ETV Bharat / state

আৰক্ষীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ; তদন্ত ঘোষণা জিলা আৰক্ষী অধীক্ষকৰ - Policeman Demanding Money

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 10:37 AM IST

Extortion by police in Digboi: ডিগবৈত এগৰাকী আৰক্ষী জোৱানে গৰু কঢ়িয়াই নিয়া গাড়ীৰ পৰা ধন লোৱা বুলি উত্থাপিত অভিযোগৰ তদন্ত ঘোষণা জিলা আৰক্ষী অধীক্ষক অভিজিৎ গুৰৱ দিলিপৰ ৷ চ্যুকাফা চেতিয়াক ডিগবৈৰ পৰা মুখ্য কাৰ্যালয়লৈ বদলিৰ নিৰ্দেশ আৰক্ষী অধীক্ষকগৰাকীৰ ৷

tinsukia sp Abhijit Gurav announced investigation into police personnel accused of demanding money from a vehicle carrying cattle in digboi
আৰক্ষীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ: তদন্ত ঘোষণা জিলা আৰক্ষী অধীক্ষকৰ (ETV Bharat Assam)

তিনিচুকীয়া, 24 জুন : তিনিচুকীয়া জিলাৰ ডিগবৈত দেওবাৰে এখন গৰু কঢ়িয়াই নিয়া গাড়ীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ সন্দৰ্ভত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক অভিজিৎ গুৰৱ দিলিপে ৷ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ দ্বাৰা তৎকালীনভাৱে সমগ্ৰ ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে বুলি নিশা সামাজিক মাধ্যমৰ জৰিয়তে অৱগত কৰে ।

আৰক্ষীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ (ETV Bharat Assam)

সমগ্ৰ ঘটনাৰ তদন্তৰ সময়খিনিত ঘটনাৰ লগত জড়িত আৰক্ষী জোৱান চ্যুকাফা চেতিয়াক ডিগবৈৰ পৰা বদলি কৰি তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত জিলাৰ মুখ্য কাৰ্যালয়ত ৰখা হ’ব বুলিও অৱগত কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক: গৰু নিয়া গাড়ীৰ পৰা ধন দাবী কৰি ৰাইজৰ ৰোষত চ্যুকাফা চেতিয়া - Policeman Demanding Money

উল্লেখ্য যে, দেওবাৰে ডিগবৈৰ 1 নং বৰবিলত এখন গৰু কঢ়িয়াই নিয়া গাড়ী কৰ্তব্যৰত আৰক্ষী জোৱানজনে ৰখাই ধন সংগ্ৰহ কৰাৰ পাচতে যাবলৈ দিয়াৰ অভিযোগ তুলিছে প্ৰত্যক্ষদৰ্শীয়ে ৷ প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় ৰাইজে আৰক্ষী জোৱানগৰাকীক আৱদ্ধ কৰি ৰাখে ৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, গৰু কঢ়িয়াই নিয়া গাড়ীখনৰ পৰা ধন সংগ্ৰহৰ সময়ত আৰক্ষী জোৱানগৰাকীয়ে নিজৰ নাম ফলকখন এৰুৱাই লৈছিল আৰু 200 টকীয়া এখন আৰু 100 টকীয়া দুখন মুঠ 400 টকা সংগ্ৰহ কৰি যাবলৈ দিছিল গৰু কঢ়িওৱা গাড়ীখন ৷

ইফালে, আৰক্ষী জোৱানগৰাকীয়ে ধন লোৱাৰ বিষয়টো অস্বীকাৰ কৰে যদিও উপস্থিত ৰাইজে ধন লোৱাটো সত্য বুলি বাৰম্বাৰ দাবী কৰাত আৰক্ষী জোৱানগৰাকীয়ে ৰাইজৰ আগত তথা সংবাদ মাধ্যমৰ আগত ধন লৈছো বুলিও মন্তব্য কৰে আৰু শাৰীৰিক কোনো অসুবিধা হোৱাৰ বাবেই কৰ্তব্যৰ সময়ত নাম ফলক আঁতৰাই ৰাখিছিল বুলি উল্লেখ কৰে অভিযুক্ত আৰক্ষী জোৱান চ্যুকাফা চেতিয়াই ৷

লগতে পঢ়ক: প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ জালত 12 গৰু সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.