লখিমপুৰ, 18 আগষ্ট: লখিমপুৰত চতুর্থ দিন পৰ্যন্ত উদ্ধাৰ নহ’ল তৃতীয়টো বোমা । আলফাই প্ৰকাশ কৰা তালিকা অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে লখিমপুৰৰ তিনি স্থানত তিনিটাকৈ বোমা সংস্থাপন কৰিছিল । ইয়াৰে দুটা স্থানত দুটা বোমা উদ্ধাৰ হ’ল যদিও তৃতীয়টো বোমা আজিও উদ্ধাৰ নহ’ল ।
আলফাই জনোৱা অনুসৰি এই তৃতীয়টো বোমা আছিল চৰকাৰীভাৱে পতাকা উত্তোলন কৰা খেলপথাৰখনৰ চৌহদৰ ভিতৰতে থকা এনএইচপিচিৰ এখন পৰিত্যক্ত ট্ৰাকত । সেই অনুসৰি আৰক্ষী, আৰক্ষীৰ বিশেষ শাখা, অৰ্ধসামৰিক বাহিনীয়ে জৰাজীৰ্ণ উৱলি যোৱা ট্ৰাকখনত বোমা বিচাৰি চলাথ কৰে । আনকি মেটেল ডিটেক্টৰ, স্নিফাৰ ডগ আদি লৈও নিৰাপত্তা বাহিনীয়ে ট্ৰাকখনত বোমা বিচাৰি চলাথ কৰা হয় ।
আনকি ট্ৰাকখনৰ তলতো বোমাৰ সন্ধানত অভিযান চলোৱা হয় । ইয়াৰ পাছতো ধৰা নপৰিল বোমাৰ অৱস্থিতি । ট্ৰাকখনত বোমা বিচাৰি নোপোৱাৰ পাছত নিৰাপত্তা বাহিনীয়ে নগৰৰ ডাম্পিং গ্ৰাউণ্ডৰ পৰা আৰম্ভ কৰি সন্দেহজনক সকলো স্থানতে বিভিন্ন ধৰণৰ পদ্ধতিৰে বোমা বিচাৰি অভিযান চলায় । কিন্তু ইমানৰ পাছতো তৃতীয়টো বোমাৰ সন্ধান নোলোৱাত আতংকিত হৈ পৰিছে জিলাবাসী ।
স্বাধীনতা দিৱস পাৰ হৈ যোৱাৰ চাৰিদিন হ’ল যদিও তৃতীয়টো বোমাৰ অৱস্থিতি উদ্ধাৰ নহ’ল ।
দুজন আটক
আনহাতে, লখিমপুৰত বোমা সংস্থাপন কৰাৰ সন্দেহত আৰক্ষীয়ে দুজন কিশোৰক আটক কৰিছে বুলি জানিব পৰা গৈছে । আৰক্ষীৰ সোধপোচৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব ।
মাছৰ আহ্বান ডিজিপিলৈ
ইপিনে এই ঘটনাত উদ্বেগ প্রকাশ কৰি মানৱ অধিকাৰ সংগ্রাম সমিতিৰ কেন্দ্রীয় সচিব ৰাজু সিংহই কয়, "যিসকল এই কাণ্ডৰ সৈতে জড়িত তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰক ৷ কিন্তু এই বোমা বিচৰা আৰু ঘটনাত জড়িতক বিচাৰি যাতে নিৰীহ লোকৰ ওপৰত হাৰাশাস্তি কৰা নহয় তাৰবাবে ডিজিপি মহোদয়ক আমি অনুৰোধ জনাইছো ৷ আজি লালুকৰ ক্ষুদ্ৰ ব্যৱসায়ীক হাৰাশাস্তি কৰা বুলি জানিব পৰা গৈছে ৷ ক্ষুদ্ৰ ব্যৱসায়ীৰ হাতত তেনে কোনো তথ্য থাকিলে তেওঁলোকে আৰক্ষীকেই জনাব ৷ গতিকে নিৰ্দোষী লোকৰ ওপৰত যাতে কোনো ধৰণৰ হাৰাশাস্তি নহয় তাৰ প্ৰতি নজৰ ৰাখক ডিজিপিয়ে ৷ একেই অনুৰোধ আমাৰ মুখ্যমন্ত্রীৰ প্ৰতিও ৷"