তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ জাগুনত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰি লৈ গ'ল ফেক্টৰীৰ কৰ্মচাৰীক । অসম-অৰুণাচল সীমান্তত অসম আৰক্ষী আৰু ভাৰতীয় সেনাই অভিযান অব্যাহত ৰাখিছে ।
অস্ত্ৰধাৰীয়ে কৰিলে অপহৰণ
আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপৰ নেতৃত্বত চলিছে এই অভিযান । ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "৫-৬ জনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰি লৈ গৈছে গৌতম বসুমতাৰী নামৰ কৰ্মচাৰীজনক । অপহৰণৰ সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে । আমি ফুটেজ সংগ্ৰহ কৰিছো আৰু কোন পথেৰে কৰ্মচাৰীজনক লৈ গৈছিল সেই তথ্যও লাভ কৰিছো । আমাৰ তদন্ত চলি আছে । অৰুণাচল অঞ্চলত আমাৰ দল প্ৰৱেশ কৰিছে আৰু সীমান্তৰ প্ৰস্থান পইণ্টবোৰ আমি ছীল কৰিম ।"
জানিব পৰা মতে, বুধবাৰে নিশা প্ৰায় ১০ মান বজাত জাগুনৰ ৰাধা চেতিয়া নামৰ লোক এজনৰ ফেক্টৰীৰ কৰ্মচাৰীজনক অস্ত্ৰধাৰী দলে অপহৰণ কৰি লৈ যায় । এই খবৰ লাভ কৰাৰ পিছতে ফেক্টৰীটোত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপ উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে ।
আলফা (স্বাধীন) জড়িত থকা সন্দেহ
ইফালে এই ঘটনাত কোন জড়িত আছে সেই সন্দৰ্ভত স্পষ্টকৈ উত্তৰ নিদিলেও আৰক্ষী অধীক্ষকগৰাকীয়ে কোনো বিদ্ৰোহী সংগঠন হ'ব পাৰে বুলি ইংগিত দিয়ে । তদন্তৰ পাছত হে সঠিককৈ জনাব পাৰিব বুলি তেওঁ সদৰি কৰে । ইফালে আলফা স্বাধীনৰ এটা দলৰ গতিবিধিৰ তথ্য আছিল বুলিও তেওঁ উল্লেখ কৰে ।
ফেক্টৰীটোৰ মালিক ৰাধা চেতিয়াক কোনোৱে ধনদাবী বা ভাবুকি দিয়াৰ তথ্য আছে নেকি বুলি সোধাত সেয়া তদন্তৰ পাছত হে জানিব পাৰিব বুলি তেওঁ উল্লেখ কৰে । ফেক্টৰীটোৰ কৰ্মচাৰী গৌতম বসুমতাৰীক অপহৰণকাৰী দলটোৱে লৈ যোৱাৰ সময়ত পৰিচালকগৰাকীকো লৈ গৈছিল, কিন্তু কিছুদূৰ যোৱাৰ পাছতে কিছু কাৰণত পৰিচালকগৰাকীক অপৰহণকাৰী দলটোৱে মুকলি কৰি দিয়ে । ইতিমধ্যে অঞ্চলটোত সেনা-আৰক্ষীৰ যুটীয়া দল অভিযান তীব্ৰতৰ কৰি তুলিছে ।