ETV Bharat / state

কামপুৰত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু - Japanese Encephalitis

Japanese Encephalitis outbreak: বানৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ । অন্যান্য প্ৰান্তৰ দৰে কামপুৰতো জাপানীজ এনকেফেলাইটিছে দেখা দিছে । ইতিমধ্যে জাপানীজ এনকেফেলাইটিছত প্ৰাণ হেৰুৱাইছে দুজনকৈ লোকে । যাক লৈ সমগ্ৰ কামপুৰতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 10:51 PM IST

Two people die in japanese encephalitis at Kampur in Nagaon
জাপানীজ এনকেফেলাইটিছ ৰোগত দুজনকৈ লোকৰ মৃত্যু (ETV Bharat Assam)

কামপুৰ,২৬ জুলাই: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কামপুৰতো জাপানীজ এনকেফেলাইটিছে লৈছে ভয়ংকৰ ৰূপ । জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ কামপুৰত দুগৰাকীকৈ লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । যোৱা ১৯ জুলাইত কঠীয়াতলী টংকেশ্বৰ বৰা নামৰ এজন লোকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাবটি লয় ।

আনহাতে বৃহস্পতিবাৰে পশ্চিম কাৱৈমাৰীৰ মৰমী দেৱী বৰা নামৰ মহিলাগৰাকীৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । জানিব পৰা মতে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আন তিনি গৰাকীলোকো বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে । চিকিৎসাধীন হৈ থকা লোককেইজন কামপুৰৰ তেতেলীসৰাৰ পল্লৱ হাজৰিকা, কঠিয়াতলীৰ আছান হ'ক আৰু ৰাঙলুৰ ৰহিমা খাতুন । সম্প্ৰতি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ GMCH ত চিকিৎসাধীন অৱস্থাত আছে তিনিওগৰাকী ।

ইফালে স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা অঞ্চল সমূহত ফগিং মেছিনৰ দ্বাৰা ধোঁৱা দি মহ খেদা ব্যৱস্থা কৰিছে । আনহাতে কামপুৰ অঞ্চলত বৰ্তমানলৈকে দুজনৰ মৃত্যুৰ হোৱাৰ উপৰি জীৱন-মৰণৰে যুঁজ দি আছে তিনিজনকৈ লোকে ।

লক্ষ্যণীয় বিষয় যে নগাঁও কঠিয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুজন চিকিৎসক থকাক লৈ এতিয়া চলিছে সৰ্বত্ৰে প্ৰতিক্ৰিয়া । হোজাই, পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা যথেষ্ট সংখ্যক লোকে কঠিয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোকে একমাত্ৰ সমলৰূপে ব্যৱহাৰ কৰিছে যদিও পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নথকাত এতিয়া চিন্তিত হৈ পৰিছে সচেতন লোকসকল ।

লগতে পঢ়ক: মৰিগাঁৱত জাপানীজ এনকেফেলাইটিছত শিশুসহ তিনিজনৰ মৃত্য়ু - Japanese Encephalitis

স্বাস্থ্য বিভাগে লুকুৱাইছে জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ তথ্য : অভিযোগ আদিবাসী মহিলা সন্থাৰ - Japanese Encephalitis in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.