গুৱাহাটী : যুদ্ধ কেতিয়াও কাৰো কাম্য নহয় । কিন্তু তথাপিও বিভিন্ন প্ৰেক্ষাপটত যুদ্ধ হয় আৰু ইতিহাসত ক'লা অধ্যায় হিচাপে চাপ বহুৱাই থৈ যায় । যুদ্ধই বহু বেদনাদায়ক স্মৃতিৰ স্বাক্ষৰ বহন কৰি যায় । মানৱ ইতিহাসত 'যুদ্ধ' এক ক'লা অধ্যায় হিচাপেই চিহ্নিত হৈ আহিছে । ইতিহাসৰ তেনে এক বিভীষিকাময় পৰিস্থিতিৰ ক'লা অধ্যায় হৈছে দ্বিতীয় বিশ্বযুদ্ধ ।
মানৱ সভ্যতাক লুণ্ঠিত কৰা দ্বিতীয় বিশ্বযুদ্ধৰ সেই ভয়ানক পৰিস্থিতিৰ স্মৃতি আজিও সজীৱ হৈ আছে গুৱাহাটি মহানগৰীৰ এডোখৰ সৰু ঠাইত । গুৱাহাটীৰ সেই স্থানে দ্বিতীয় বিশ্বযুদ্ধৰ কথা সোঁৱৰাই দিয়ে । সোঁৱৰাই দিয়ে সৈনিকৰ ত্যাগ-বলিদানৰ কথা । যুদ্ধ কৰিবলৈ গৈ ক'ৰ সৈনিক ক'ত গৈ হেৰাই গ'ল ! তেনে কিছু সৈনিকৰ স্মৃতি চিৰযুগমীয়া কৰি আজিও গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ নৱগ্ৰহত সজীৱ হৈ আছে দ্বিতীয় বিশ্বযুদ্ধৰ 'যুদ্ধ সমাধিক্ষেত্র'। য'ত আছে ৪৮৫ গৰাকী সৈনিকৰ সমাধি ।
আগতেই উল্লেখ কৰা হৈছে যে যুদ্ধ কেতিয়াও কাৰো কাম্য নহয় । কাৰণ যুদ্ধত হেৰুওৱাৰ বাহিৰে ব্যক্তিগতভাৱে কোনোৱে একো লাভ নকৰে । গুৱাহাটীত থকা এই সমাধিক্ষেত্রত বহু সময়ত সমাধিস্থ সৈনিকসকলৰ বংশৰ লোক আহি সেই বিভীষিকাময় পৰিস্থিতিৰ কথা স্মৰণ কৰি শোকস্তব্ধ হৈ পৰে । আপোনজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অশ্ৰুসিক্ত নয়নেৰে আঁতৰি যায় দেশ-বিদেশৰ পৰা অহা বহুজন । সমাধিক্ষেত্রটোৰ বিভিন্ন দিশ সামৰি ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন । এই প্ৰতিবেদনখন গুৱাহাটীৰ যুদ্ধ সমাধিক্ষেত্রৰ প্ৰবন্ধক চেলউ পেফটেই (Salew Pfotte) দিয়া তথ্য আৰু সাক্ষাৎকাৰৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ।
গুৱাহাটীৰ ক'ত আৰু কেতিয়া আৰু কিয় প্ৰতিষ্ঠা কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ 'যুদ্ধ সমাধিক্ষেত্র'
গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ নৱগ্ৰহ পথৰ নৱগ্ৰহ শ্মশানৰ গাতে লাগি আছে দ্বিতীয় বিশ্বযুদ্ধৰ 'যুদ্ধ সমাধিক্ষেত্র' । ১.৯৫ একৰ ভূমিত এই সমাধিক্ষেত্র প্ৰতিষ্ঠা কৰা হৈছে । য'ত ৪৮৫ গৰাকী কমনৱেলথ সৈনিকৰ সমাধি আছে । এই সমাধিক্ষেত্র দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰম্ভ কৰা হৈছিল
