ETV Bharat / state

খেদি খেদি ধৰিলে দুই জালনোট সৰবৰাহকাৰীক - LAKHIMPUR FAKE CURRENCY

Fake currency : অৰুণাচলী লোকক জালনোট দিবলৈ পাতিছিল পাং । পিছে জালনোট সৰবৰাহকাৰীৰ দিন আছিল বেয়া ।

Fake note smugglers
জালনোট সৰবৰাহকাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 10:26 PM IST

লখিমপুৰ, ১১ অক্টোবৰ : জালনোট চক্ৰৰে ভৰি পৰিছে লখিমপুৰ । এই বেহাত জড়িত চক্ৰই অৰুণাচলৰ লোকসকলক লক্ষ্য় কৰি জালনোট বজাৰত উপলব্ধ কৰাইছে বিভিন্ন কৌশলৰে । ইয়াৰ মাজতেই লখিমপুৰত ছয় লক্ষাধিক টকাৰ জালনোট উদ্ধাৰ । পথাৰত খেদি খেদি কৰায়ত্ব কৰিলে দুই জালনোট সৰবৰাহকাৰীক ।

শুকুৰবাৰে বিয়লি লখিমপুৰত ছয় লক্ষাধিক জালনোট উদ্ধাৰ কৰাৰ লগতে পথাৰৰ মাজত খেদি খেদি দুই জালনোট সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় । ধৃত জালনোট সৰবৰাহকাৰী দুটা হ'ল নগৰৰ সমীপৰ চুকুলীভৰীয়াৰ চবৰ আলী আৰু অহিদুৰ ৰহমান ।

জালনোট সৰবৰাহকাৰী (ETV Bharat Assam)

ধৃত চবৰ আলী আৰু অহিদুৰ ৰহমানে লখিমপুৰৰ বাইপাচত এজন অৰুণাচলী লোকক ছয় লাখ টকাৰ জালনোট দিয়াৰ পাং পাতিছিল । জালনোট দি অৰুণাচলী লোকজনক লুন্ঠন কৰাৰ পৰিকল্পনা কৰিছিল ধৃত যুৱক দুজনে । ধৃত চবৰ আলী আৰু অহিদুৰ ৰহমানে কয় যে মহৰ আলী নামৰ এজন লোকে তেওঁলোকক জালনোটখিনি অৰুণাচলী লোকজনক দিবলৈ দিছিল ।

জালনোট সৰবৰাহৰ এই গোপন পৰিকল্পনাৰ তথ্য় লাভ কৰিছিল আৰক্ষীয়ে । অসামৰিক পোছাকত আৰক্ষীয়ে খাপ পিটি থাকে এই চক্ৰটোক কৰায়ত্ব কৰিবলৈ । বাইপাচত দুই যুৱকে জালনোটখিনি হস্তান্তৰ কৰিবলৈ লওতে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ চেষ্টা কৰে যদিও যুৱক দুজনে ধাননি পথাৰৰ মাজেৰে দৌৰি পলায়ন কৰে । আৰক্ষীয়েও পথাৰৰ মাজেৰে খেদি খেদি যুৱক দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । সম্প্ৰতি আৰক্ষীয়ে ধৃত যুৱক দুজনক সদৰ থানাত সোধা-পোছা কৰি আছে । জিলাখনত অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে ইমান কঠোৰ অভিযান চলাই থকাৰ পাচতো সঘনাই চলি থকা এনে ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে ।

লগতে পঢ়ক:জালনোট বনোৱা মেচিনসহ লখিমপুৰ আৰক্ষীৰ জালত দুই যুৱক - Fake currency making machine

লখিমপুৰত জাল নোটসহ এজন কৰায়ত্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.