ETV Bharat / state

ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তৰ আত্মসমৰ্পণ - Dhing Minor rape case

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 8:12 PM IST

Dhing rape case accused: অৱশেষত ধিঙৰ কিশোৰী ধৰ্ষণৰ ঘটনাৰ অন্যতম দুই অভিযুক্তৰ আত্মসমৰ্পণ ৷ নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ ফৰিদুল আৰু গোলাপ উদ্দিনৰ ।

Dhing rape case accused
ধিংকাণ্ডৰ দুই অভিযুক্তৰ আত্মসমৰ্পণ (ETV Bharat Assam)

নগাঁও, 6 ছেপ্টেম্বৰ: সমগ্ৰ ৰাজ্য কঁপাই যোৱা ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তৰ অৱশেষত আত্মসমৰ্পণ ৷ নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ দুই অভিযুক্তৰ । যোৱা 22 আগষ্টৰ সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ গৈ থকা সময়তে ধৰ্ষণৰ বলি হৈছিল ধিঙৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী । ছাত্ৰীগৰাকীক তিনি যুৱকে ধৰ্ষণ কৰি অচেতন অৱস্থাত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছিল ।

ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো সাব্যস্ত হৈছিল উত্তাল প্ৰতিবাদ । ঘটনা সংঘটিত হোৱাৰ এটা দিন পাছতেই ঘটনাত জড়িত তফাজ্জুল নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ সেই নিশাই অনুসন্ধানৰ বাবে ঘটনাস্থলীলৈ লৈ যোৱাৰ সময়তেই পলায়নৰ চেষ্টা চলাই পুখুৰীত পৰি মৃত্যু হৈছিল অভিযুক্ত তফাজ্জুলৰ ।

কিন্তু ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰিছিল ধিঙৰ আন দুই যুৱক ফৰিদুল আৰু গোলাপ উদ্দিনৰ । ঘটনাৰ পাছৰ পৰাই পলায়ন কৰি থকা দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিনক বিচাৰি নগাঁও আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছিল যদিও আটক কৰিব পৰা নাছিল দুয়োকে । দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিনক কৰায়ত্ব কৰিব নোৱৰাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক: আৰক্ষীৰ হাতৰ পৰা পলাবলৈ পুখুৰীত জাঁপ; ধিং-কাণ্ডৰ মূল অভিযুক্তৰ সলিল সমাধি - Dhing rape case

ধিঙৰ জঘন্য কাণ্ডক লৈ সৰ্বত্ৰে ধিক্কাৰ-গৰিহণা : কংগ্ৰেছ নেতাৰ প্ৰতিক্ৰিয়া - Dhing rape case

অৱশেষত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত দুই অভিযুক্তই কৰিলে আত্মসমৰ্পণ । শুকুৰবাৰে বিয়লি ধিংকাণ্ডৰ আন দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিনে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ একাংশ নেতাৰ সহযোগত নগাঁও আৰক্ষী অধীক্ষকৰ কার্যালয়ত আত্মসমৰ্পণ কৰে । অৱশ্যে দুই অভিযুক্তৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সংখ্যালঘু সংগ্ৰাম পৰিষদে ।

সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দুগৰাকী নেতাই জনোৱা মতে, ফৰিদুল আৰু গোলাপ উদ্দিনে নিজকে নিৰ্দোষী বুলি দাবী কৰি তফাজ্জুলৰ মৃত্যুত আতংকিত হৈ পলাই থকা বুলি উল্লেখ কৰিছে ৷ এইক্ষেত্ৰত নিৰপেক্ষ বিচাৰ কৰি দুয়োকে যদি অপৰাধী হয় তেন্তে উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদে ৷ এইক্ষেত্ৰত অৱশ্যে নগাঁও আৰক্ষীৰ তৰফৰ পৰা কোনো মন্তব্য লাভ কৰা নাই ৷

লগতে পঢ়ক: আকৌ ধৰ্ষণৰ বলি দেশৰ কন্যা: তিনি দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ গ’ল নাবালিকাক - Dhing Minor rape case

মানুহৰ ভিতৰত থকা জন্তুটো কেনেকৈ চৰকাৰে বুজি উঠিব ? ধিং কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া - Assam CM reacts on Dhing rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.