মৰাণ, ৪ মে' : সোণাৰিত নিষিদ্ধ ঘোষিত আলফা স্বাধীনক অৰ্থ যোগান ধৰাৰ অভিযোগত তিনিজন লিংকমেনক আটক । অৰুণাচলৰ কানুবাৰীৰ পৰা আছাম ৰাইফলছে তিনিওজনকে আটক কৰি সোণাৰি আৰক্ষীক চমজাই দিয়ে । আটকাধীন লোক কেইজন সোণাৰিৰ টিয়কঘাট আইদেউবাৰী বাগিচা গাঁৱৰ পিতা-পুত্ৰ ক্ৰমে সঞ্জয় দে', সুজিত দে' আৰু নাগালেণ্ডৰ নকজান বস্তিৰ টাজাৱাং কন্যাক বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, আলফা স্বাধীনে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউৰ বিভিন্ন কোম্পানীৰ অধীনস্থ প্ৰায়সমূহ চাহ বাগিচাত বৃহৎ পৰিমাণৰ ধন দাবী কৰি অহাৰ তথ্য ৰাজহুৱা হৈছে । এই দাবী কৰা ধনসমূহ কিছু বিশেষ লিংকমেনৰ জৰিয়তে সংগ্ৰহ কৰি অহা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।
আলফা স্বাধীনৰ এই কাৰ্য বন্ধ কৰাৰ বাবে অসম আৰক্ষী তৎপৰ হোৱা পাচতে চৰাইদেউৰ সীমান্তৱৰ্তী কাণুবাৰীত এইদৰে তিনিটা লিংকমেনক আটক কৰিবলৈ সক্ষম হৈছে আছাম ৰাইফলছে ।
আনহাতে, এটা দিনৰ পূৰ্বে আলফা স্বাধীনত যোগদান কৰিবলৈ যাওঁতে নাগালেণ্ডৰ ম'নত আছাম ৰাইফলছৰ হাতত আটক হৈছিল গোলাঘাটৰ এজন যুৱক । আছাম ৰাইফলছৰ হাতত আটক হোৱা যুৱকজন গোলাঘাট মেৰাপানীৰ উদয়পুৰৰ অনিল দাসৰ পুত্ৰ মুনিন্দ্ৰ দাস বুলি চিনাক্ত কৰা হৈছিল । ইতিমধ্যে আছাম ৰাইফলছে চৰাইদেউ আৰক্ষীক যুৱকজনক চমজাই দিছে ।
উল্লেখ্যে যে, চৰকাৰৰ সৈতে শান্তিচুক্তি স্বাক্ষৰ কৰাৰ পাচত আনুষ্ঠানিকভাৱে ভংগ কৰা হৈছিল আলফা । কিন্তু পৰেশ বৰুৱাৰ নেতৃত্বত এতিয়াও আলফা স্বাধীনে নিজৰ দাবীত অটল হৈ সশস্ত্ৰ পথতেই আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ বাৰম্বাৰ অনুৰোধ জনাইছে যদিও, এতিয়ালৈকে সেই প্ৰক্ৰিয়া সফল হৈ উঠা নাই ।
লগতে পঢ়ক : আলফা স্বাধীনত যোগ দিবলৈ যোৱা যুৱকক নাগালেণ্ডত আটক - Youth Tries To Join ULFA I