ETV Bharat / state

অবৈধ মাৰণাস্ত্ৰসহ নগাঁৱত আটক তিনি যুৱক; আৰক্ষীৰ মনত উপজিছে সন্দেহ... - ARMS RECOVERED - ARMS RECOVERED

Youths nabbed with arms: নগাঁৱত জব্দ অবৈধ মাৰণাস্ত্ৰ ৷ পিষ্টলসহ আৰক্ষীৰ জালত তিনি অপৰাধী ৷ জব্দ কাৰখানা নিৰ্মিত পিষ্টলসহ সজীৱ গুলী । অব্যাহত আৰক্ষীৰ জেৰা ৷ অস্ত্ৰ সৰবৰাহত জড়িত থকাৰ সন্দেহ ৷

ARMS RECOVERY
Youths nabbed with arms (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 7:22 AM IST

নগাঁও, 17 জুলাই: এসময়ত সুৰীয়া সংস্কৃতিৰ সৌৰভেৰে উপচি থকা কলঙৰ পাৰ আজি যেন পৰ্যবসিত হৈছে নিষিদ্ধ কাৰবাৰৰ ৰম্যভূমিত ৷ ড্ৰাগছ, মাৰণাস্ত্ৰ আদিৰ বেহা অপতৃণৰ দৰেই গজি উঠিল কলঙৰ পাৰত ৷ এতিয়া ইয়াত যেন বতাহো হৈ পৰিছে বিষাক্ত ৷ মাত্ৰ এসপ্তাহৰ ভিতৰত দুটাকৈ মাৰণাস্ত্ৰ উদ্ধাৰৰ ঘটনাই ভাবিবলৈ বাধ্য কৰিছে কলংপৰীয়া ৰাইজক, কোন দিশে নগাঁৱৰ ভৱিষ্যৎ ?

যোৱা শুকুৰবাৰে নগাঁও জিলাৰ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ পৰা বটদ্ৰৱা আৰক্ষীয়ে এটা মাৰণাস্ত্ৰৰ লগতে কেইবাজাঁই সজীৱ গুলীসহ এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাচত নগাঁৱত পুনৰ মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ অভিযুক্ত । জানিব পৰা মতে মঙলবাৰে নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই পিষ্টলসহ তিনিজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: হাতত AK-47 আৰু পিষ্টল লৈ গৈ আছিল তিনি যুৱক, বাটতে পালে আৰক্ষীয়ে

নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ মেধিৰ নেতৃত্বত আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ ভকতগাঁৱত অভিযান চলাই এই সফলতা লাভ কৰে ৷ অভিযানত আৰক্ষীৰ দলটোৱে এটা 7.65 এম এম পিষ্টলৰ লগতে চাৰি জাঁই সজীৱ গুলীসহ তিনিজন যুৱকক আটক কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ।

ধৃত যুৱক কেইটা আবু বক্কৰ ছিদ্দিক, ছিদ্দিক আলি আৰু আবু ছাহিদ বুলি জানিব পৰা গৈছে । সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত যুৱক তিনিজনক । এই তিনি যুৱকৰ বিৰুদ্ধে পূৰ্বৰ অপৰাধৰ তথ্যও বিচাৰিছে নগাঁও আৰক্ষীয়ে । ধৃত যুৱক তিনিজন দীৰ্ঘদিন ধৰি মাৰণাস্ত্ৰ সৰবৰাহৰ লগত জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । অস্ত্ৰ সৰবৰাহৰ উপৰিও বিভিন্ন অপৰাধৰ সৈতেও এই যুৱক তিনিজন জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: বটদ্ৰৱাত ডিমাপুৰৰ পৰা ক্ৰয় কৰা পিষ্টলসহ গ্ৰেপ্তাৰ যুৱক - Youth arrested with Pistol

লগতে পঢ়ক: লখিমপুৰত পিষ্টলসহ দুই অৰুণাচলী যুৱক আটক - Detained Arunachalee youth

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.