যোৰহাট : আজি ৰাস পূৰ্ণিমা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ইফালে সকলোতকৈ ব্যতিক্ৰম নদীদ্বীপ মাজুলীত ৰাসক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ।
অসমৰ লগতে দেশ-বিদেশৰ শ শ লোকে ৰাস উপভোগ কৰিবলৈ সত্ৰনগৰী মাজুলীলৈ ৰাওনা হৈছে । যাৰ বাবে পুৱাৰে পৰা যোৰহাট-মাজুলী সংযোগী পাৰঘাটবোৰত ব্যাপক ভিৰ দেখা গৈছে । নিমাতীঘাটত যাত্ৰীৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ পৰ্যটক তথা ভক্তসকলে নিমাতীঘাটৰ পৰা ফেৰীৰে মাজুলীলৈ ৰাস উপভোগৰ বাবে ৰাওনা হৈছে । নিমাতীঘাটত যাত্ৰীৰ ভিৰৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি হৈছে । অৱশ্যে যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে নিজেই নিমাতীঘাটত উপস্থিত হৈ সমগ্ৰ প্ৰক্ৰিয়া পৰিদৰ্শন কৰিছে । সমগ্ৰ প্ৰক্ৰিয়া তদাৰক কৰাৰ লগতে যাত্ৰীৰ সুবিধাৰ্থে কাম কৰি থকা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক উৎসাহ দিবলৈ মিঠাইৰ টোপোলাও বিতৰণ কৰে আয়ুক্তগৰাকীয়ে ।
নিমাতীঘাট পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত পৰিমাণৰ ফেৰী আৰু জাহাজৰ ব্যৱস্থা কৰা হৈছে । নিমাতীঘাটত চাৰিটা ৰেম্পৰ ব্যৱস্থা কৰা হৈছে আৰু এই চাৰিটা ৰেম্পৰ পৰা যাত্ৰীসহ ফেৰীসমূহ ৰাওনা হৈছে সত্ৰনগৰীলৈ । ইফালে নিমাতীঘাটত ৪ দণ্ডাধীশসহ এজন অতিৰিক্ত আয়ুক্ত নিয়োগ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে । আগন্তুক ২-৩ দিনলৈ যাত্ৰীৰ যথেষ্ট ভিৰ দেখা যাব বুলিও তেওঁ আশা প্ৰকাশ কৰি কয় যে যাতে যাত্ৰীৰ কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে । সৰহসংখ্যক যাত্ৰীয়ে অনলাইনযোগে টিকট বুকিং কৰিছে বুলি আয়ুক্তগৰাকীয়ে উল্লেখ কৰে ।
নিমাতীঘাটত যাত্ৰীৰ অভাৱনীয় ভিৰ
উল্লেখ্য যে নিমাতীঘাটৰ পৰা ফেৰীৰে লোকসকলে মাজুলীলৈ ৰাস উপভোগ কৰিবলৈ যোৱা গৈছে । ফেৰীৰ বাবে ঘণ্টা ঘণ্টা ধৰি নিমাতীঘাটত অপেক্ষা কৰিছে যাত্ৰীসকলে । ভিৰ ইমানে বেছি যে নিমাতীঘাটত ১ কিলোমিটাৰ পৰ্যন্ত শাৰী পাতিবলগীয়া হৈছে যাত্ৰীয়ে । কেৱল নিমাতীঘাটে নহয় বিভিন্ন পাৰঘাটত একেই দৃশ্য দেখা গৈছে । সন্ধিয়া পৰ্যন্ত শ শ লোকে ফেৰীৰ বাবে নিমাতীঘাটত শাৰী পাতি থকা দেখা গৈছে ।
অনলাইন টিকটৰ ব্যৱস্থা
যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ফেৰীৰ অনলাইন আৰু অফলাইন টিকটৰ ব্যৱস্থা কৰিছে প্ৰশাসনে । নিমাতীঘাটকে ধৰি প্ৰতিটো পাৰঘাটত আৰক্ষী তথা নিৰাপত্তাৰক্ষীও মোতায়েন কৰা হৈছে । একেদৰে মাজুলী যাত্ৰা সুচল কৰিবলৈ প্ৰায় আধা ঘণ্টাৰ ব্যৱধানত ফেৰীৰ ব্যৱস্থা কৰা হৈছে । লক্ষণীয়ভাৱে পূৰ্বৰ বছৰৰ তুলনাত এইবাৰ ৰাসৰ বাবে মাজুলীলৈ যাত্ৰা কৰা ভক্তৰ সংখ্যা অধিক হোৱাৰ আশা কৰা হৈছে ।
উল্লেখ্য যে ৩ দিনীয়াকৈ মাজুলীত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে । কমলাবাৰী, গড়মূৰ, চামুগুৰি আদিত ৰাসৰ বিশাল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । ৰাসৰ বাবে ইতিমধ্যে দেশৰ লগতে বহু বিদেশী পৰ্যটকেও মাজুলীত বাহৰ পাতিছে ।
লগতে পঢ়ক :ব্ৰহ্মপুত্ৰৰ বুকুত সামুদ্ৰিক বিমানৰ অৱতৰণ; পৰ্যটন উদ্যোগলৈ আশাৰ ৰেঙণি