লখিমপুৰ, ১৭ ফেব্ৰুৱাৰী: লখিমপুৰত এইবাৰ বাঘৰ আক্রমণ । কুকুৰনেচীয়া বাঘৰ আক্ৰমণত গৰু,কুকুৰা আদিৰ লগতে এজন যুৱক আহত হ'ব লগীয়া হয় । লখিমপুৰৰ চিয়াজুলীত কুকুৰনেচীয়াৰ আক্ৰমণত আহত হয় যুৱকজন । চিয়াজুলীৰ দীৰ্ঘা নাহৰবাৰী গাঁৱৰ ৰাউতচুকত সংঘটিত হৈছে এই ঘটনাটো । আহত যুৱকজনৰ নাম ৰিবন সিং ছেত্ৰী ।
- " class="align-text-top noRightClick twitterSection" data="">
শুকুৰবাৰৰ নিশা ১০ বজাত এলেকাটোৰ সমীপৰ দীৰ্ঘা বনাঞ্চলৰ ওলাই অহা এটা কুকুৰনেচীয়া বাঘে যুৱকজনক নিজ ঘৰতে আক্ৰমণ কৰে । লগতে গোহালীৰ গাইগৰুৰ ওপৰত আক্ৰমণ কৰি আহত কৰাৰ লগতে তেওঁলোকৰ কেইবাটাও কুকুৰা নিধন কৰে । ইয়াৰ পিচতেই গৃহস্থৰ চিঞৰ-বাখৰত ওচৰ চুবুৰীয়া ওলাই আহি বাঘটোক বনাঞ্চললৈ খেদি পঠিয়াই । উল্লেখ্য যে শুকুৰবাৰৰ সন্ধিয়া ৬ বজাতে গাঁৱখনৰ সমীপৰ শুকানজুলিত বাঘটোৱে বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় একাংশ ৰাইজে । আনকি ফুট গধুলিতে এঘৰ লোকৰ দমৰা গৰু এটাৰ ওপৰতো বাঘটোৱে আক্ৰমণ কৰা বুলি কয় স্থানীয় লোকে ।
পৰৱৰ্তী সময়ত নিশা ১০ বজাত ৰিবন সিং ছেত্রীৰ ঘৰত কুকুৰনেচীয়া বাঘটোৱে তেওঁলোকৰ কেইবাটাও কুকুৰা নিধন কৰে । কুকুৰনেচীয়া বাঘটোৰ শব্দ শুনি ভিতৰৰ পৰা ওলাই অহা ৰিবন সিঙক আক্রমণ কৰি আহত কৰে । বাঘৰ আক্রমণত তেওঁ ঘৰৰ ভিতৰ সোমাই কোনোমতে প্ৰাণ ৰক্ষা কৰে । তেওঁলোকে চিঞৰ-বাখৰ কৰে যদিও বাঘটোৱে গোহালিত সোমাই গৰুক আক্ৰমণ কৰে । এই আক্ৰমণত আহত হয় কেইবাটাও গৰু ।
বাঘৰ আক্ৰমণত আহত ৰিবন সিঙক নিশাই ১০৮ এম্বুলেন্স সেৱাৰে লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পাতাললৈ নিয়া হয় আৰু চিকিৎসা প্ৰদানৰ পিচত ঘৰলৈ পঠিয়াই দিয়ে । উল্লেখ্য যে এই অঞ্চলটোত প্ৰথম বাৰৰ বাবে বাঘে এনেদৰে সন্ত্ৰাস চলায় । এই ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক:ভূৰাগাঁৱৰ বানমুৰীৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন বিধায়ক ৰমাকান্ত দেউৰীৰ