ETV Bharat / state

দুৰ্ঘটনাত দুজনৰ মৃত্য়ু: মৃতদেহ লৈ নিশালৈকে ৰাইজৰ হাজো-দৌলাশাল পথ অৱৰোধ - Road Accident in Nalbari

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 9:29 PM IST

Road Accident at Mukalmuwa: পথ দুৰ্ঘটনাত মৃত্য়ুক লৈ উত্তাল মুকালমুৱা । ৰাইজে দীৰ্ঘদিন ধৰি গতিৰোধক স্থাপনৰ দাবী জনোৱাৰ পিচতো প্ৰশাসনৰ নাই কাণসাৰ ।

Road Accident at Mukalmuwa
পথ দুৰ্ঘটনাত দুজনৰ মৃত্য়ু (ETV Bharat Assam)

নলবাৰী, ১ ছেপ্টেম্বৰ : নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত আজি পুৱা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত এখন অচিনাক্ত বাহনৰ খুন্দাত প্ৰভাত মেধি (৬০) নামৰ এজন লোক নিহত হয় । আনহাতে,দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হেমন্ত বৰ্মন(৩৪) নামৰ লোকজনৰ চিকিৎসালয়ত মৃত্য়ু হোৱাৰ পিচতেই উত্তাল হৈ পৰে মুকালমুৱাৰ বৰতলা।

মৃতদেহ লৈ ৰাইজে পথ অৱৰোধ কৰি উক্ত স্থানত গতিৰোধক স্থাপনৰ দাবী জনায় । ইয়াৰ পিচতেই আৰক্ষী প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও যেতিয়ালৈ গতিৰোধক স্থাপন নকৰে তেতিয়ালৈকে মৃতদেহ সৎকাৰ নকৰাৰ সিদ্ধান্তত অটল হৈ আছে ক্ষুব্ধ ৰাইজ ।

বৰতলাৰ ৰাইজ ক্ষুব্ধ হৈছে কিয় ?

স্থানীয় ৰাইজৰ ভাষ্য় অনুসৰি আজি পুৱা পাঁচ মান বজাত সংঘটিত এই দুৰ্ঘটনাটোত প্ৰভাত মেধিৰ ঘটনাস্থলীতেই মৃত্য়ু হয় । আনহাতে,গুৰুতৰভাৱে আহত হেমন্ত বৰ্মনক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত দিনৰ দুইমান বজাত তেওঁৰ মৃত্য়ু ঘটে ।ইয়াৰ পিচতেই পথ দুৰ্ঘটনাটোত দুজনকৈ লোকৰ মৃত্যু হোৱাত বৰতলাৰ ৰাইজ ক্ষুব্ধ হৈ পৰে । ফলত প্ৰভাত মেধিৰ মৃতদেহ লৈ হাজো-দৌলাশাল পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে ।

প্ৰতিবাদকাৰীৰ কাষত জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান ?

এই পথ অৱৰোধ চলি থকাৰ সময়তে উক্ত পথেৰে আহি থকা জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে প্ৰতিবাদকাৰী ৰাইজৰ কাষত থিয় দি কয়," ৰাইজৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসন ব্যৰ্থ হৈছে ।" জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে তীব্ৰবেগী বাহনসমূহক নাকী লগাই উক্ত স্থানত গতিৰোধক স্থাপন কৰাৰ বাবে ৰাইজে উত্থাপন কৰা দাবী পূৰ্ণ কৰিবলৈ প্ৰশাসনক আহ্বান জনায় ।

নিশালৈকে হোৱা নাই পৰিস্থিতি নিয়ন্ত্ৰণ :

পূৰ্বতেও উক্ত স্থানত পথ দুৰ্ঘটনাত কেইবাগৰাকীও লোক নিহত হোৱা বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী ৰাইজে । উক্ত স্থানত অতিশীঘ্ৰেই গতিৰোধক স্থাপন কৰাৰ দাবী জনাই নিশা প্ৰায় ৯ বজালৈকে ৰাইজে পথ অৱৰোধ কৰি আছে । আনহাতে, বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ লগতে জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও বৰ্তমান সময়লৈকে নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি ।

লগতে পঢ়ক:ৰাজপথত ঘাতকৰূপী ডাম্পাৰৰ দৌৰাত্ম: নিমিষতে প্ৰাণ হেৰুৱালে মেধাৱী ছাত্ৰীয়ে - ROAD ACCIDENT IN NALBARI

নিয়ম অমান্য কৰিলেই ভুগিব লাগিব শাস্তি : ডাম্পাৰ-ট্ৰেক্টৰ চালকক শেষ সকীয়নি জিলা আয়ুক্তৰ - NALBARI ROAD ACCIDENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.