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই বৃহৎ অঞ্চলটোত নিয়োজিত কেইবাখনো সামৰিক চিকিৎসালয়ৰ পৰা সমাধিস্থ কৰাৰ বাবে সমাধিক্ষেত্রখন নিৰ্মাণ কৰা হৈছিল । পৰৱৰ্তী সময়ত আন স্থানত থকা সৈনিকৰ সমাধিসমূহ ইয়ালৈ অনা হৈছিল, যাতে স্থায়ীভাৱে তত্ত্বাৱধান নিশ্চিত কৰিব পৰা যায় । একেটা কাৰণতে ১৯৫২ চনত লুচাই পাহাৰৰ বিচ্ছিন্ন স্থানৰ উপৰি বদৰপুৰ, কোচবিহাৰ, দাৰ্জিলিং, ধুবুৰী, ডিব্ৰুগড়, দিনজান, কটাপাহাৰ, লেবং, লামডিং, শ্বিলং আৰু শিলচৰৰ অসামৰিক সমাধিক্ষেত্ৰৰ পৰা সৈনিকৰ সমাধি ইয়ালৈ অনা হৈছিল ।
দ্বিতীয় বিশ্বযুদ্ধৰ ৪৮৫ গৰাকী কমনৱেলথ সৈনিক কবৰ এই যুদ্ধ সমাধিক্ষেত্রত স্মৰণীয় হৈ আছে । তদুপৰি, এই সমাধিক্ষেত্রত চিনাক্ত নোহোৱা ২৫ গৰাকী সৈনিকৰ কবৰো আছে । আনহাতে, গুৱাহাটীৰ যুদ্ধ সমাধিক্ষেত্রত ২৪ গৰাকী চীনা সৈনিকৰ কবৰো আছে । লগতে দুগৰাকী যুদ্ধৰ লগত জড়িত নথকা লোকৰো কবৰ আছে । সমাধিক্ষেত্ৰখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কমনৱেলথ ৱাৰ গ্ৰেভছ কমিছনৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল । বৰ্তমান সময়তো ইয়াক কমনৱেলথ ৱাৰ গ্ৰেভছ কমিছনৰ দ্বাৰা পৰিচালিত কৰা হয় ।
সমাধিক্ষেত্র সন্দৰ্ভত কি কয় প্ৰবন্ধক চেলউ পেফটেই (Salew Pfotte)
গুৱাহাটী আৰু ইয়াৰ আশেপাশে কোনো যুদ্ধ সংঘটিত হোৱা নাছিল যদিও মণিপুৰ আৰু বাৰ্মাত হোৱা যুদ্ধত বহু সৈনিকৰ মৃত্যু হৈছিল । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিভিন্ন স্থানত কবৰস্থানবোৰ সিঁচৰতি হৈ আছিল । গুৱাহাটীত সমাধিক্ষেত্রখন প্ৰতিষ্ঠা কৰাৰ পিছত সেইবোৰ সুশৃংখলভাৱে ৰক্ষণাবেক্ষণ কৰিবৰ বাবে ইয়ালৈ অনা হয় । বিভিন্ন সামৰিক চিকিৎসালয়ৰ সৈনিকসকলক প্ৰথমতে কবৰস্থানত সমাধিস্থ কৰা হৈছিল । পিছত আমৰি বাৰী সামৰিক সমাধিক্ষেত্ৰ, চিলেট সামৰিক সমাধিক্ষেত্ৰ, মহাচ'ৰা সমাধিক্ষেত্ৰ, নওগং অসামৰিক সমাধিক্ষেত্ৰ আৰু গুৱাহাটী অসামৰিক সমাধিক্ষেত্ৰৰ পৰা সৈনিকৰ কবৰ আনি ইয়াত সমাধিস্থ কৰা হৈছিল ।
লক্ষণীয় বিষয় যে ২০১২ চনলৈকে জাপানী সৈন্যৰ কবৰ ৰখা ভাৰতৰ একমাত্ৰ সমাধিক্ষেত্র আছিল গুৱাহাটীৰ এই সমাধিক্ষেত্র । গুৱাহাটীৰ যুদ্ধ সমাধিক্ষেত্রত জাপানৰ ১২ গৰাকী সৈনিকৰ কবৰ আছিল । ২০১২ চনত জাপান চৰকাৰে সেইসকল সৈনিকৰ কবৰ তথা অৱশেষত তেওঁলোকৰ নিজৰ দেশলৈ ঘূৰাই নিয়ে ।
অসমত কমনৱেলথ ৱাৰ গ্ৰেভৰ ভিতৰত দুটা সমাধিক্ষেত্র আছে । এটা আছে গুৱাহাটীত আৰু আনটো আছে ডিগবৈত । ডিগবৈৰ সমাধিক্ষেত্রত দ্বিতীয় বিশ্বযুদ্ধৰ ২০০ গৰাকী সৈনিকৰ কবৰ আছে । গুৱাহাটীৰ যুদ্ধ সমাধিক্ষেত্রত ভাৰত, ব্ৰিটেইন, নিউজীলেণ্ড, অষ্ট্ৰেলিয়া, কানাডা আৰু চীনৰ সৈনিকৰ কবৰ আছে । সৰ্বাধিক কবৰ আছে ব্ৰিটেইনৰ সৈনিকৰ ।
