তেজপুৰ, ৬ এপ্ৰিল : উত্তৰ ছিক্কিমৰ চুংথাং-লাচুং পথৰ কাষত এখন পৰ্যটকৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ অসমৰ দুগৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে । শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই শুকাৱহ দুৰ্ঘটনাটো । বাহনখনত থকা আন পাঁচজন লোকক উদ্ধাৰ কৰি স্থানীয় এছটিএনএম চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হয় । তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জনোৱা হৈছে ।
- " class="align-text-top noRightClick twitterSection" data="">
নিহত লোককেইজন হৈছে তিনিচুকীয়া জিলাৰ দুৰ্গাবৰৰ কৃষব মোদী (১৩) আৰু গাড়ীখন চলাই থকা বুদ্ধিমান থাপা (৩৩)। থাপাৰ ঘৰ শোণিতপুৰৰ যদিও বৰ্তমান ছিক্কিমৰ মংগন জিলাত থাকে । ঘটনাটো সংঘটিত হৈছে মংগন জিলাত ৷ মুঠ ৭ গৰাকী পৰ্যটক কঢ়িয়াই অনা বাহনখন দুৰ্ঘটনাত পতিত হৈ আন ৫ জন লোক গুৰুতৰভাৱে আহত হয় ।
খবৰ অনুসৰি দুৰ্ঘটনাটোৰ পিচত লাচুং আৰু চুংথাং থানাৰ আৰক্ষী জোৱানসকলৰ সহযোগিতামূলক প্ৰচেষ্টাৰ বাবেই ভুক্তভোগীসকলে তৎকালীনভাৱে মনোযোগ লাভ কৰে । দ্ৰুতগতিত জৰুৰী চিকিৎসাৰ বাবে চুংথাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় তেওঁলোকক ।
পৰৱৰ্তী সময়ত তেওঁলোকক অধিক চিকিৎসাৰ বাবে এছটিএনএম গেংটকলৈ প্ৰেৰণ কৰা হয় । আহতসকলৰ ভিতৰত পাঁচোজন ব্যক্তি অসমৰ তিনিচুকীয়াৰ বুলি জানিব পৰা গৈছে আৰু বৰ্তমান তেওঁলোক মণিপাল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
আনহাতে দুদিন পূৰ্বেও ছিক্কিমত আন এক ভয়ানক ঘাটনা সংঘটিত হয় আৰু জেনৰ ত্ৰিশক্তি কৰ্পছে উদ্ধাৰ কৰিছিল । কুপুপৰ সমীপত হঠাৎ বৰফ পৰাৰ ফলত বাহন খহি পৰা পাঁচজন পৰ্যটকৰ জীৱন ৰক্ষা কৰে Trishakti Corps ৰ সৈন্যই ,পূব চিকিমৰ উচ্চতাৰ অঞ্চলত ।