ETV Bharat / state

বাৰিষাৰ বতৰত টাৱাঙলৈ যোৱাটো সম্ভৱনে ? যদি যায় কি কৰিব - Tourist Destination Tawang

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 9:48 PM IST

Tawang Visit Tips : প্ৰকৃতিৰ ৰম্যভূমি টাৱাং । প্ৰতিগৰাকী পৰ্যটকক হাত বাউলি মাতি থাকে টাৱাঙৰ সৌন্দৰ্যই । টাৱাং- 'টা’ মানে ‘ঘোঁৰা’ আৰু ‘ৱাং’ মানে ‘নাল’ ৷ অৰ্থাৎ ঘোঁৰাৰ নাল । গতিকে টাৱাং শব্দটোৰ অৰ্থ হৈছে ঘোঁৰাৰ দ্বাৰা নিৰ্বাচিত । কিন্তু এই ঠাইলৈ বাৰিষাকালত কেনেদৰে যাব ? এই বিষয়ে জানিবৰ বাবে চাওক ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন ।

Tawang Visit Tips
বাৰিষাৰ বতৰত টাৱাঙলৈ যোৱাটো সম্ভৱনে ? (ETV Bharat Assam)

তেজপুৰ, ১৬ জুলাই : গ্ৰীষ্মকালীন বন্ধত আপুনি উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড তথা অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ যোৱাৰ কথা ভাবিছে নেকি ? যদি ভাবিছে কি কৰিব ? যাতায়াতৰ বাবে কিমান সুৰক্ষিত যাত্ৰাপথ ? ক'ৰ পৰা কেনেকৈ যাব ?

বৰ্তমান বাৰিষাৰ বতৰ । উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে এতিয়া বৰষুণ । আনহাতে, এই বৰষুণৰ ফলত প্ৰাকৃতিক দুৰ্যোগ যেনে অত্যধিক ভূমিস্খলনৰ ঘটনাৰ খবৰ ইতিমধ্যে প্ৰকাশ পাই আহিছে । কিন্তু এই বতৰতো যদি আপুনি টাৱাঙৰ অপৰূপ প্ৰাকৃতিক পৰিৱেশৰ মাজত নিজক বিলীন কৰাৰ কথা চিন্তা কৰিছে, তেন্তে এই সন্দৰ্ভত কিছু নিৰ্দেশনা আপোনাৰ বাবে ।

তেজপুৰ চহৰৰ পৰা টাৱাঙলৈ প্ৰায়ে পুৱা যাতায়াতৰ বাবে চুমু গাড়ী চলাচল কৰে । ভালুকপুং-টাৱাং সংযোগী পথত এইবাৰ প্ৰায়ে ভূমিস্খলনৰ ফলত মূল পথটো কেইবাবাৰো বন্ধ হৈ আছিল যদিও পৰৱৰ্তী সময়ত সীমান্ত পথ সুৰক্ষা সংস্থাৰ দ্বাৰা মুকলি কৰা হয় ।

ভ্ৰমণৰ উপযুক্ত সময়

পৰ্যটন উদ্যোগৰ লগত জড়িত বিভিন্ন বিভাগ বা অন্যান্যই কয় যে টাৱাং ভ্ৰমণৰ বাবে অক্টোবৰ মাহৰ শেষৰ পৰা মে' মাহৰ শেষলৈকে উৎকৃষ্ট সময় । প্ৰকৃততে এইটো সঁচা কথা । কাৰণ বাৰিষাৰ অত্যধিক বৰষুণৰ বাবে সমগ্ৰ পথটো যাতায়াতৰ বাবে বিপদ সংকুল হৈ পৰে ।

পাহাৰৰ ওপৰত অত্যধিক বৰষুণৰ ফলত প্ৰকাণ্ড শিল-বালি-মাটি খহি যিকোনো সময়তে পথ বন্ধ কৰি দিয়ে । অভিজ্ঞ চালক আৰু গাড়ী- দুয়োটা এই পথটোৰ বাবে অতিকৈ জৰুৰী ।