সমাধিক্ষেত্রত আৰ্মীৰ ৪০২ গৰাকী সৈনিকৰ সমাধি আছে আৰু অচিনাক্ত ২৪ গৰাকী সৈনিকৰ কবৰ আছে । সেইদৰে বায়ুসেনাৰ ৬৯ গৰাকী চিনাক্ত আৰু এগৰাকী অচিনাক্ত সৈনিকৰ কবৰ আছে । সেইদৰে নৌবাহিনীৰ তিনিগৰাকী সৈনিকৰ কবৰ আছে । তদুপৰি, আন বিবিধ ক্ষেত্রৰ ১১টা কবৰ আছে । সমাধিক্ষেত্রত ব্ৰিটেইনৰ ৩৩৪টা, অষ্ট্ৰেলিয়াৰ ৪টা, কানাডাৰ ৪ টা, ভাৰতৰ ১৪৩টা, নিউজীলেণ্ডৰ এটা আৰু চীনৰ ২৪টা কবৰ আছে ।
এই সমাধিক্ষেত্র গুৱাহাটী বেপ্টিষ্ট গীৰ্জাৰ কবৰস্থানৰ এটা অংশক লৈ স্থাপন কৰা হৈছিল । যাক পূৰ্বতে অসমৰ বেপ্টিষ্ট গীৰ্জা বুলি জনা গৈছিল । যিটো ১৮৪৫ চনত নৱগ্ৰহ শ্মশানৰ ওচৰত স্থাপিত হৈছিল । ১৮৩৯ চনত আমেৰিকান মিছনেৰীসকলৰ আগমনৰ লগে লগে প্ৰায় ৬ বিঘা ভূমিক অঞ্চলটোৰ বেপ্টিষ্টসকলৰ বাবে কবৰস্থান হিচাপে মনোনীত কৰা হৈছিল ।
যুদ্ধ সমাধিক্ষেত্ৰত বেছিভাগ দৰ্শনাৰ্থী স্থানীয় লোক । ইয়াত সমাধিস্থ হোৱা কেইজনমান সৈনিকৰ আত্মীয়সকল কেতিয়াবা ইয়ালৈ আহে । বেছিভাগ লোক ব্ৰিটেইনৰ পৰাই আহে আৰু নিজৰ আপোনজক অৰ্থাৎ সমাধিস্থ সৈনিকৰ কবৰত শ্ৰদ্ধা নিবেদন কৰে । উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত উত্তৰ-পূবৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল । কিয়নো মিত্ৰশক্তিয়ে গুৱাহাটীক সামৰিক শিবিৰ আদি স্থাপনৰ বাবে ব্যৱহাৰ কৰিছিল । কমনৱেলথ ৱাৰ গ্ৰেভছ কমিছনৰ দ্বাৰা যুদ্ধ সমাধিক্ষেত্ৰৰ ৰক্ষণাবেক্ষণ কৰা হৈছে ।
দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা
দ্বিতীয় বিশ্বযুদ্ধ আছিল আটাইতকৈ ৰক্তক্ষয়ী আৰু লগতে পৃথিৱীৰ প্ৰায় প্ৰতিটো প্ৰান্তৰ সৈতে জড়িত সৰ্ববৃহৎ যুদ্ধ । দ্বিতীয় বিশ্বযুদ্ধ বুলি ক'লে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায় । বিশ্বৰ মহাশক্তিসমূহৰ লগতে প্ৰায় সকলোবোৰ দেশেই জড়িত হৈ পৰা এই যুদ্ধত দুটি বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হৈছিল । এটা আছিল মিত্রশক্তি আৰু আনটো আছিল অক্ষীয় শক্তি । এই মহাসমৰক ইতিহাসৰ সকলোতকৈ বিস্তৃত যুদ্ধ বুলি ধৰা হয় । য'ত ১০ কোটিতকৈয়ো অধিক লোকে সামৰিক সেৱা আগবঢ়াইছিল ।
যুদ্ধত আগভাগ লোৱা জাতিসমূহে এই সময়ছোৱাত নিজৰ সকলো অৰ্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সমল এই যুদ্ধৰ বাবে প্ৰয়োগ কৰিছিল । যাৰ বাবে সামৰিক আৰু অসামৰিক সমলসমূহৰ পাৰ্থক্যই নোহোৱা হৈ গৈছিল । ইতিহাসৰ কুখ্যাত এই যু্দ্ধত ৫ৰ পৰা ৭ কোটিমান লোকৰ মৃত্যু হৈছিল । ইয়াৰ পৰা এটা কথা ক'ব পাৰি যে দ্বিতীয় বিশ্বযুদ্ধ মানৱ ইতিহাসৰ সকলোতকৈ ঘাতক যুদ্ধ আছিল ।