গুৱাহাটী,৮ জুন: আজি বিশ্ব মস্তিষ্ক টিউমাৰ দিৱস । সমগ্ৰ বিশ্বৰ লগতে অসমতো এই দিৱস পালন কৰা হৈছে । এই উপলক্ষে শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদবক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এই দিৱস পালন কৰা হয় । এই কেন্দ্ৰটোত আয়োজিত এক অনুষ্ঠানত হৃদবক্ষ আৰু স্নায়ুকেন্দ্ৰৰ সঞ্চালক ডাঃ বসন্ত কুমাৰ বৈশ্যই কয় যে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই দিৱসৰ আয়োজন কৰা হৈছে ।
আৰম্ভণিতে এই ৰোগৰ লক্ষণসমূহ চিনাক্ত কৰি চিকিৎসা কৰিবলৈ সজাগ কৰাৰ সময় আহি পৰিছে । ৰোগবিধৰ লক্ষণ ধৰা পৰিলে চিকিৎসা সোনকালেই আৰম্ভ কৰিব পাৰি বুলি কয় বিশিষ্ট চিকিৎসকগৰাকীয়ে । তেওঁ পুনৰ কয় যে মস্তিকৰ টিউমাৰ মানেই বহুতে ভাবে যে এই ৰোগৰ পৰা উপশম লাভ কৰাটো সম্ভৱ নহয় ।
ডাঃ বসন্ত কুমাৰ বৈশ্যই পুনৰ কয় যে ২০০০ চনত জাৰ্মান ব্ৰেইন টিউমাৰ এছ’চিয়েছনে প্ৰথমবাৰৰ বাবে বিশ্ব মস্তিষ্ক টিউমাৰ দিৱস পালন কৰিছিল । ইয়াৰ পিচত ৮ জুন তাৰিখে বিশ্বৰ বিভিন্ন প্ৰান্তত এই দিৱস পালন কৰা হৈছে । এতিয়া বিশ্বত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে বিশ্বত প্ৰতি বছৰে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা দহ শতাংশ বৃদ্ধি পাইছে । ২০৩০ চনত এই ৰোগত আক্ৰান্তৰ সংখ্যা ভালেখিনি বাঢ়িব । আজি বিশ্বত প্ৰতি এক লাখ লোকৰ ভিতৰত পাঁচগৰাকী লোক এই ৰোগত আক্ৰান্ত হয় ।
আনহাতে, ভাৰতত প্ৰতি বছৰে দুইৰ পৰা আঢ়ৈ লাখ লোকৰ মস্তিস্কৰ এই ৰোগ হয় । মগজুৰ ভিতৰত অনিয়ন্ত্ৰিতভাৱে কোষৰ বৃদ্ধিকে টিউমাৰ বুলি কোৱা হয় । মগজুৰ টিউমাৰ মানেই কেঞ্চাৰ নহয় । এই টিউমাৰ দুই ধৰণৰ- বিনাইন আৰু কৰ্ছোজেনিক । কেতিয়াবা শৰীৰৰ অন্যান্য অংশত হোৱা কেঞ্চাৰ মস্তিষ্কলৈ সম্প্ৰসাৰিত হয় । এই ৰোগ মানে কেঞ্চাৰ বুলি ভবা কথাটোৰ পৰা আমি ওলাই আহিব লাগিব বুলি তেওঁ কয় । এই ৰোগৰ চিকিৎসা নিৰ্ভৰ কৰে ৰোগীগৰাকী চিকিৎসকৰ ওচৰলৈ কেতিয়া আহিছে তাৰ ওপৰত ।
যদিও কিছুমান টিউমাৰৰ লক্ষণ ফুটি উঠা দেখা যায় তথাপি এনে এক ধৰণৰ টিউমাৰ আছে যাৰ কোনো লক্ষণ ফুটি নুঠে । যেতিয়া এই ৰোগৰ লক্ষণ ফুটি উঠে তেতিয়ালৈকে ৰোগে জটিল ৰূপ ধাৰণ কৰে বুলি চিকিৎসকগৰাকীয়ে কয় । সাধাৰণতে যদি মূৰৰ বিষ দিনে দিনে বাঢ়ি থাকে তেতিয়া এই ৰোগৰ লক্ষণ হিচাবে গণ্য কৰিব লাগে । তদুপৰি পুৱতি নিশা বা পুৱা এই বিষ বাঢ়িব পাৰে । মৃগী ৰোগৰ দৰে লক্ষণ ফুটি উঠে । এনে ৰোগীৰ শৰীৰৰ এফালে বা দুফালে দুৰ্বল হৈ থাকিব । কাণেৰে কম শুনা, চকুৰে একেটা বস্তুকে দুটা দেখা আদি লক্ষণ ফুটি উঠিব পাৰে বুলি তেওঁ কয় ।
লগতে পঢ়ক: Mobile Blood Donation Van: ৰাজ্যৰ সকলো চিকিৎসালয়ত উপলব্ধ হ'ব ভ্ৰাম্যমান ৰক্তদান বাহন: মুখ্যমন্ত্রী