ETV Bharat / state

চৰাইদেউ-মৰিয়নীত মৃতদেহ উদ্ধাৰ - deadbody found - DEADBODY FOUND

DEADBODY FOUND : সন্ধিয়া ঘৰৰ পৰা ওলাই যোৱা ব্যক্তিৰ পুৱা পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চৰাইদেউৰ সোণাৰিত চাঞ্চল্য ৷ আনহাতে, মৰিয়নীত পথৰ দাতিত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছে এটি মৃতদেহ ৷ হত্যাৰ সন্দেহ স্থানীয় লোকৰ ।

two different deadbodies at two different locations of charaideo and jorhat found
মৃতদেহ উদ্ধাৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 3:05 PM IST

আত্মীয় আৰু স্থানীয় লোকৰ ভাষ্য (ETV BHARAT ASSAM)

যোৰহাট/চৰাইদেউ, 3 মে’ : যোৰহাটৰ মৰিয়নীৰ ডকলঙিয়া অঞ্চলৰ পথৰ দাঁতিত অচিনাক্ত এগৰাকী পুৰুষৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ মৰিয়নীৰ ডকলঙিয়াত ইটাভাটা পথৰ দাঁতিত সংঘটিত হৈছে উক্ত চাঞ্চল্যকৰ ঘটনা । ইটাভাটাৰ পথৰ দাঁতিত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছে উক্ত মৃতদেহটো ।

বৰ্তমানেও অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱা মৃত ব্যক্তিজনৰ পৰিচয় জানিব পৰা হোৱা নাই । উক্ত লোকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি উক্ত স্থানত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । বৰ্তমান ঘটনাস্থলীত মৰিয়নী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আৰু উক্ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰা পিচতহে গম পোৱা যাব ইয়াৰ সত্যসত্যতা । তাৎপযপূৰ্ণ যে, যিটো অঞ্চলত উক্ত মৃতদেহটো উদ্ধাৰ কৰা হৈছে, সেই স্থানৰে দিনে-নিশাই বহু বাহন তথা অচিনাক্ত ব্যক্তিৰ সঘন অহা-যোৱা চলি থাকে বুলি অভিযোগ উথাপন কৰিছে স্থানীয় ৰাইজে ।

আনহাতে, চৰাইদেউ জিলাৰ সোণাৰিৰ লংপতীয়াত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছে । উদ্ধাৰ হোৱা মৃতদেহটো লংপতীয়া জুটুলনিৰ অৰুপ গগৈ(৫৫) বুলি চিনাক্ত কৰা হৈছে । নিজ বাসগৃহৰ পৰা প্ৰায় এক কিল’মিটাৰ দূৰত্বৰ লংপতীয়া হাবিৰ নিবাসী টিলেশ্বৰ খাকলাৰীৰ বাসগৃহৰ আওহতীয়া স্থানত থকা এটি পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ অৰূপৰ মৃতদেহ । সন্ধিয়া ঘৰৰ পৰা ওলাই যোৱা ব্যক্তিজনৰ পুৱা পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চৰাইদেউৰ সোণাৰিত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

পৰিয়ালৰ লোকে অৰূপক কোনো লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে । পৰিয়ালে জানিবলৈ দিয়া অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল তেওঁ । নিশা পুনৰ ঘৰলৈ গৈ থকাৰ কথা পৰিবাৰক ফোনযোগে জনাইছিল । কিন্তু আহি নোপোৱাত নিশাই অঞ্চলটোত পৰিয়ালৰ সদস্যসকলে বিচাৰ-খোঁচাৰ কৰে যদিও কোনো সন্ধান লাভ নকৰিলে ।

পুৱাই পথত পৰি থকা অৱস্থাত অৰুপৰ গামোচা উদ্ধাৰ কৰিছিল পৰিয়ালে । ইয়াৰ পাচতে পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : চলন্ত ৰে’লৰ পৰাই ক’লৈ গ’ল ৰাজীৱ কোচ; চিন্তিত পৰিয়াল - Missing Out Of State

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.