ETV Bharat / state

হৃদয়বিদাৰক: বাগিচাত পাত তুলি থাকোতেই জন্ম দিলে অপৈনত সন্তান - Tragic Incident

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 9:06 PM IST

Poor health service in Tinsukia : ডুমডুমাৰ চামডাং চাহ বাগিচাত সংঘটিত এক ঘটনাই প্ৰতিফলিত কৰিছে আশাকৰ্মীৰ অৱহেলাৰ ছবিখন । আশাকৰ্মীয়ে হিচাপ নাৰাখে গৰ্ভৱতী মহিলাৰ ।

Poor health service in Tinsukia
কৰ্মস্থলীত জন্ম দিলে সন্তান (Etv Bharat Assam)

তিনিচুকীয়া, ৩০ আগষ্ট: বিকশিত অসমৰ শ্লোগানক যেন একপ্ৰকাৰে ভেঙুচালি কৰিছে ৰাজ্যখনৰ বিয়াগোম স্বাস্থ্য বিভাগে । বিশেষকৈ ৰাজ্য়ৰ চাহ বাগিচা অঞ্চলত এতিয়াও উপযুক্ত সজাগতাৰ অভাৱত গৰ্ভৱতী মহিলাসকলে বিভিন্ন ধৰণৰ সমস্য়াৰ সন্মুখীন হৈ আহিছে । আশাকৰ্মীসকলক নিযুক্তি দিয়া হৈছে যদিও তেওঁলোকেও এইক্ষেত্ৰত গাফিলতি কৰাৰ ছবি এখন ফুটি উঠিছে । আজি ইয়াৰেই স্পষ্ট ছবি এখন প্ৰতিফলিত হ'ল ডুমডুমাৰ চামডাং চাহ বাগিচাত ।

চামডাং চাহ বাগিচাত ঘটিল এই ঘটনাটো :

স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপটো পুনৰ উদঙালে ডুমডুমাৰ চামডাং চাহ বাগিচাত সংঘটিত এই হৃদয়বিদাৰক ঘটনাই । এগৰাকী মহিলাই বাগিচাখনত পাত ছিঙি থকা সময়তে জন্ম দিয়ে এটি অপৈনত সন্তান । চামডাং চাহ বাগিচাৰ এগৰাকী স্থায়ী শ্ৰমিক তথা ২৩ বছৰীয়া মহিলাই নিজ কৰ্মস্থলীত পাত ছিঙি থকাৰ সময়তে জন্ম দিয়ে এই অপৈনত সন্তানটো । চাহ বাগিচাৰ পাত-বন আৰু ধূলি-মাটিৰে লুটুৰি-পুতুৰি পুত্ৰ সন্তানটিক ততালিকে বাগিচাৰ চিকিৎসালয়লৈ নিয়া হয় । তাত চিকিৎসা প্ৰদান কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে চাহ বাগিচাখনৰ চিকিৎসক-নাৰ্ছে । কিন্তু আধাবাটতে মৃত্যু হয় নৱজাতকৰ ।

এই সন্দৰ্ভত কি কয় চিকিৎসাকৰ্মীয়ে ?

এই সন্দৰ্ভত বাগিচা চিকিৎসালয়ৰ চিকিৎসাকৰ্মীয়ে কয়,"মহিলাগৰাকী গৰ্ভৱতী থকা সন্দৰ্ভত কোনো লোক অৱগত নাছিল । প্ৰায় ৫ মাহৰ অন্তঃসত্বা মহিলাগৰাকীয়ে বাগিচাত পাত ছিঙি থকা অৱস্থাতে সন্তান প্ৰসৱৰ দৰে ঘটনা সংঘটিত হয় ।"

ৰাজ্য়ৰ সকলো ঠাইতে আশাকৰ্মীসকলক নিযুক্তি দিয়া হৈছে গৰ্ভৱতী মহিলাসকলক বিভিন্ন ক্ষেত্ৰত সহায় কৰিবলৈ । কোনো এগৰাকী মহিলা গৰ্ভৱতী হোৱাৰ পিছতেই আশাকৰ্মীয়ে তেওঁৰ বিষয়ে ওচৰৰ চিকিৎসালয়ত অৱগত কৰিব লাগে । ডুমডুমাৰ চামডাং চাহ বাগিচাৰ এইগৰাকী মহিলা গৰ্ভৱতী হোৱাৰ বিষয়ে কোনো আশাকৰ্মীয়ে অৱগত কৰা নাছিল বাগিচা কৰ্তৃপক্ষক । বাগিচা অঞ্চলত যে এতিয়াও সজাগতাৰ অভাৱ এই ঘটনাই তাকেই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ: মোবাইলৰ টৰ্চ জ্বলাই ৰোগীক চিকিৎসা এইখন চৰকাৰী হাস্পতালত - Assam Govt health services

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভেজাল ঔষধ - Duplicate Medicine

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.