টাৱাঙলৈ যোৱাৰ পূৰ্বে কি ব্যৱস্থা গ্ৰহণ কৰিব

প্ৰথমতে আপুনি বতৰ বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত নিৰ্দেশনাসমূহ ভালদৰে অধ্যয়ন কৰি লওক । লগতে এই সন্দৰ্ভত অভিজ্ঞতা সম্পন্ন চালকৰ পৰা ভালদৰে পৰামৰ্শ লওক । পৰৱৰ্তী সময়ত আপুনি যাত্ৰা আৰম্ভ কৰক । ট্ৰেভেল এজেন্সী পৰিচালকসকলৰ মতে, তেজপুৰ ৰাজ্যিক পৰিবহণ নিগম আস্থানৰ পৰা প্ৰত্যেকদিনা পুৱা টাৱাঙলৈ চুমু চলাচল কৰে ।

যদি পথত কিবা কাৰণত ভূমিস্খলনৰ দৰে খবৰ পোৱা যায়, তেন্তে পথৰ দাঁতিত থকা বিভিন্ন হোটেললৈ উভতি আহি জিৰণি লোৱাৰ ব্যৱস্থা আছে বুলি ট্যুৰ অপাৰেটৰসকলে জানিবলৈ দিয়ে । আনহাতে, কোনো সময়ত দুদিন বা চাৰিদিন পৰ্যন্ত পথ বন্ধ হৈ থাকে যদিও সেই সময়ত প্ৰয়োজনীয় ব্যৱস্থা ট্ৰেভেল এজেন্সীসসমূহে কৰি দিয়ে । ইয়াৰ উপৰি যাত্ৰাপথত পূৰ্বৰ দৰে এতিয়া অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় ।

কোন কোন ঠাইত পথ বন্ধ

তেজপুৰ বালিপৰা হৈ ভালুকপুঙৰ পৰা যাত্ৰা আৰম্ভ কৰোঁতে পশ্চিম কামেং জিলাৰ টিপি আৰু জিৰো পইণ্টৰ সমীপত সঘনাই ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । এই জিৰো পইণ্টৰ পৰা চেপা অঞ্চললৈ যোৱাৰ সুবিধা আছে । চেপালৈ যোৱাৰ পথত বহু ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । পূৰ্বতে টেঙা অঞ্চলত পাহাৰৰ ওপৰৰ পৰা মাজে-সময়ে প্ৰকাণ্ড প্ৰকাণ্ড শিল বাগৰি পথ আবদ্ধ হৈ পৰিছিল যদিও পৰৱৰ্তী সময়ত এই পথ পুনৰ নিৰ্মাণ কৰাৰ ফলত বৰ্তমান যাতায়াত সুগম হৈ পৰে ।

টাৱাঙত কি পৰিদৰ্শন কৰিব

টাৱাঙৰ ঐতিহাসিক বৌদ্ধ মঠ সবাতোকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । বছৰৰ সকলো সময়তে পৰ্যটনৰ বাবে উপযোগী হৈছে এই মঠবোৰ । দেশ-বিদেশৰ হেজাৰ হেজাৰ পৰ্যটকৰ ইয়াত সদায় ভিৰ পৰিলক্ষিত হয় । বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় দীক্ষা আৰু ধৰ্মীয় শিক্ষানুষ্ঠান আছে ইয়াত ।

চাংগেষ্টৰ লে'ক

চাংগেষ্টৰ লে'ক টাৱাঙৰ পৰা প্ৰায় 60 কিলোমিটাৰ নিলগত এক সুন্দৰ ঠাই । বছৰৰ সকলো সময়তে ইয়াত অতিপাত ঠাণ্ডা । হ্ৰদৰ কাষত ভাৰতীয় সেনাৰ এটা শিবিৰ আছে আৰু তেওঁলোকে সকলো পৰ্যবেক্ষণ কৰে ।

