ETV Bharat / state

গছ কাটিব যে নালাগে সেই শিক্ষা ক'ভিডে আমাক দিছে; বন ধ্বংসৰ বাবে অৰণ্য মানৱৰ দুখ - Jadav Payeng on planting trees

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 5:01 PM IST

Nature awareness camp: ৰাজ্যৰ জলবায়ু অনুসৰি কোন কোন সময়ত গছপুলি ৰোপণ কৰিব লাগে আৰু কোন সময়ত ৰোপণ কৰিব নালাগে সেই বিষয়ে ব্য়াখ্য়া কৰিলে অৰণ্য মানৱ যাদৱ পায়েঙে ।

Nature awareness camp
অৰণ্য মানৱ যাদৱ পায়েং (ETV BHARAT ASSAM)

মৰাণ, ১৪ মে’: বৰ্তমান সময়ত প্ৰকৃতিৰ ভাৰসাম্যতাক লৈ চিন্তিত হ'বলগা হৈছে মানৱ জাতি । কিয়নো প্ৰকৃতিৰ অস্বাভাৱিক পৰিৱৰ্তনত বহু ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে মানৱ সমাজ । সেইবাবে প্ৰকৃতিক সুৰক্ষিত কৰিবলৈ বৃক্ষৰোপণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে অৰণ্য মানৱ যাদৱ পায়েঙে । নাহৰকটীয়াৰ চাচনীৰ মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পত ১৩ মে'ৰ পৰা দুদিনীয়াকৈ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত সূৰুযমুখী এন জি অ'ৰ দ্বাৰা পৰিৱেশ শিক্ষা কাৰ্যসূচীৰ অধীনৰ সজাগতা শিবিৰত অংশগ্ৰহণ কৰি অৰণ্য মানৱে এইদৰে আহ্বান জনায় ।

নৱ প্ৰজন্মৰ মাজত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰকৃতি সজাগতা শিবিৰত ডিব্ৰুগড় জিলাৰ ১৪ খন চৰকাৰী বিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ এটা গোটে অংশগ্ৰহণ কৰে । সূৰুযমুখীৰ বিষয়ববীয়া মনোজ দত্তই আঁতধৰা এই অনুষ্ঠানত উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং । ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে অনুষ্ঠিত এই প্ৰকৃতি শিবিৰত ছাত্ৰ-ছাত্ৰী সকলে অৰণ্য মানৱ যাদৱ পায়েঙৰ সৈতে প্ৰকৃতিৰ বিভিন্ন বিষয়ত মতবিনিময় কৰে ।

অৰণ্য মানৱ যাদৱ পায়েঙে প্ৰকৃতিৰ প্ৰতি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে দায়িত্ব সহকাৰে কাম কৰি যাবলৈ আহ্বান জনাই কয়, "গছপুলি ৰোপণ কৰি পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ লগতে সেউজীয়া কৰি ৰখাৰ বাবে সকলোৱে গুৰুত্ব দিব লাগে ।" সেউজ বনাঞ্চলখন সুৰক্ষিত নকৰিলে অনাগত দিনত পৰিৱেশে ভয়াৱহ ৰূপ ল’ব বুলিও তেওঁ সকীয়াই দিয়ে ।

ৰাজ্যৰ জলবায়ু অনুসৰি কোন কোন সময়ত গছপুলি ৰোপণ কৰা দৰকাৰ আৰু কোন কোন সময়ত গছ পুলি ৰোপন কৰিব নালাগে সেই বিষয়েও অৰণ্য় মানৱে পৰামৰ্শ আগবঢ়ায় চৰকাৰ তথা জনসাধাৰণক । তেওঁ উন্নয়নৰ নামত ভাৰতত গছ কাটি পেলোৱাক লৈ ক্ষোভ প্ৰকাশ কৰে । যাদৱ পায়েঙে কয়, "উন্নয়নৰ নামত ভাৰতৰ বাহিৰে অন্য দেশত গছ নাকাটে । আধুনিক টেকনোল'জিৰ ব্যৱহাৰ কৰি অন্য দেশত উন্নয়নৰ কাম কৰা হৈছে যদিও ভাৰতবৰ্ষত গছ কাটি উন্নয়ন কৰা হৈছে ।"

এই ক্ষেত্ৰত ভাৰতৰ উন্নয়ন পৰিকল্পনা কৰা বিষয়াৰ গাত দোষ আছে বুলি উল্লেখ কৰি যাদৱ পায়েঙে কয়," গছ কাটিব যে নালাগে সেই বিষয়ে ক'ভিডে আমাক উচিত শিক্ষা দি গৈছে । কাৰণ অক্সিজেনৰ অভাৱতে ক'ভিডত মানুহ মৰিল ।" সেয়ে সকলোকে পৃথিৱীক ভাল পাবলৈ আহ্বান জনালে যাদৱ পায়েঙে ।

লগতে পঢ়ক:হাতী-মানুহৰ সংঘাত ৰোধৰ কাম আমিয়েই কৰিব লাগিব- অৰণ্য মানৱ

World Environment Day:টীয়কত বিশ্ব পৰিৱেশ দিৱস উদযাপন

গণতান্ত্ৰিক দেশত আন্দোলন কৰাৰ প্ৰত্যেকৰে অধিকাৰ আছে: অৰণ্য মানৱ যাদৱ পায়েং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.