেড তালিকাত ৷ ইফালে চি আই ডিয়ে এছ আই টি গঠন কৰি দুয়োকে বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷ এনে সময়তে চুমী আৰু স্বামী তাৰ্কিকক আশ্ৰয় দি ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল চন্দন নাথ আৰু শোভনজ্যোতি কুৰ্মী ৷

তাৰ্কিক-চুমীৰ চুনামিয়ে বোকাখাতকো চুই গ'ল : যোৱা সপ্তাহত দুয়ো আশ্ৰয় লৈছিল কাৰ ঘৰত ? (ETV Bharat Assam)

লগতে পঢ়ক: অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত অভিযুক্তৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড - Online Trading Scam

বোকাখাত আৰক্ষীয়ে সোমবাৰে নিশা বোকাখাতৰ মিলনপুৰৰ চন্দন নাথ আৰু লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীক আটক কৰে । আৰক্ষী সূত্ৰ অনুসৰি যোৱা সপ্তাহত শোভনজ্যোতিৰ ঘৰত আশ্ৰয় লৈছিল চুমী-তাৰ্কিকে । এই কাৰ্যত চন্দন নাথেও সহযোগ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ।

Assam trading scam
শোভনজ্যোতি কুৰ্মী (ETV Bharat Assam)

২০১৬ চনৰ পৰা তাৰ্কিকৰ সহযোগী হিচাপে কাম কৰি আহিছে শোভনজ্যোতি কুৰ্মীয়ে । আজি চি আই ডিয়ে গুৱাহাটীলৈ তলব কৰিছিল শোভনজ্যোতিক । কিন্তু চি আই ডিৰ ওচৰত হাজিৰ কৰা পূৰ্বে নিশা বোকাখাত আৰক্ষীয়ে চন্দন নাথৰ লগতে শোভনজ্যোতি কুৰ্মীক আটক কৰে ৷

Assam trading scam
চন্দন নাথ (ETV Bharat Assam)

বিশালক গ্ৰেপ্তাৰ কৰাৰ পাছত চুমী-তাৰ্কিক আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছে ৷ ৰাজ্যৰ বিয়াগোম আৰক্ষী বাহিনী সৰ্বত্ৰে সতৰ্ক থকাৰ পাছতো এই বিতৰ্কিত দম্পতিয়ে পলায়ন কৰি শ্বিলঙত আছিল গৈ বুলি ব্যাপক প্ৰচাৰ চলিছিল ।

জানিব পৰা মতে এই সময়ছোৱাত এদিন অথবা ততোধিক দিন চুমী-তাৰ্কিকে আত্মগোপন কৰিছিল বোকাখাতত । বোকাখাত আৰক্ষীয়ে নিশা চন্দন নাথ আৰু শোভনজ্যোতি কুৰ্মীক আটক কৰাৰ পাছত আজি দিনৰ ভাগত দুয়োকে অধিক সোধাপোছাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে ।

লগতে পঢ়ক: চুমী বৰা-বিশাল ফুকনৰ অনলাইন ট্ৰেডিং গোচৰত ৬‌ জনৰ বিৰুদ্ধে আৰক্ষীৰ লুক-আউট ন'টিছ - Online Trading Scam

চুমী বৰা-বিশাল ফুকনৰ অনলাইন ট্ৰেডিং গোচৰত ৬‌ জনৰ বিৰুদ্ধে আৰক্ষীৰ লুক-আউট ন'টিছ - Online Trading Scam

ট্ৰেডিং কেলেংকাৰী: প্ৰয়োজনত তদন্তৰ ভাৰ চি বি আইক দিয়াৰ কথা ক'লে মুখ্যমন্ত্রীয়ে - CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.