বুমলা পাছ

ভাৰত-চীন সীমান্তৰ এটা সীমান্ত পোষ্ট । টাৱাং চহৰৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰত্ব । সীমান্তৰ সম্পূৰ্ণ এলেকা ভাৰতীয় সেনাৰ দখলত । পৰ্যটকৰ বাবে বিশেষ পৰিচয়-পত্ৰ দাখিল নকৰাকৈ ইয়াত প্ৰৱেশৰ অনুমতি অসম্ভৱ । দিনৰ ২ বজাৰ পূৰ্বে এই ঠাইৰ পৰা পৰ্যটকৰ দলে প্ৰস্থান কৰিব লাগিব ।

ইতিহাস

১৬৮১ চনত পঞ্চম দালাই লামা গাৱাং লবছাং গিয়াটছ’ৰ ইচ্ছা অনুসৰি মেৰা লামা লোৰড্ৰে গিয়াটছ’ই প্ৰতিষ্ঠা কৰা টাৱাং মঠটোৰ নামক কেন্দ্ৰ কৰি এক কিংবদন্তী আছে । ‘টা’ মানে ‘ঘোঁৰা’ আৰু ‘ৱাং’ মানে ‘নাল’ ৷ অৰ্থাৎ ঘোঁৰাৰ নাল । গতিকে টাৱাং শব্দটোৰ অৰ্থ হৈছে ঘোঁৰাৰ দ্বাৰা নিৰ্বাচিত ।

এটা কিংবদন্তী অনুসৰি, মঠটোক মেৰা লামা ল'ড্ৰে গ্যাটছ'ৰ মালিকানাধীন ঘোঁৰাটোৱে বাছি লৈছিল । ষষ্ঠ দালাই লামা ছাংয়াং গিয়াটছ’ৰ জন্ম হৈছিল টাৱাঙত । ঐতিহাসিকভাৱে টাৱাং তিব্বতৰ নিয়ন্ত্ৰণত আছিল । ১৯১৪ চনৰ ছিমলা সন্মিলনৰ সময়ত তিব্বত আৰু ব্ৰিটিছ ভাৰতে অসম হিমালয় অঞ্চলত নিজৰ উমৈহতীয়া সীমা নিৰ্ধাৰণ কৰি চুক্তি স্বাক্ষৰ কৰে, যিটো মেকমোহন লাইন নামেৰে পৰিচিত হয় ।

উল্লেখ্য, উত্তৰ-পূবৰ ৰাজ্যখনৰ সীমান্ত পশ্চিমে ভূটান, উত্তৰত তিব্বত আৰু দক্ষিণে ম্যানমাৰৰ সৈতে সংযুক্ত । ইয়াৰ লগতে চীনৰ সৈতেও সীমান্ত আছে আৰু ইয়াত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC) আছে, যিটো প্ৰচণ্ড প্ৰতিদ্বন্দ্বিতামূলক সীমান্তসমূহৰ ভিতৰত অন্যতম ।

ভাৰতে চীনৰ সৈতে ৩৪৮৮ কিলোমিটাৰ সীমাৰেখা ভাগ কৰে । অৰুণাচল প্ৰদেশ আৰু ছিকিম ৰাজ্যৰ কাষেৰে পূব খণ্ড, লাডাখৰ পশ্চিম খণ্ড আৰু উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ মধ্য খণ্ডৰ তিনিটা খণ্ডত বিভক্ত । অৱশ্যে বেইজিঙে এল এ চিক প্ৰায় ২০০০ কিলোমিটাৰ বুলিহে গণ্য কৰে ।

লগতে পঢ়ক :গোলকীয় মহাকাব্য : দক্ষিণ-পূব এছিয়াৰ ৰামায়ণ - Ramayana
লগতে পঢ়ক :আপুনিও ভ্ৰমণ কৰিব বিচাৰিছে নেকি উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড ? - Places to Visit in Northeast

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.