ETV Bharat / state

এটাৰ পিছত আনটো প্ৰাকৃতিক দুৰ্যোগ, 9 জিলাৰ 2 লাখ লোক বানত ক্ষতিগ্ৰস্ত - Assam Flood 2024

Flood Situation Of Assam : ৰেমলৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাতৰ ফলত ওফন্দি উঠিছে নৈ-উপনৈসমূহ । চৌদিশে ভয়ংকৰ ৰূপ লৈছে বানে । বৰ্তমানলৈ বানৰ কবলত পৰিছে ৰাজ্যৰ ৯ খন জিলাৰ প্ৰায় ২ লাখ লোক ।

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 9:25 AM IST

Two lakh people of nine districts of Assam effected by floods
ৰাজ্যৰ ৯ খন জিলাত বানৰ তাণ্ডৱ, প্লাৱিত নতুন নতুন অঞ্চল (ETV Bharat Assam)

গুৱাহাটী, ৩১ মে': ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ । বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে ৰাজ্যৰ নৈ-উপনৈসমূহ । যাৰ ফলত প্লাৱিত হৈছে ৰাজ্যৰ কেইবাখনো জিলা । বানৰ কবলত পৰিছে এখনৰ পাছত আনখনকৈ জিলা আৰু নতুন নতুন অঞ্চল ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া তথ্য মতে, বৰ্তমান ৰাজ্যৰ ৯ খন জিলা বানৰ কবলত পৰিছে আৰু প্ৰায় ২ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে । বানত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে বৰাকৰ হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা ।

Two lakh people of nine districts of Assam effected by floods
অব্যাহত উদ্ধাৰ অভিযান (ETV Bharat Assam)

তথ্য অনুসৰি, বিপদসীমাৰ ওপৰেৰে বৈ আছে কপিলী নদী । ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৫ দিনলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত থাকিব বৰষুণ । আনহাতে ৩০-৪০ কিল’মিটাৰ গতিবেগত ধুমুহা অহাৰ উপৰিও বিজুলী, ঢেৰেকনি আৰু ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে । তেনেস্থলত ৰাজ্যৰ বান পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে ।

বানৰ কবলত ৰাজ্যৰ ৯ খন জিলা:

বানৰ কবলত পৰিছে ৰাজ্যৰ নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট, ডিমা-হাচাও আৰু কাৰ্বি আংলং জিলা । এই ৯ খন জিলাৰ ২২ টা ৰাজহ চক্ৰৰ ৩৮৬ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত কাছাৰ জিলাৰ ১৫০ খন আৰু কৰিমগঞ্জ জিলাৰ ১০০ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ।

বানৰ কৱলত ৰাজ্যৰ ৯ খন জিলা (ETV Bharat Assam)

বানত ক্ষতিগ্ৰস্ত প্ৰায় দুই লাখ লোক :

বানত কবলত পৰা ৰাজ্যৰ ৯ খন জিলাৰ ১,৯৮,৮৫৬ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত ৮৭,৩৭৭ জন পুৰুষ, ৭৫,০৮২ গৰাকী মহিলা আৰু ৩৬,৩৯৭ টি শিশু আছে । কৰিমগঞ্জ জিলাৰ সৰ্বাধিক ৩৬,৯৫৯ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে । জিলাখনৰ ১৫,৫৪৬ জন পুৰুষ আৰু ১১,৪১৭ গৰাকী মহিলা আৰু ৯,৯৯৬ টি শিশু বানৰ কবলত পৰিছে । সেইদৰে বানত কাছাৰ জিলাৰ ১,০২,২৪৬ গৰাকী, হাইলাকান্দিৰ ১৪,৩০৮ গৰাকী, হোজাইৰ ২২,০৫৮ গৰাকী, পশ্চিম কাৰ্বি আংলং জিলাৰ ৪৪ গৰাকী, নগাঁৱৰ ২২,৩৫৪ গৰাকী আৰু ডিমা-হাচাওৰ ৮৮৭ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ।

৩,২৩৯ হেক্টৰ শস্যভূমি ক্ষতিগ্ৰস্ত :

কালৰূপী বানত ৯ খন জিলাৰ ৩,২৩৮.৮ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত কাছাৰ জিলাৰ সৰ্বাধিক ১,৫২৩ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে । আনহাতে বানত ক্ষতিগ্ৰস্ত হৈছে নগাঁও জিলাৰ ১,১৬৩ হেক্টৰ, হোজাই জিলাৰ ৪৫৮ হেক্টৰ, গোলাঘাট জিলাৰ ৭১ হেক্টৰ আৰু হাইলাকান্দি জিলাৰ ২৪ হেক্টৰ কৃষিভূমি ।

বানত ক্ষতিগ্ৰস্ত প্ৰায় দুই লাখ লোক (ETV Bharat Assam)

সাহায্য আৰু আশ্ৰয় শিবিৰ :

