মেষ ৰাশি : গণেশৰ কৃপাত দিনটো শুভ ৷ কামৰ সংক্ৰান্ত বাহিৰলৈ যাব লাগিব পাৰে ৷ নতুন কাম আৰম্ভ কৰিব, ভৱিষ্যতে লাভ হ’ব ৷ হঠাতে হোৱা সাল-সলনিয়ে কামৰ ধাৰা সলনি কৰিব আৰু সিদ্ধান্ত লওঁতে সময়ৰ প্ৰয়োজন হ’ব ৷ কাৰো লগত অযথা তৰ্ক বিতৰ্ক নকৰিব, বিশেষকৈ মহিলাৰ লগত ৷
বৃষ ৰাশি : শান্ত থাকিবলৈ চেষ্টা কৰক ৷ অশান্ত মনে বিপদত পেলাব পাৰে ৷ সাহিত্যিক আৰু কলাৰ লগত জড়িতসকলৰ বাবে বহু সুযোগ লাভ কৰিব ৷ ভ্ৰমণ বাতিল কৰক ৷
মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ ভাল খাদ্য গ্ৰহণৰ সুযোগ ৷ বজাৰ কৰাৰ আনন্দ লাভ কৰিব ৷ ভাল কাপোৰ আৰু অলংকাৰ কিনাৰ সময় ৷ অৱশ্যে খৰচৰ মাত্ৰা আয়তকৈ বেছি হ’ব ৷ পৰিয়াল, বন্ধু আৰু সহকৰ্মীৰ পৰা সহযোগিতাত লাভ কৰিব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷
কৰ্কট ৰাশি : দিনটো মধ্যমীয়া ৷ কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে কিছু অপেক্ষা কৰক ৷ কথা কওঁতে সাৱধান হওক নহ’লে পৰিয়ালৰ লোকৰ লগত মতভেদ হ’ব পাৰে ৷ শৰীৰৰ বিশেষভাৱে যত্ন লওক ৷ সম্পত্তি আৰু সন্মান কিছু ক্ষতি হোৱাৰ সম্ভাৱনা, সাৱধানতা অৱলম্বন কৰক ৷
সিংহ ৰাশি : সৌভাগ্যশালী দিন ৷ বিশেষকে মহিলা বন্ধুৰ পৰা সহায় লাভ কৰিব ৷ প্ৰিয়জনৰ লগত বা বন্ধুৰ লগত সুন্দৰ ঠাইলৈ ফুৰিবলৈ যাব পাৰে ৷ লক্ষ্মীদেৱী সুপ্ৰসন্ন থাকিব ৷ সম্পত্তি ক্ৰয়ৰ যোগ আছে ৷ ব্যৱসায়ত উন্নতি ৷
কন্যা ৰাশি : দিনটো শুভ ৷ চাকৰি বা ব্যৱসায়ত প্ৰচুৰ উন্নতি হ’ব ৷ নতুন কাম আৰম্ভ কৰাৰ সঠিক সময় ৷ পদোন্নতি আৰু ধন লাভ হ’ব ৷ গ্ৰহৰ দশা অতি ভাল ৷ ব্যক্তিগত বিষয়ত পিতৃৰ পৰা লাভ পাব ৷ ঘৰুৱা শান্তিৰ সময় ৷ দিনটো সুকলমে পাৰ হ’ব ৷
তুলা ৰাশি : ভাল দিন ৷ ব্যৱসায়ত লাভ হ’ব ৷ সহকৰ্মীৰ পৰা সহযোগিতাৰ অভাৱ দেখা যাব ৷ তীৰ্থ ভ্ৰমণৰ যোগ ৷ কিছু সময়ত সম্পূৰ্ণৰূপে ভাগৰুৱা অনুভৱ কৰিব পাৰে, কিন্তু কলাসন্মত আলোচনাই পুনৰ সজিব কৰি তুলিব ৷ শৰীৰৰ যত্ন লওক ৷ বিদেশৰ পৰা অহা ভাল খবৰে আনন্দিত কৰি তুলিব ৷
বৃশ্চিক ৰাশি : দিনটো শান্তিপূৰ্ণভাৱে আৰম্ভ কৰিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে যদি অলপ দিন পিচুৱাই দিয়ক, কাৰণ গ্ৰহ আপোনাৰ পক্ষত নাই ৷ বহুত পৰিমাণৰ ধন হানি হ’ব পাৰে, গতিকে সঞ্চয় কৰাৰ ওপৰত গুৰুত্ব দিয়ক ৷ চৰকাৰী কাম-কাজত পলম হ’ব ৷
ধনু ৰাশি : দিনটো শুভ ৷ গ্ৰহৰ স্থান ভাল ৷ বিচৰা সকলো লাভ কৰিব ৷ সাংস্কৃতিক কাম-কাজত ভালফল লাভ কৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে, আনন্দিত হ’ব ৷
মকৰ ৰাশি : ব্যৱসায়ীসকলৰ বাবে লাভজনক দিন ৷ ঘৰৰ পৰা কাম কৰা সকলৰ বাবে ভাল সময় ৷ ব্যক্তিগতভাৱে সুখী অনুভৱ কৰিব ৷ সকলো কাম পৰিকল্পনা মতে হ’ব ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ ধনৰ আগমন হ’ব৷ ব্যৱসায়ত অলপ সময় দিয়ক ৷ ঘৰুৱা পৰিৱেশ ভাল ৷
কুম্ভ ৰাশি : কলা আৰু কাৰ্যক্ষমতা দেখুওৱাৰ উপযুক্ত সময় ৷ গঠনমূলক আলোচনাই আপোনাক দিনটো ব্যস্ত কৰি ৰাখিব ৷ প্ৰচুৰ ধনাগমন হ’লেও খৰচৰ মাত্ৰাও বৃদ্ধি হ’ব ৷ গেছৰ সমস্যাই দেখা দিব পাৰে ৷
মীন ৰাশি : নিজকে কম কৰ্যক্ষম যেন অনুভৱ কৰিব ৷ মানসিক আৰু শাৰীৰিক অৱস্থা অনুন্নত ৷ পৰিয়ালৰ লগত বিতৰ্ক হ’ব পাৰে ৷ ধনৰ ওপৰত চকু ৰাখক ৷ চাকৰিয়াল জীৱনত লোকচান হ’ব পাৰে ৷