ETV Bharat / state

নৃশংস হত্যাৰ বলি হোৱা হিৰণ্ময় খাখলাৰীৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ - HIRANMOY KHAKHLARI MURDER

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 10:47 PM IST

Dudhnoi rape-murder case: গোৱালপাৰাৰ দুধনৈত নৃশংস হত্যাৰ বলি হোৱা হিৰণ্ময় খাখলাৰীৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ । দুই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে কপালে দুধনৈৰ ৰাজপথ । হত্যাকাৰী আৰু ধৰ্ষণকাৰীক ফাষ্টট্ৰেক আদালতত জৰিয়তে বিচাৰ কৰি ফাঁচী দিয়াৰ দাবী পাঁচ সংগঠনৰ ।

Dudhnoi rape-murder case
দুধনৈত নৃশংস হত্যাৰ বলি হোৱা হিৰণ্ময় খাখলাৰীৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ (ETV BHARAT ASSAM)

গোৱালপাৰা, ২৭ মে’: নৃশংস হত্যাকাণ্ডৰ বলি হোৱা হিৰণ্ময় খাখলাৰীৰ ন্যায়ৰ দাবীত সোমবাৰে গোৱালপাৰা জিলাৰ দুধনৈ ৰাজহুৱা খেলপথাৰত বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । হাজাৰ হাজাৰ পুৰুষ-মহিলাই হাতে হাতে প্লে-কাৰ্ড লৈ হত্যাকাৰীক ফাঁচী দিয়ক, ধৰ্ষণকাৰীক ফাঁচী দিয়ক, হিৰণ্ময় খাখলাৰীৰ পৰিয়ালক চৰকাৰে ২০ লাখ টকা আৰু নিৰ্যাতনৰ বলি হোৱা দুই নাবালিকাক ৫ লাখ টকা ক্ষতিপূৰণ দিয়ক, হত্যাকাৰী, ধৰ্ষণকাৰীৰ বিচাৰ ফাষ্টট্ৰেক আদালতত কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদী সভাৰ পিচতে প্ৰতিবাদকাৰীয়ে দুধনৈ চহৰৰ মাজেৰে সমদল উলিয়াই দুধনৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উল্লেখ্য যে, চলিত মাহৰ ৩ মে’ দুধনৈত বাইষ উৎসৱ চাবলৈ অহা দুই কিশোৰী যুৱতীক তিনি পাষণ্ডই ধৰ্ষণ কৰি নদীৰ পাৰত অচেতন অৱস্থাত পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছিল । পুৱাৰ ভাগত দুই কিশোৰী সাৰ পাই ঘৰলৈ গৈ অভিভাৱক ঘটনা সম্পৰ্কে অৱগত কৰিছিল ।

কিশোৰী দুগৰাকীৰ অভিভাৱকে ৪ মে'ৰ সন্ধিয়া একেখন গাঁৱতে থকা ধৰ্ষণকাৰীৰ অভিভাৱকক কথাখিনি অৱগত কৰিবলৈ যোৱাত ধৰ্ষণকাৰীৰ অভিভাৱকে তেওঁলোকক উপৰ্যুপৰি আক্ৰমণ কৰে । এই আক্ৰমণত কিশোৰী দুগৰাকীৰ অভিভাৱকসহ এগৰাকীৰ ভাতৃ হিৰণ্ময় খাখলাৰী গুৰুতৰভাৱে আহত হয় ৷ তেওঁক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী জি এন আৰ চি'ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ।

ইয়াৰ পাচত উক্ত ঘটনা সন্দৰ্ভত গোৱালপাৰাৰ দুধনৈ আৰক্ষীয়ে অভিযুক্ত তিনি ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । এই ঘটনা সন্দৰ্ভত আজি ধৰ্ষণকাৰী আৰু হত্যাকাৰীক শাস্তিৰ দাবীত দুধনৈ ৰাজহুৱা খেলপথাৰত গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত জিলাখনৰ বিভিন্ন জাতীয় সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক: প্ৰথমে কিশোৰীক ধৰ্ষণ, তাৰ পাচত গাঁৱৰ যুৱকক হত্যা; ন্যায়ৰ দাবীত জ্বলিছে ধেমাজি - ABSU protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.