ETV Bharat / state

এই পূজা মণ্ডপত প্ৰৱেশ কৰিলে পঢ়িব লাগিব কুঁহিপাঠ ! - Tinsukia Unique Puja Pandal - TINSUKIA UNIQUE PUJA PANDAL

Tinisukia exceptional puja pandal : জীৱনৰ আদিপাঠ আৰম্ভ কৰা কুঁহিপাঠৰ আৰ্হিৰে এটা পূজা মণ্ডপ । মণ্ডপত প্ৰৱেশ কৰিব লাগিব মহান লেখক,সাহিত্যিকসকলৰ গ্ৰন্থৰ তলেৰে।

tinisukia exceptional puja pandal
তিনিচুকীয়াৰ পূজা মণ্ডপত কুঁহিপাঠ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2024, 12:15 PM IST

তিনিচুকীয়া, ৯ অক্টোবৰ: তিনিচুকীয়াৰ এটা বিশেষ পূজা মণ্ডপ যিটো মণ্ডপত প্ৰৱেশ কৰিলে আপুনি পঢ়িব লাগিব কুঁহিপাঠ। শিক্ষা জীৱনৰ আদিপাঠ আৰম্ভ কৰা কুঁহিপাঠ ৷ তিনিচুকীয়াৰ চহৰৰ কাষৰীয়া টিংৰাইহাবি দুৰ্গাপূজা কমিটীয়ে যুৱ-প্ৰজন্ম তথা শিশুসকলৰ কথা চিন্তা কৰি কুঁহিপাঠৰ আৰ্হিৰে নিৰ্মাণ কৰিছে দূৰ্গাপূজাৰ মণ্ডপ ।

টিংৰাইহাবিৰ পূজা মণ্ডপত প্ৰৱেশ কৰা লগে লগেই আপোনাৰ দৃষ্টি পৰিব ৰাজ্যৰ বহু গণ্যমান্য লেখক, সাহিত্যিকৰ গ্ৰন্থৰ ৷ সমান্তৰালভাৱে চকু পৰিব শিক্ষা জীৱনৰ আদিপাঠ আৰম্ভ কৰা কুঁহিপাঠ পাঠ্যপুথিখনৰ লগতে কুঁহিপাঠ পাঠ্যপুথিৰ ভিতৰভাগৰ পাঠ তথা পদ্যসমূহৰ । ক্ৰমান্বয়ে স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ, ১ ২ ৩ ৪ আৰু A B C D আদি ৷

তিনিচুকীয়াৰ পূজা মণ্ডপত কুঁহিপাঠ (ETV Bharat Assam)
  • ইতিবাচক বাৰ্তাৰে মণ্ডপ নিৰ্মাণ

টিংৰাইহাবি দূৰ্গাপূজাৰ উদ্যোক্তাসকলে সদৰী কৰা অনুসৰি প্ৰতিবছৰে কমিটীয়ে সমাজৰ বাবে বিশেষ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰি আহিছে । সেইবাবে এইবাৰো বিগত বৰ্ষসমূহৰ দৰেই ভক্তসকলক আকৰ্ষণ কৰাৰ লগতে সমাজলৈ যাতে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ।

  • গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্য়

শেহতীয়াকৈ যুৱপ্ৰজন্ম অথবা শিশুসকলৰ মোবাইল, ইণ্টাৰনেটৰ লগতে ভিডিঅ' গেমৰ প্ৰতি যথেষ্ট আসক্তি বাঢ়িছে । তাৰ বিপৰীতে সাধাৰণতে পঢ়াৰ লগতে বাহিৰা অধ্যয়নৰ প্ৰতি ইচছা হ্ৰাস পাই আহিছে । সেইবাবে টিংৰাইহাবি দুৰ্গাপূজা মণ্ডপলৈ অহা ভক্তসকলে, শিশু, যুৱ-প্ৰজন্মই যাতে কুঁহিপাঠৰ স্মৃতি ঘূৰাই পাই, গ্ৰন্থৰ প্ৰতি আকৰ্ষিত হয় তাৰেই এক ক্ষুদ্ৰ প্ৰয়াস কৰিছে ।

উক্ত পূজা মণ্ডপ প্ৰস্তুত কৰিবলৈ কোচবিহাৰৰ এটা দলে আহি তিনিচুকীয়াত থাকি দিনে-ৰাতিয়ে কষ্ট কৰাৰ লগতে স্থানীয় বহুকেইগৰাকী কলাকুশলীয়ে ব্যস্ত হৈ আছে ।

লগতে পঢ়ক:নগাঁৱত আইফেল টাৱাৰ !

অনন্য অসমখন চাবলৈ আহক যাওঁ এখন বিশেষ পূজাথলীলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.