ETV Bharat / state

ডকাইতিৰ পৰিকল্পনা : মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত তিনি ডকাইত - Nagaon Crime

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 1:17 PM IST

Dacoits Arrested in Nagaon : ৰূপহীহাট আৰু নগাঁও আৰক্ষীৰ অভিযানত আটক তিনি ডকাইত । ডকাইতিৰ পৰিকল্পনা কৰি থাকোতেই আৰক্ষাৰ জালত তিনি কুখ্যাত ডকাইত । ধৃত ডকাইতৰ দলটোৰ পৰা উদ্ধাৰ পিষ্টল, সজীৱ গুলী ।

Dacoits Arrested in Nagaon
নগাঁৱত মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত তিনি ডকাইত (RTV Bharat Assam)

নগাঁও, ৩০ আগষ্ট : ধৰ্ষণৰ দৰে এক জঘন্য অপৰাধকাণ্ডই সমগ্ৰ নগাঁও জোকাৰি যোৱাৰ সময়তে মাৰণাস্ত্ৰসহ তিনিটাকৈ কুখ্যাত ডকাইত আৰক্ষীৰ জালত পৰা ঘটনাই নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে । মাৰণাস্ত্ৰৰে সু-সজ্জিত হৈ জিলাখনত ডকাইতি সংঘটিত কৰিবলৈ পৰিকল্পনা কৰিছিল তিনিজনীয়া ডকাইতৰ এটা দলে ।

ডকাইতৰ দলটোৰ পৰিকল্পনাৰ বিষয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভত্তিত খবৰ লাভ কৰে নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে । লগে লগে ৰূপহীহাট আৰক্ষীৰ এটা দলে অভিযান আৰম্ভ কৰে । এখন টাটা মোবাইল বাহনেৰে ৰাজপথত ডকাইতি কৰাৰ পৰিকল্পনা কৰা ডকাইতৰ দলটোক অনুসৰণ কৰি ৰূপহীহাটৰ পৰা খেদি খেদি নগাঁৱৰ বৰঘাট বাইপাছত নিৰ্দিষ্ট টাটা মোবাইল বাহনখনক বাট আগচি ধৰিবলৈ সক্ষম হয় আৰক্ষায়ে ।

ৰূপহীহাট আৰক্ষীৰ দলটোৱে নগাঁও আৰক্ষীৰ সহযোগত বৃহস্পতিবাৰে নিশা আটক কৰিবলৈ সক্ষম হয় ডকাইতৰ দলটোক । ধৃত ডকাইতৰ দলটোত আছে নুৰুল আমিন, মহিমউদ্দিন আৰু আকমলউদ্দিন । তিনিজনীয়া ডকাইতৰ দলটোৰ পৰা আৰক্ষীৰ দলে ৪ জাঁই সজীৱ গুলীসহ এটা পইণ্ট থ্ৰী টু পিষ্টল জব্দ কৰিবলৈ সক্ষম হৈছে । লগতে ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা টাটা মোবাইল বাহনখনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ।

উল্লেখযোগ্য যে, ৰূপহীহাটৰ পৰা ৰূপহীহাট আৰু নগাঁও আৰক্ষীৰ দুখন বাহনে খেদি আহি নগাঁৱৰ বৰঘাট বাইপাছত ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হয় । ফলত ৰূপহীহাট আৰু নগাঁও আক্ষীৰ তৎপৰতাত আন এক ডকাইতিৰ ঘটনাৰ পৰা ৰক্ষা পৰে নগাঁও ।

ইতিমধ্যে নগাঁও আৰক্ষীৰ জালত পৰা তিনি ডকাইত নুৰুল আমিন, মহিমউদ্দিন আৰু আকমলউদ্দিনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । মাৰণাস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত পৰা ডকাইত তনিটাৰ বিৰুদ্ধে বিভিন্ন অপৰাধৰ সৈতে জড়িত থকাৰো অভিযোগ আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

লগতে পঢ়ক :ডুমডুমাত লাট মণ্ডলক গ্ৰেপ্তাৰ : ৰাজহ চক্ৰ বিষয়াই ধন বিচৰাৰ অভিযোগ - Assam Anti Corruption Mission
লগতে পঢ়ক :মিঞাক অসমীয়া জাতিৰ কাল্পনিক শত্ৰু বুলি বুজাব খুজিছে বিজেপিয়ে: আমিনুল ইছলাম - miya controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.