ETV Bharat / state

৫৩ বছৰত অসমত চিনাক্ত ১,৫৯,৩৫৩ অবৈধ বিদেশী: বিধানসভাত মুখ্যমন্ত্ৰীৰ তথ্য - Assam Assembly Autumn session 2024

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 3:11 PM IST

Updated : Aug 23, 2024, 3:40 PM IST

Data of Identified Foreigners in Assam : ১৯৭১ চনৰ ২০২৩ চনলৈকে অসমত ১,৫৯,৩৫৩ গৰাকী বিদেশী চিনাক্ত ৷ ৪৩ বছৰত ২০,৬১৩ গৰাকী হিন্দু আৰু ২৭,৩০৯ গৰাকী মুছলমান বিদেশী চিনাক্ত ।

Data of Identified Foreigners in Assamarat
জিলাভিত্তিক চিনাক্তকৰণ হোৱা বিদেশীৰ সংখ্যাarat (ETV Bharat Assam)

গুৱাহাটী, ২৩ আগষ্ট : ১৯৮৫ চনত অসমৰ পৰা বিদেশী খেদাৰ মূল উদ্দেশ্যৰে স্বাক্ষৰিত অসম চুক্তিৰ ভিত্তিত ১৯৭১ চনৰ পিচত কিমানজন বিদেশীৰ অসমত অনুপ্ৰৱেশ ঘটিল আপুনি জানেনে ? এই প্ৰসংগত ১৯৭১ চনৰ পৰা ২০১৪ চনলৈ অসমত কিমানসংখ্যক অবৈধ বিদেশী চুবুৰীয়া বাংলাদেশ বা আন দেশৰ পৰা অনুপ্ৰৱেশ ঘটিছে সেই তথ্য ধৰ্মৰ ভিত্তিত সদৰী কৰিছে অসম চৰকাৰে ৷

ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ মজিয়াত সদৰী কৰা মতে, ১৯৭১ চনৰ পৰা ২০২৩ চনৰ ৩১ ডিচেম্বৰলৈকে অসমত ১,৫৯,৩৫৩ গৰাকী বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা চিনাক্ত কৰা হৈছে ৷ আনহাতে, ১৯৭১ চনৰ পৰা ২০১৪ চনৰ ভিতৰত অসমত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা নিৰ্ণয় হোৱা অবৈধ অনুপ্ৰৱেশকাৰীৰ সংখ্যা ৪৭,৯২৮ গৰাকী ।

এই ৪৩ বছৰত অসমলৈ অনুপ্ৰৱেশ কৰা বুলি নিৰ্ণয় হোৱা এই ৪৭,৯২৮ গৰাকী বিদেশী লোকৰ ২০,৬১৩ গৰাকী লোক হিন্দু ধৰ্মৰ । ইয়াৰ বিপৰীতে ২৭,৩০৯ গৰাকী মুছলিম আৰু ৬ গৰাকী আন ধৰ্মৰ ৷ যদিহে এই সময়ছোৱাৰ অবৈধ বিদেশীৰ শতাংশ উলিওৱা যায়, তেন্তে ইয়াৰে ৪৩ শতাংশ হিন্দু আৰু ৫৬.৯ শতাংশ মুছলিম বিদেশী লোকৰ অসমলৈ অনুপ্ৰৱেশ ঘটিছে ।

উল্লিখিত সময়ছোৱাত ৰাজ্যত গঠিত বিদেশী ন্যায়াধিকৰণে এই লোকসকলক বিদেশী বুলি ঘোষণা কৰিছিল । উল্লেখ্য যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ অংশীদাৰ দল অগপৰ বিধায়ক পোনাকণ বৰুৱাৰ এক প্ৰশ্নৰ উত্তৰত সদনত এই তথ্য সদৰী কৰে ৷

Data on Identified Foreigners in Assam
বিধানসভাত প্ৰদান কৰা মুখ্যমন্ত্ৰীৰ লিখিত উত্তৰ (ETV Bharat Assam)

অসমৰ কোন জিলাত কিমান বিদেশী ?

