ETV Bharat / state

আৰক্ষীয়ে দুদিন চলাথ কৰিও উলিয়াব পৰা নাই তৃতীয়টো বোমা: নাবালকক আটক - ULFA I Bomb Plans

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 7:35 PM IST

Independence Day : লখিমপুৰৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলনথলীৰ পৰা ডাম্পিং গ্ৰাউণ্ড আৰু সন্দেহজনক সকলো স্থানত আৰক্ষীয়ে বোমাৰ সন্ধান চলাইছে যদিও সফল হোৱা নাই । উল্লেখযোগ্য জিলাখনত উদ্ধাৰ হোৱা আন দুটা বোমাৰ এটা ওপৰ অংশ আৰু আনটো তলৰ অংশ বুলি লিখি ৰখা বাবে ৰাইজে শংকিত হৈ পৰিছে ।

Independence Day
উদ্ধাৰ হোৱা নাই বোমা (ETV Bharat Assam)

লখিমপুৰ, ১৬ আগষ্ট: ক'লৈ গ'ল লখিমপুৰত আলফা(স্বাধীন)ই সংস্থাপিত মাজৰ অংশৰ তৃতীয়টো বোমা ? দুদিন ধৰি চৌদিশ চলাথ কৰিও আৰক্ষীয়ে উলিয়াব পৰা নাই সন্ধান । উল্লেখ্য যে স্বাধীনতা দিৱসৰ দিনা আলফা(স্বাধীন)ই উল্লেখ কৰা মতে, পৰিবহণ নিগমৰ কাৰখানাৰ পৰা কিছু নিলগত এখন পৰিত্যক্ত ট্ৰাকত এটা বোমা উদ্ধাৰ হয় । উদ্ধাৰ হোৱা বোমাটোত লিখা আছিল তলৰ অংশ । লালুকত উদ্ধাৰ হোৱা আনটো বোমাৰ ওপৰত লিখা আছিল 'ওপৰ অংশ' । তেনেহ'লে নগৰৰ খেলপথাৰত সংস্থাপন কৰা তৃতীয়টো মাজৰ অংশ হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে । কিন্তু মাজৰ অংশৰ তৃতীয়টো বোমাৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে ।

উদ্ধাৰ হোৱা নাই বোমা (ETV Bharat Assam)

আলফা(স্বাধীন)ৰ তালিকা অনুসৰি এই বোমাটো স্বাধীনতা দিৱস উদযাপন কৰা খেলপথাৰৰ চৌহদৰ ভিতৰত থকা এন এইচ পি চিৰ পৰিত্যক্ত এখন ট্ৰাকত এই বোমাটো সংস্থাপন কৰা আছিল । কিন্তু আৰক্ষী,অৰ্ধসামৰিক বাহিনী,আৰক্ষীৰ বিশেষ শাখাই তন্ন তন্নকৈ বিচাৰিও এই বোমাটোৰ সন্ধান উলিয়াব পৰা নাই । মেটেল ডিটেক্টৰ, স্নিফাৰ ডগ আদিৰ সহায় লৈও আৰক্ষীয়ে বোমাটো বিচাৰি পোৱা নাই । কেৱল ট্ৰাকখনতে নহয়, সমগ্র খেলপথাৰখনৰ লগতে কাষতে থকা শিশু উদ্যান পৰ্যন্ত আৰক্ষীয়ে বোমা বিচাৰি চলাথ কৰিছে যদিও বোমাটো নোলাল ।

নাবালকক সোধপোচৰ বাবে আটক :

আনহাতে, লখিমপুৰত এনেদৰে বোমা সংস্থাপনৰ কামত জড়িত হোৱাৰ সন্দেহ কৰি আৰক্ষীয়ে এজন নাবালকক সোধপোচৰ বাবে আটক কৰিছে । নাবালক হোৱা বাবে আৰক্ষীয়ে তেওঁৰ বিষয়ে জনোৱাৰ পৰা বিৰত আছে । আনহাতে, উদ্ধাৰ হোৱা বোমা দুটা ইতিমধ্যে নিস্ক্রিয় কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে ।

আৰক্ষীৰ বিশেষ শাখাই সন্ধান চলায়ো সুফল নাপালে :

বৃহস্পতিবাৰে দুপৰনিশা পৰ্যন্ত গধুৰ যন্ত্র লৈ আৰক্ষীয়ে ট্ৰাকখনত অনুসন্ধান কৰাৰ পাছত শুকুৰবাৰে নগৰৰ ডাম্পিং গ্ৰাউণ্ডৰ পৰা সন্দেহজনক সকলো স্থানতে আৰক্ষীয়ে তালাচী চলায় । কিন্তু সন্ধিয়া পর্যন্ত আৰক্ষীয়ে বোমাটো উদ্ধাৰত সফল নহ'ল । নগৰখনৰ প্ৰায়বোৰ স্থানতে মেটেল ডিটেক্টৰ, স্নিফাৰ ডগ আদিৰ জৰিয়তে আৰক্ষী আৰু আৰক্ষীৰ বিশেষ শাখাই বোমাটোৰ সন্ধান চলাই সুফল নাপালে ।

বোমাটো উদ্ধাৰ নোহোৱা বাবে ৰাইজ শংকিত :

বোমাটো উদ্ধাৰ নোহোৱা বাবে ৰাইজ শংকিত হৈ নগৰখনত চলাফুৰা কৰিব লগীয়া হৈছে । বোমা থকা বুলি উল্লেখ কৰাৰ পাছতো বোমাটো উদ্ধাৰ নোহোৱাত লখিমপুৰ নগৰ এলেকাত এক আশংকাজনক পৰিবেশে বিৰাজ কৰিছে । ৰাইজে মুকলি মনেৰে বজাৰ-সমাৰ কৰিবলৈ কিছু শংকাবোধ কৰিছে । এনে পৰিবেশ কেতিয়া দুৰ হ'ব সেয়া স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক:লখিমপুৰৰ তৃতীয়টো বোমা ক'লৈ গ'ল ? সন্ধ্যা পৰ্যন্ত উদ্ধাৰ নহ'ল তৃতীয়টো বোমা - ULFA I bomb plans

২৫ টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বা)ৰ: উপযুক্ত তদন্তৰ নিশ্চয়তা দিলে ডিজিপি জি পি সিঙে - bomb plan by ULFA I

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.