গুৱাহাটী, ৩০ এপ্ৰিল : ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমত ৰাজ্য চৰকাৰৰ বিশেষ তৎপৰতাত যান-বাহনৰ গৰাকীয়ে ঘৰতে বহি অৰ্ধ শতাধিক সংস্পৰ্শবিহীন সেৱা অনলাইনযোগে লাভৰ সুবিধা পোৱাৰ পিচত এইবাৰ পৰিবহণ বিভাগে পুনৰ ১ মে’ৰ পৰা ২৮ মে’লৈ এক বিশেষ জনসেৱা কাৰ্যসূচী গ্ৰহণ কৰিছে ।
এই সন্দৰ্ভত ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে, বিগত সময়ত ৰাজ্যৰ পৰিবহণ বিভাগত প্ৰায় সকলো সেৱা সংস্পৰ্শ বিহীনভাৱে উপলব্ধি কৰাৰ পিচত যান-বাহনৰ গৰাকীসকল যথাৰ্থতে উপকৃত হৈছে । এই সুবিধাৰ ফলত বিভাগৰ কাৰ্যালয়লৈ যোৱা সময় ৰাহি হোৱাৰ উপৰিও বাহনৰ গৰাকীয়ে আৰ্থিকভাৱেও সকাহ পাইছে ।
কিন্তু বহু ব্যক্তিয়ে কাৰিকৰী অজ্ঞতাৰ বাবে ঘৰতে বহি অনলাইন সেৱা লাভত সমস্যাত পৰিছে । ইফালে বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ কৰ-কাটল পৰিশোধ কৰিব নোৱাৰাৰ বাবেও বাহনৰ নথি-পত্ৰসমূহ উন্নিত কৰিব পৰা নাই । সেয়ে এনেধৰণৰ সমস্যাৰ লগতে বিশেষভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দল বাহনৰ গৰাকীৰ ঘৰত অথবা কাৰ্যালয়ত উপস্থিত হৈ সমস্যাৰ সমাধান কৰিব ।
তদুপৰি অনান্য বাহনৰ গৰাকী, উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থা আদিয়েও নিজৰ অসুবিধা ফোনযোগে অৱগত কৰিলে পৰিবহণ বিভাগৰ সহায়কাৰী বিষয়াৰ দলে যান-বাহন বিষয়ক সাম্ভাব্য সকলো সমস্যা যেনে বীমা, ফিটনেছ, পাৰ্মিট, প্ৰদূষণ আৰু বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধৰ প্ৰমাণপত্ৰৰ ব্যৱস্থা কৰি দিব ।
একেদৰে জিলা পৰিবহণ বিষয়াৰ বেতকুছিস্থিত কাৰ্যালয়ত বিশেষভাৱে সাজু কৰা কৰ্মচাৰীৰ দলে বাহনৰ গৰাকীৰ বিভিন্ন ওজৰ-আপত্তি ততালিকে নিষ্পত্তি কৰিব । এই সুবিধা গ্ৰহণৰ বাবে ইচ্ছুক লোকক ৯৫৭৭৯৯২১৫৩, ৮০১১৩৩৩০১৩, ৮৮২২৭৫৫৭৩৮, ৯১২৭২০৬৮০৩ নম্বৰত ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ৫ বজাৰ ভিতৰত যোগাযোগ কৰিবলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ পৰা আহ্বান জনাইছে ৷
এই জনসেৱা কাৰ্যসূচীৰ জৰিয়তে যান-বাহন ব্যৱহাৰকাৰীৰ সৈতে পৰিবহণ বিভাগৰ সম্পৰ্ক আৰু সুদৃঢ় কৰাৰ লগতে সকলোৰে সহযোগত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে ৷