ETV Bharat / state

অনাঅসমীয়াৰ আতিশায্যৰ পিচতে ৰহস্যজনকভাৱে সন্ধানহীন দুই কিশোৰ - Teenager Missing Case

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 9:44 AM IST

Allegation against Non Assamese : পুনৰ অনাঅসমীয়াৰ আক্ৰমণ খিলঞ্জীয়াক । এইবাৰ খোৱাঙত কিশোৰক প্ৰহাৰ কৰিলে চাৰিলেনযুক্ত পথ নিৰ্মাণত জড়িত কৰ্মচাৰীয়ে ।

Allegation against Non Assamese
ৰহস্যজনকভাৱে সন্ধানহীন (ETV Bharat Assam)

মৰাণ, ২৭ আগষ্ট: ডিব্ৰুগড় জিলাৰ খোৱাঙত দুই আদিবাসী সম্প্ৰদায়ৰ কিশোৰ বিগত চাৰি দিন ধৰি ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে ৷ এই কিশোৰ দুজনক অনাঅসমীয়া লোক কেইজনমানে প্ৰহাৰ কৰাৰ পিচৰে পৰাই সন্ধানহীন হৈ থকাত পৰিয়ালকৰ লোকসকল চিন্তিত হৈ পৰিছে । পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি খোৱাংঘাটৰ কিশোৰ দুজনে আব্দুল চাহাদ নামৰ ব্যৱসায়ীজনৰ ডেম্পৰ সামগ্ৰী কঢ়িওৱা ঠেলা লৈ ওলাই যোৱাৰ পিচতেই এই ঘটনাটো সংঘটিত হয় ।

পৰিয়ালৰ অভিযোগ অনাঅসমীয়াৰ বিৰুদ্ধে :

কিশোৰ দুজনে ঘটনাৰ দিনা পুৱা ডেম্পৰ সামগ্ৰী কঢ়িওৱা ঠেলা লৈ ওলাই গৈছিল । ইয়াৰ পিচত দুয়োটি কিশোৰকে চাৰিলেনযুক্ত পথ নিৰ্মাণত জড়িত গণপতি নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ অনাঅসমীয়া কৰ্মচাৰীকেইজনে লো চুৰিৰ অভিযোগত আটক কৰে । পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি দুই কিশোৰক প্ৰহাৰো কৰে এই লোককেইজনে ।

ইয়াৰ পিচত পৰিয়ালৰ লোকে খোৱাং বেতনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা নিৰ্মাণকাৰী কোম্পানীৰ অস্থায়ী কেম্পত উপস্থিত হয় যদিও কোম্পানীৰ কৰ্মচাৰীয়ে কিশোৰ দুটিক ঘৰলৈ পঠিয়াই দিয়া বুলি কয় । কিন্তু ৰহস্যজনকভাৱে সেইদিনাৰ পৰা সন্ধানহীন হৈ আছে কিশোৰ দুজন । ইয়াৰে এজন বিশেষভাৱে সক্ষম কিশোৰ । এই লৈ দুচিন্তাত ভুগিছে দুয়োৰে পৰিয়াল ৷

ইপিনে, পৰিয়ালৰ লোকে অনাঅসমীয়া লোককেইজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে যদি দুয়ো কিশোৰ চুৰি কাৰ্যত জড়িত আছিল তেওঁলোকে আৰক্ষীক গতাই দিব লাগিছিল । ইতিমধ্য়ে সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্তৰ দাবীত কিশোৰ দুটিৰ পৰিয়ালে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক:ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ গৈ মাজৰবাৰীৰ নলবাৰীত সন্ধানহীন এজন

৮০ দিনে সন্ধান নাই ফৰকাটিঙৰ পৰা বেংগালুৰুলৈ যোৱা মেৰাপানীৰ এজন লোকৰ - Man missing in Vijayawada

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.