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া তথ্য অনুসৰি, ১৯৭১ চনৰ পৰা ২০১৪ চনলৈকে বিদেশী ন্যায়াধিকৰণে ৪৭,৯২৮ গৰাকী ব্যক্তিক বিদেশী ঘোষণা কৰে । এই লোকসকলৰ ভিতৰত ৰাজ্যখনৰ বৰাক উপত্যকাৰ কাছাৰ জিলাত বিদেশীৰ সংখ্যা সৰ্বাধিক । এই ৪৩ বছৰত কাছাৰত সৰ্বমুঠ ১০,১৫২ গৰাকী লোকক ন্যায়াধিকৰণে চালি-জাৰি চাই বিদেশী ঘোষণা কৰে । কাছাৰ জিলাত বিদেশী ঘোষিত ১০,১৫২ জন লোকৰ ভিতৰত ৮,১৩৯ গৰাকী হিন্দু আৰু ২,০১৩ গৰাকী মুছলিম বুলি অসম চৰকাৰৰ তথ্যত প্ৰকাশ ৷

ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি বিদেশী ন্যায়াধিকৰণে ১৯৭১ চনৰ পৰা ২০১৪ চনৰ ভিতৰত অবৈধ অনুপ্ৰৱেশকাৰী ঘোষণা কৰা আন আন উল্লেখযোগ্য জিলাৰ বিদেশীৰ সংখ্যা

জিলা হিন্দুৰ সংখ্যামুছলমানৰ সংখ্যামুঠ ঘোষিত বিদেশী
লখিমপুৰ ১৫৭৫ ১৭১০ ৩২৮৪
ডিব্ৰুগড় ১০৩৮ ২৮২৯ ৩৮৬৭
বৰপেটা ৫৭৪ ৩৯১ ৯৫৫
গোৱালপাৰা ৪৬৭৯৯৫ ১৪৬২
হোজাই ৯৭১ ২১০০ ৩০৭১
যোৰহাট ১০৭ ৪১৮২ ৪২৮৯
মৰিগাঁও ৮১১ ১১৭২ ১৯৮৩
নগাঁও ৯৪৫ ২০৮৩ ৩০২৮
ধুবুৰী ১৬ ২০ ৩৬

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা তথ্যত দেখা গৈছে যে এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে কামৰূপ (মহানগৰ) জিলা । কামৰূপ (মহানগৰ) জিলাত মুঠ ৬,৭৮১ গৰাকীক বিদেশী ন্যায়াধিকৰণে এই কালছোৱাত বিদেশী ঘোষণা কৰে ৷ কামৰূপৰ (মহানগৰ) এই বিদেশীঘোষিত লোকসকলৰ ভিতৰত ২,৮৮৪ গৰাকী হিন্দুৰ বিপৰীতে ৩,৮৯৭ গৰাকী মুছলমান বিদেশী ৷

Data of Identified Foreigners in Assam
জিলাভিত্তিক চিনাক্তকৰণ হোৱা বিদেশীৰ সংখ্যা (ETV Bharat Assam)

উল্লেখযোগ্য যে অসমৰ পৰা বিদেশী বিতাড়নৰ বাবে চলা সুদীৰ্ঘ অসম আন্দোলনৰ পিছত ১৯৮৫ চনত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ত্ৰিপাক্ষিকভাৱে স্বাক্ষৰিত হৈছিল ঐতিহাসিক অসম চুক্তি ৷ এই চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশা পৰ্যন্ত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলোৱা আৰু বিতাড়নৰ চূড়ান্ত তাৰিখ আছিল ৷ সেই অনুসৰিয়েই পৰৱৰ্তী সময়ত গঠিত হোৱা বিদেশী ন্যায়াধিকৰণ সমূহৰ জড়িয়তে অসমত বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি— ২০২৩ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা মুঠ ৩,৩৭,১৮৬ টা গোচৰ সমাধান কৰা হৈছে। এতিয়াও বিদেশী ন্যায়াধিকৰণত ৯৬,১৪৯ টা অবৈধ অনুপ্ৰৱেশকাৰীৰ গোচৰ চলি আছে।

লগতে পঢ়ক: ২০২৪ ৰ জানুৱাৰীৰ পৰা জুলাইলৈ ৫০০ ৰো অধিক হত্যাকাণ্ড: তথাপিও অসম শান্তিময় নে ? - Crime rate in Assam

নাবালিকা ধৰ্ষণকাৰীক 20 বছৰৰ কাৰাদণ্ড আদালতৰ - Imprisonment to rapist

Last Updated : Aug 23, 2024, 3:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.