ETV Bharat / state

কোন সঁচা কোন মিছা : ম্লান পৰিব নেকি কমল দুৱৰা মহাবিদ্যালয়ৰ গৰিমা ! - Dergaon Kamal Dowerah College

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 7:15 PM IST

DKD college Principal: গৰিমা ম্লান হোৱাৰ পথত দেৰগাঁৱৰ গৌৰৱ কমল দুৱৰা মহাবিদ্যালয়ৰ । ইটোৰ পাচত সিটো অভিযোগ অধ্যক্ষ ৰঞ্জিত কুমাৰ বৰদলৈৰ বিৰুদ্ধে ৷ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উত্থাপনত হোৱা অভিযোগক লৈ দেৰগাঁৱৰ সচেতন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । পিছে সকলো অভিযোগ প্ৰত্যাখ্যান অধ্যক্ষগৰাকীৰ ৷

DKD college Principal
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰঞ্জিত কুমাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ (ETV Bharat Assam)

গোলাঘাট, ২৪ জুলাই: এইবাৰ ৰাজ্যৰ এখন আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত হৈছে ইটোৰ পাচত সিটো ৰাজহুৱা অভিযোগ ৷ শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ড° ৰঞ্জিত কুমাৰ বৰদলৈয়ে কেৰেপ নকৰে কালৈকো । নিজ খেয়ালখুচি মতে সকলো কাম-কাজ কৰি ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজৰ লগতে সকলো পক্ষকে অসন্মান কৰি আহিছে । এই অভিযোগ একাংশ প্ৰাক্তন ছাত্ৰৰ ।

মহাবিদ্যালয়খনলৈ অহা বিভিন্ন শিতানৰ পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰতো যথেষ্ট অনিয়ম সংঘটিত কৰি অধ্যক্ষগৰাকীয়ে নিজেই বহু সময়ত ঠিকাদাৰৰ ভূমিকাতো অবৰ্তীণ হোৱাৰো অভিযোগ উত্থাপিত হৈছে । মন কৰিবলগীয়া যে এনেধৰণৰ কাম-কাজৰ অনিয়মক লৈ বিভিন্ন মাধ্যমত চৰ্চা হোৱাৰ পাচতে কিছুদিনৰ পূৰ্বে মহাবিদ্যালয়খনত মুখ্যমন্ত্ৰী তদাৰকী দলে অনুসন্ধান কৰিবলৈ আহিব লগা হোৱাৰ দৰে লজ্জাজনক ঘটনাও সংঘটিত হৈছিল ।

দেৰগঁঞা ৰাইজৰ আৱেগ জড়িত হৈ থকা শিক্ষানুষ্ঠানখনলৈ মুখ্যমন্ত্ৰী তদাৰকী দল আহিব লগা হোৱা বিষয়টোক লৈও মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ অধ্যক্ষ, প্ৰাক্তন অধ্যাপক আৰু প্ৰাক্তন শিক্ষাৰ্থীয়ে দুখ প্ৰকাশ কৰি নিজৰ নিজৰ ক্ষোভ প্ৰকাশ কৰে সংবাদ মাধ্যমৰ সন্মুখত । অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উঠা আন এক গুৰুতৰ অভিযোগ হ'ল ৰাইজৰ আৰ্থিক অনুদান আৰু সহযোগিতাৰে প্ৰায় দহ বছৰ পূৰ্বেই অনুষ্ঠিত হোৱা সোণালী জয়ন্তী অনুষ্ঠানৰ আয়-ব্যয়ৰ হিচাপ অধ্যক্ষগৰাকীয়ে আজি পৰ্যন্ত ৰাজহুৱা নকৰিলে । যাৰ বাবে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ অধ্যক্ষগৰাকীৰ মতে, অধ্যক্ষগৰাকীয়ে বহু কথা পৰিচালনা সমিতিখনক ভালকৈ নজনায় । অধ্যক্ষই সকলো কথা পৰিচালনা সমিতিক জনোৱাৰ নিয়ম নাই বুলিও মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে । ইফালে অধ্যক্ষৰ মতে, পৰিচালনা সমিতিখনৰ বিশেষ কোনো কাম নাই । থাকিব লাগে বাবেহে সমিতিখন আছে । শিক্ষাৰ দিশত যথেষ্ট সুনাম থকা আৰু দেৰগাঁৱৰ বহুকেইগৰাকী সন্মানীয় ব্যক্তিৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খন এগৰাকী অধ্যক্ষৰ বাবে সমালোচিত হ'ব লগা বিযয়টোৱে লজ্জিত কৰিছে সকলো স্তৰৰ ৰাইজক ।

ইপিনে অভিযোগ উঠা সকলো বিষয় সৰ্ন্দভত অধ্যক্ষগৰাকীয়েও নিজৰ মন্তব্য প্ৰদান কৰিছে । অধ্যক্ষ ড° ৰঞ্জিত কুমাৰ বৰদলৈৰ ভাষ্য মতে, সকলো অভিযোগ মিছা । তেখেতৰ দিনত কোনো ধৰণৰ অনিয়ম সংঘটিত হোৱা নাই ।

এতিয়া কোন সঁচা কোন মিছা সেয়া সময়ত পোহৰলৈ আহিব । কিন্তু এগৰাকী অধ্যক্ষৰ মইমতালিৰ বাবে এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ শিৰোনাম হোৱা কথাটোৱে লজ্জিত কৰি তুলিছে দেৰগাঁওবাসী তথা বিদ্ব্যৎ মহলক ।

লগতে পঢ়ক: এই বাজেট প্ৰসংগত নেতিবাচক দিশত ক’বলগীয়া নাই : শম্ভুনাথ সিং - INDIA BUDGET 2024

লগতে পঢ়ক: এতিয়াৰ পৰা কোনো নগৰতে সহজ নহ'ব অট্টালিকা নিৰ্মাণ ! - Minister Ashok Singhal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.