ETV Bharat / state

লক আপৰ পৰা নিশাই কিয় চিকিৎসালয়লৈ নিয়া হ’ল চুমী-তাৰ্কিকক ? - Assam Trading Scam

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 12:34 PM IST

Assam Trading Scam: আৰক্ষীৰ জিম্মাত থকা চুমী, স্বামী তাৰ্কিক আৰু ভাতৃ অম্লান পেটৰ সমস্যাত ভুগিছে ! মাজনিশা অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় তেওঁলোকক । অৱশ্যে স্বাস্থ্য পৰীক্ষাৰ অন্তত পুনৰ আৰক্ষীয়ে লৈ যায় তিনিওকে ।

Assam Trading Scam
গেছ-বদহজমৰ সমস্যাত ভুগিছে চুমী-তাৰ্কিক (ETV Bharat)

মৰাণ, ১৬ ছেপ্টেম্বৰ : ট্ৰেডিং কেলেংকাৰীক লৈ ৰাজ্যজুৰি বিতৰ্ক অব্যাহত আছে । সম্প্ৰতি এই কেলেংকাৰীৰ মূল অভিযুক্ত বিশাল ফুকন কাৰাগাৰত বন্দী হৈ আছে । একেদৰে বিশালৰ মূল সহযোগী অভিনেত্ৰী তথা কৰিঅ'গ্ৰাফাৰ চুমী বৰা আৰু ফটোগ্ৰাফাৰ তাৰ্কিক ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আছে ।

তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে । আৰক্ষীয়ে দিনে নিশাই তেওঁলোকক জেৰা অব্যাহত ৰাখিছে । তাৰ মাজতে দেওবাৰে মাজনিশা হঠাৎ চুমী, তাৰ্কিক আৰু অম্লানক লৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় আৰক্ষীৰ এটা দল ।

  • চুমী, তাৰ্কিক আৰু অম্লানৰ পেটৰ সমস্যা

বৃহস্পতিবাৰৰ পৰা আৰক্ষীৰ জিম্মাত থকা চুমী আৰু তাৰ্কিকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । জেৰাৰ মাজতে মাজনিশা প্ৰায় ১.২০ বজাত চুমী, তাৰ্কিক আৰু অম্লানক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় । কটকটীয়া নিৰাপত্তাৰ মাজত তেওঁলোকক হাস্পতাললৈ লৈ যোৱা হয় ।

সূত্ৰৰ মতে, তিনিওগৰাকীয়ে অসুস্থতাৰ কথা তদন্তকাৰী বিষয়াক অৱগত কৰিছিল । তাৰ পাচতে অসম চিকিৎসা মহাবিদ্যালয়ত জৰুৰীকালীন বিভাগত তিনিওকে ভৰ্তি কৰোৱা হয় । স্বাস্থ্য পৰীক্ষাৰ অন্তত পুনৰ আৰক্ষীয়ে পুৱতি নিশা তেওঁলোকক লৈ যায় । আৰক্ষীৰ সূত্ৰৰ মতে তেওঁলোকে সামান্য পেটৰ সমস্যাত (গেছ-বদহজম) ভুগি আছিল ।

  • জেৰা অব্যাহত

অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা অনাৰ পাচতো পুৱালৈকে চুমী, তাৰ্কিক আৰু অম্লানক চিআইডিৰ অধীক্ষক সুধাকৰ সিংসহ তদন্তকাৰী আৰক্ষীৰ দলে মাৰাথন জেৰা অব্যাহত ৰাখে । জানিব পৰা মতে, তেওঁলোকক পৃথকে পৃথকে জেৰা চলোৱাৰ ভিডিঅ'গ্ৰাফীও কৰা হৈছে । মঙলবাৰে চুমী আৰু তাৰ্কিকৰ আৰক্ষীৰ জিম্মাৰ অন্ত পৰিব । সেয়ে কাইলৈ পুনৰ আৰক্ষীয়ে দুয়োকে আদালতত হাজিৰ কৰাব ।

দুয়োকে আৰক্ষীয়ে পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে । লগতে বিশাল ফুকনকো ডিব্ৰুগড় কাৰাগাৰৰ পৰা পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত ল'বলৈ প্ৰস্তুতি চলাই আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :ট্ৰেডিং কেলেংকাৰী; ভুৱা প্ৰচাৰৰ বলি হ'ল নেকি জ্যেষ্ঠ চিকিৎসক ? - Assam Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.