ETV Bharat / state

লখিমপুৰত ধৰ্ষণৰ অপচেষ্টা : আটক দুই বৃদ্ধ - Attempt to Rape in Lakhimpur

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 6:52 PM IST

Rape case in Assam : ৰাজ্যৰ চৌদিশে সংঘটিত হৈ আছে নাবালিকা, শিশুক যৌন নির্যাতনৰ ঘটনা । মানৱ সমাজক কলংকিত কৰা এনে ঘটনা প্ৰৱাহে ৰাজ্য জোকাৰি গৈছে । ৰাজ্যৰ আন জিলাৰ লগতে লখিমপুৰতো শিশু, কিশোৰীক যৌন নির্যাতন ।

Harassment of women
শিশু যৌন নির্যাতনৰ ঘটনা (ETV Bharat Assam)

লখিমপুৰ, ২৪ আগষ্ট : শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত হৈছে ইটোৰ পিচত সিটো ধৰ্ষণকাণ্ড তথা নাৰী নিৰ্যাতনৰ ঘটনা ৷ নগাঁও জিলাৰ ধিং-কাণ্ডৰ লগতে শোণিতপুৰৰ পিচত লখিমপুৰো সংঘটিত হৈছে জঘন্য ঘটনা ৷ এইবাৰ এগৰাকী ন বছৰীয়া নাবালিকাক ধৰ্ষণৰ চেষ্টা চলালে ৭০ বছৰীয়া লোকে ৷

অনুৰূপ ধৰণে ১৩ বছৰীয়া কিশোৰীক ৬০ বছৰীয়া লোক এজনে যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইতিমধ্য়ে আৰক্ষীয়ে এই দুই অভিযুক্তক আটক কৰি সোধ-পোছ আৰম্ভ কৰিছে ।

  • ৭০ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে অভিযোগ :

ৰাজ্য়জুৰি ধৰ্ষণ-হত্য়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতেই লখিমপুৰত শেহতীয়াকৈ সংঘটিত হৈছে ধৰ্ষণৰ অপচেষ্টাৰ ঘটনা ৷ মাতাব আলী নামৰ এজন লোকে এগৰাকী ন বছৰীয়া নাবালিকাক চলালে ধৰ্ষণৰ চেষ্টা ৷ মাতাব আলী নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ।

অভিযোগ অনুসৰি, লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ফুকনৰহাত নৈগুৰিৰ মাতাব আলী নামৰ লোকজনে কেইদিনমান পূৰ্বে অকলশৰীয়া অৱস্থাত এগৰাকী ন বছৰীয়া কন্যা শিশুক ধৰ্ষণৰ অপচেষ্টা চলায় ।

  • কিশোৰীক যৌন নিৰ্যাতন :

আনহাতে, ফুকনৰহাত মিলন নগৰৰ হাফিজ আলী নামৰ ৬০ বছৰীয়া লোকজনে মাতৃহাৰা ১৩ বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । কেইদিনমান পূৰ্বে ঘটনাটো সংঘটিত কৰি লোকজনে ভাবুকিৰে ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও শনিবাৰে আৰক্ষীয়ে তেওঁক আটক কৰে ।

  • জঘন্য় কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ :

লখিমপুৰত এই জঘন্য়কাণ্ড পোহৰলৈ অহাৰ পিচতে প্ৰতিবাদমুখৰ হৈ পৰিছে জিলাখন ৷ ভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে । ইপিনে, এই ঘটনাক লৈ অসমীয়া যুৱ মঞ্চয়ো শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক:ধৰ্ষণৰ অপচেষ্টা কৰা মাতাব আলীক ফাঁচিৰ দাবীত উত্তাল লখিমপুৰ - Attempt to Rape in Lakhimpur

লম্পট শিক্ষকৰ কামনাৰ বলি নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী : উলংগ কৰি উত্তম-মধ্যম ৰাইজৰ - Rape case in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.