ETV Bharat / state

১৭ ঘণ্টাৰ পিছত পুনৰ লামডিং-বদৰপুৰ পাহাৰ লাইনত ৰে'ল চলাচল আৰম্ভ

লোকমান্য তিলক এক্সপ্ৰেছ ৰে’ল লাইনৰ পৰা আঁতৰি যোৱাত বন্ধ হৈ পৰিছিল লামডিং-শিলচৰ পাহাৰ লাইনত ৰে’লৰ চলাচল ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Agartala Lokmanya Tilak Express
১৭ ঘণ্টাৰ পিছত পুনৰ লামডিং-বদৰপুৰ পাহাৰ লাইনত ৰে'ল চলাচল আৰম্ভ (ETV Bharat Assam)

হাফলং: ডিমা হাছাও জিলাৰ দিবালং ৰে’ল ষ্টেচনৰ ক্ৰছিং পইন্টত বৃহস্পতিবাৰে বিয়লি লোকমান্য তিলক এক্সপ্ৰেছ ৰে’লৰ ইঞ্জিনসহ সাতটা দবা আৰু এটা পাৱাৰ ভেন লাইনচ্যুত হোৱাত লামডিং-শিলচৰ পাহাৰ লাইনত ৰে’লৰ চলাচল ব্য়াহত হয় । এই ৰে’ল দুৰ্ঘটনাৰ ফলত কোনো লোক আহত বা নিহত হোৱা নাই যদিও যাত্ৰীসকলে সমস্য়াৰ সন্মুখীন হ'বলগীয়া হয় । অৱশ্য়ে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ তৎপৰতাত শুকুৰবাৰৰ পৰা পুনৰ ৰে'ল চলাচল স্বাভাৱিক হৈছে ।

লামডিং-বদৰপুৰ পাহাৰ লাইনত পুনৰ ৰে'ল চলাচল স্বাভাৱিক হৈছে । আজি পুৱা ১০ বজাত ৰে'ল লাইন মেৰামতি কৰি উত্তৰ পূব সীমান্ত ৰে'লৰ ইঞ্জিনীয়াৰিং বিভাগে ট্ৰেক চাৰ্টিফিকেট দিয়াৰ পিছতে পাহাৰ লাইনত পুনৰ ৰে'ল চলাচল স্বাভাৱিক হৈছে । উত্তৰ পূৱ সীমান্ত ৰে'ল কৰ্তৃপক্ষই ট্ৰেক চাৰ্টিফিকেট দিয়াৰ পিছতে পুৱা ১০ বজাত 12503 বেংগালুৰু-আগৰতলা হামচফৰ এক্সপ্ৰেছ যাত্ৰীবাহী ৰে'ল দুৰ্ঘটনাস্থলী দিবালং ষ্টেচন পাৰ হৈ যোৱা বুলি সদৰী কৰিছে উত্তৰ পূব সীমান্ত ৰে'লৰ মুখ্য জনসংযোগ বিষয়া কে কে শৰ্মাই ।

লগতে পঢ়ক:ডিমা হাছাওত দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ

উল্লেখ্য় যে বৃহস্পতিবাৰে বিয়লি ৪.২০ বজাত 12520 নম্বৰৰ আগৰতলা-মুম্বাই ছত্ৰপতি শিৱাজী টাৰ্মিনাছ লোকমান্য তিলক এক্সপ্ৰেছ লামডিং ডিভিজনৰ অধীনত ডিমা হাছাও জিলাৰ দিবালং ৰে'ল ষ্টেচনৰ ক্ৰ'ছিং পইন্টত দুৰ্ঘটনাত পতিত হৈছিল । লোকমান্য তিলক এক্সপ্ৰেছ ৰে'ল গাড়ীখনৰ ইঞ্জিন-পাৱাৰ ভেনসহ ৭ টা দবা লাইনচ্যুত হোৱাৰ বাবে ১৭ ঘণ্টা পাহাৰ লাইনত ৰে'ল চলাচল বন্ধ হৈ আছিল । কাৰ ভুলৰ বাবে এনে দুৰ্ঘটনা সংগঠিত হ’ল তাকে লৈ অনুসন্ধান আৰম্ভ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ।

লগতে পঢ়ক:লোকমান্য তিলক এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হোৱাৰ প্ৰকৃত কাৰণসমূহ কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.