ETV Bharat / state

বিয়ালৈ আহি কইনাৰ গহনা-কাপোৰ সকলো লুটিলে চোৰে - Noonmati Police Station

Guwahati Thief: চুৰিবিদ্যাত অভ্যস্ত বৰযাত্ৰীয়ে লৈ গ’ল কইনাৰ অলংকাৰ ৷ নতুন সম্পৰ্ক গঢ়াৰ আনন্দত দৰাপক্ষ-কইনাপক্ষ মতলীয়া হৈ থকাৰ সময়তে চোৰে সৰকালে মূল্যৱান সামগ্ৰী ভৰ্তি বেগ ৷ গুৱাহাটীৰ এক বিবাহ মণ্ডপত সংঘটিত হৈছে এই ঘটনা ৷

Guwahati Thief
মহানগৰীৰ বিবাহ মণ্ডপত চুৰিকাণ্ড
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 5:33 PM IST

মহানগৰীৰ বিবাহ মণ্ডপত চুৰিকাণ্ড

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী: মন্দিৰ, নামঘৰ, নতুবা মানুহৰ বাসগৃহত নহয় । এইবাৰ চোৰৰ চাফাই অভিযান বিবাহ মণ্ডপত ৷ মহানগৰীৰ উজান বজাৰৰ বাসিন্দা বিবেক ৰয়ে মঠঘৰীয়াৰ দ্য ক্ৰাউন বিবাহ ভৱনত তেওঁৰ বিয়াৰ মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিছিল । বিবাহ ভৱনত বৰযাত্ৰী আৰু কইনা যাত্ৰীৰ উপস্থিতিত সৃষ্টি হৈছিল এক উখল মাখল পৰিৱশ । এসময়ত বৰযাত্ৰী আৰু কইনাঘৰৰ লোকসকল আহাৰ গ্ৰহণত ব্যস্ত হৈ পৰিছিল । সেই সময়তে বৰযাত্ৰীৰ ৰূপত অহা এজন যুৱকে কইনাৰ বাবে ৰাখি থোৱা সোণৰ গহনা আৰু কাপোৰ থোৱা কোঠালীৰ ভিতৰত প্ৰৱেশ কৰে ।

পিচত দৰাৰ পৰিয়ালে যেতিয়া কইনাৰ সোণৰ গহনা আৰু কাপোৰভৰ্তি বেগটো আনিবলৈ কোঠাটোৰ ভিতৰলৈ যায়, তেতিয়া তাত নাছিল সেই বিশেষ বেগটো । কোঠাটোৰ ভিতৰত কইনাৰ সোণৰ গহনা আৰু কাপোৰভৰ্তি বেগটো দেখা নাপাই বিবাহস্থলীত হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় ।

কইনাৰ সোণৰ গহনা আৰু কাপোৰভৰ্তি বেগটো ক’তো বিচাৰি নাপাই দৰাৰ পৰিয়ালে চি চি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰে । চি চি টিভিৰ ফুটেজত এজন অচিনাক্ত যুৱকে কইনাৰ সোণৰ গহনা আৰু কাপোৰভৰ্তি বেগটো লৈ যোৱাৰ দৃশ্য ধৰা পৰে ।

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত দৰা বিবেক ৰয়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰে । নুনমাটি আৰক্ষীয়ে ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে যদিও চোৰৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । চুৰি হোৱা বেগটোৰ ভিতৰত প্ৰায় আঢ়ৈ লাখ টকাৰ সোণৰ গহনা আৰু দুই লাখ টকাৰ কাপোৰ আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ভগদত্তপুৰ আৰক্ষীৰ জালত দুটাকৈ গভাইত চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.