বান প্ৰভাৱিত ৰাজ্যৰ ৯ খন জিলাত ১১০ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । ইয়াৰে কাছাৰ জিলা সৰ্বাধিক ৫৩ টা, কৰিমগঞ্জ জিলাত ২৩ টা, হাইলাকান্দি জিলাত ১৯ টা, হোজাই জিলাত ৯ টা, ডিমা হাচাও জিলাত ৪ টা, নগাঁও জিলাত এটা আৰু পশ্চিম কাৰ্বি আংলং জিলাত এটা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ।

এই শিবিৰত ৩৫,৬৪০ গৰাকী লোকে আশ্ৰয় লৈছে । ইয়াৰ ভিতৰত ১০ গৰাকী গৰ্ভাৱতী মহিলা আৰু এজন বিশেষভাৱে সক্ষম লোক আছে । তদুপৰি আশ্ৰয় শিবিৰত ১৭,৯৪৪ জন পুৰুষ, ১৩,৪৬৫ গৰাকী মহিলা আৰু ৪,২২০ টি শিশু আছে । আনহাতে সাহায্য সামগ্ৰী বিতৰণৰ বাবে ৭,৪০৯ টা কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে কৰিমগঞ্জ জিলাত সৰ্বাধিক ৫,৪৩৭ টা কেন্দ্ৰ স্থাপন কৰা হৈছে ।

প্লাৱিত নতুন নতুন অঞ্চল (ETV Bharat Assam)

বানত এতিয়ালৈকে দুজনৰ মৃত্যু :

ৰাজ্যজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰা বানত এতিয়ালৈকে দুজনৰ মৃত্যু হৈছে । ইয়াৰে এজন হাইলাকান্দি জিলাৰ লালাৰ আৰু এজন কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰৰ ।

বানত ক্ষতিগ্ৰস্ত দুই লক্ষাধিক পশুধন :

ৰাজ্যৰ ৯ খন জিলা বানৰ কৱলত পৰিছে । বানৰ কৱলত পৰা জিলাসমূহৰ ২,৩৪,৫৩৫ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত ৫১,৭১২ টা ডাঙৰ প্ৰজাতিৰ আৰু ৪৫,৫৯২ টা সৰু প্ৰজাতিৰ পশুধন । সেইদৰে পলিট্ৰি ফাৰ্মিঙৰ ১,৩৭,২৩১ টা পশুধন বানত ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে কৰিমগঞ্জ জিলাত সৰ্বাধিক ১,৭৬,৭২৩ টা পশুধন বানত ক্ষতিগ্ৰস্ত হৈছে । অৱশ্যে বানৰ পশুধনৰ মৃত্যু হোৱাৰ বাতৰি অহা নাই ।

বানৰ ক্ষয়-ক্ষতি :

ৰাজ্যত ত্রাসৰ সৃষ্টি কৰা প্ৰথমটো বানত ইতিমধ্যে ধ্বংস হৈছে ৮৫৫ টা আংশিকভাৱে কেঁচা ঘৰ আৰু ৩০ টা আংশিকভাৱে পকী ঘৰ । আনহাতে প্ৰলয়ংকাৰী বানত হাইলাকান্দি জিলাৰ ৮ টা আৰু নগাঁও জিলাৰ ৫ টা পথ ক্ষতিগ্ৰস্ত হৈছে । সেইদৰে বানত কৰিমগঞ্জ জিলাত এটা মথাউৰি বানত ক্ষতিগ্ৰস্ত হৈছে । বান প্ৰভাৱিত জিলাসমূহত বিভিন্ন আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে ।

ৰাজ্যৰ ৯ খন জিলাত বানৰ তাণ্ডৱ (ETV Bharat Assam)

উদ্ধাৰ অভিযান :

বান প্ৰভাৱিত জিলাসমূহত উদ্ধাৰ অভিযান জোৰদাৰ কৰি তোলা হৈছে । এছ ডি আৰ এফ, অগ্নি আৰু আপাতকালীন সেৱা, স্থানীয় প্ৰশাসন আৰু চিভিল ডিফেন্সকে ধৰি বিভিন্ন সংস্থা উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে । নাৱেৰে ইতিমধ্যে দুই শতাধিক লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ নিয়া হৈছে ।

ইতিমধ্যে বানাক্ৰান্তৰ মাজত ৫৮২ কুইণ্টল চাউল, ৪৯৯ কুইণ্টল দাইল, ২৭ কুইণ্টল নিমখ আৰু ৩,১৪০ লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে । সেইদৰে শিশুৰ বাবেও খাদ্য সামগ্ৰীৰ যোগান ধৰা হৈছে । আনহাতে পশুধনৰ বাবেও খাদ্যৰ যোগান ধৰা হৈছে ।

লগতে পঢ়ক: ভয়াৱহ বানৰ কৱলত ৰাজ্যৰ আঠখন জিলা : ৪১ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত - FLOOD SITUATION OF ASSAM

বান-ভূমিস্খলনৰ তাণ্ডৱ : অসম ৰাইফলছৰ উদ্ধাৰ অভিযান, সাহাৰ্য বিতৰণ - Flood In Manipur

বানৰ তাণ্ডৱ : যোগাযোগ বিচ্ছিন্ন ডিমা হাছাও জিলাত - ASSAM FLOOD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.