ETV Bharat / state

প্ৰচাৰিত ম্যেনুত থকা খাদ্য কেবিনেট বৈঠকৰ ভোজত নেদেখিলে জয়ন্ত মল্লবৰুৱাই - Cabinet meeting in Nalbari

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 10:35 PM IST

Food items in Nalbari cabinet meeting: নলবাৰীৰ কেবিনেট বৈঠকৰ খাদ্য তালিকাখন সংবাদ মাধ্যমে ভুলকৈ প্ৰচাৰ কৰাৰ অভিযোগ জয়ন্ত মল্লবৰুৱাৰ ৷ সেয়ে সংবাদ মাধ্যমক স্পষ্টীকৰণৰ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে ৷

Food items in Nalbari cabinet meeting
কেবিনেট বৈঠকৰ খাদ্য তালিকা সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

গুৱাহাটী, ২৮ জুন : নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত 22 বিধ ব্যঞ্জনৰ ব্যৱস্থা কৰি মুখ্যমন্ত্ৰীৰ ধমক খালে জিলা আয়ুক্তই ৷ এতিয়া মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৈছে সংবাদ মাধ্যমতহে খাদ্য তালিকাখন ভুলকৈ প্ৰচাৰ হ’ল ৷ সেয়ে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰতি আহ্বান জনাইছে এই সম্পৰ্কে স্পষ্টীকৰণ দিবলৈ ৷

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে সংবাদ মাধ্যমত প্ৰচাৰিত ব্যঞ্জনৰ গোটেইখিনি কেবিনেট বৈঠকত নাছিল ৷ নলবাৰীৰ থলুৱা খাদ্যহে খুওৱা হৈছিল ৷ সাধাৰণ জনতাৰ মাজত সংবাদ মাধ্যমে ভুলকৈ প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি স্পষ্টীকৰণৰ জৰিয়তে সাধাৰণ জনতাৰ মনত থকা ভুল আঁতৰোৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনালে সংবাদ মাধ্যমৰ প্ৰতি ৷

মন্ত্ৰী মল্লবৰুৱাই কয়, ‘‘নিউজটো বেলেগকৈ ওলাইছে ৷ তাত কোনো ব্যয়বহুল ম্যেনু নাছিল ৷ কলডিলৰ ভজি, তিলৰ চাটনি, পদিনাৰ চাটনি আদিবোৰ থলুৱা খানা ৷ নলবাৰীৰ আয়ুক্তই ঘৰুৱা খানা খুৱাবলৈ বিচাৰিছিল ৷ খুউব কম ব্যয়ৰ মাজেৰে হৈছে ৷ সাধাৰণ ভাত আৰু ৰুটিৰ বাদে তাত বিৰিয়ানী, পোলাও নাছিল ৷ ম্যেনুত লিখা বস্তুবোৰ তাত নাই ৷ ঢেঁকীয়া ভাজি, মাছ, খাচী মাংস, তিল বটা ইত্যাদি আছিল । সংবাদ মাধ্যমত প্ৰচাৰিত তালিকাখন সত্য নহয় । ৰেডিশ্যন বা তাজৰ পৰা ৰান্ধনী নি বনোৱা নাই ৷’’

লগতে পঢ়ক: খাহীৰ তেলেৰে মাহৰ দাইলৰ ভোজ খুৱাই ধমক খালে বৰ্ণালী ডেকাই : জিলা আয়ুক্তলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ

নলবাৰীৰ ৰান্ধনীৰ দ্বাৰা নলবাৰীৰ থলুৱা খাদ্য হে খোৱাৰ চেষ্টা কৰা হৈছিল বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় নলবাৰীৰ এজন সাধাৰণ ৰান্ধনীয়ে প্ৰস্তুত কৰিছিল খাদ্য । সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত মুখ্যমন্ত্ৰীয়ে অসন্তুষ্টি ব্যক্ত কৰিছে ৷

উল্লেখ্য যে বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ কেবিনেটৰ বৈঠক । কেবিনেটে জনসাধাৰণৰ মন আকৰ্ষিত কৰিব পৰাকৈ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পিচত সকলো উৎসাহৰ মাজতে জিলা প্ৰশাসনে আয়োজন কৰা মেটমৰা খাদ্য সম্ভাৰে অস্বস্তিত পেলালে ৰাজ্য চৰকাৰক ৷

লগতে পঢ়ক: নলবাৰীত 22 বিধ ব্যঞ্জন উদৰ পূৰাই খাব মুখ্যমন্ত্ৰী-মন্ত্ৰীয়ে

কালিৰ কেবিনেটত নলবাৰী জিলা প্ৰশাসনে আয়োজন কৰা মাছ-মাংসকে ধৰি ২২ বিধ ব্যঞ্জনৰ তালিকা ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷ সমালোচনাত মুখৰ হৈ পৰে ফেচবুকত ভিন্নজন ৷ যাৰ বাবে অৱশেষত এই লৈ মুখ্যমন্ত্ৰীৰ ধমক খালে আয়ুক্ত বৰ্ণালী ডেকাই ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক পত্ৰযোগে নলবাৰীৰ আয়ুক্ত বহু বিতৰ্কিত আই এ এছ বিষয়া বৰ্ণালী ডেকাক আজি নিজৰ অসন্তুষ্টি জনাই সকীয়নি প্ৰদান কৰিছে । ইয়াৰ পিচতে এই সমগ্ৰ বিষয়ত মন্তব্য আগবঢ়ায় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

লগতে পঢ়ক: কেবিনেটৰ সিদ্ধান্তত ক্ষুব্ধ নলবাৰীৰ অ’ বি বি শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.