ETV Bharat / state

অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰাৰ লক্ষ্য প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ - Ex ULFA Coordination Committee

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 9:03 PM IST

Ex ULFA Coordination Committee: ৰাজ্যৰ প্ৰাক্তন আলফা নেতা-সদস্যসকলক সংগঠিত কৰি আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে অৰ্থনৈতিকভাৱে জাতিটোক গঢ়ি তোলাৰ লক্ষ্য প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ ৷ ৰাজনীতিৰ পৰা দূৰত থাকি অৰ্থনৈতিকভাৱে জাতিটোক সুৰক্ষিত কৰাত গুৰুত্ব প্ৰাক্তন আলফা জিতেন দত্তৰ ।

Ex ULFA Coordination Committee
বৰপেটাত প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সভা (Etv Bharat Assam)

বৰপেটা ১০ ছেপ্টেম্বৰ: প্ৰাক্তন আলফা নেতা জিতেন দত্ত আৰু হীৰা শৰণীয়াৰ নেতৃত্বত বৰপেটাত মঙলবাৰে প্ৰাক্তন আলফা সমন্বৰক্ষী সমিতিৰ এখন সভা অনুষ্ঠিত হয় । প্ৰাক্তন আলফা নেতা জিতেন দত্তই সভাত ৰাজ্যৰ প্ৰাক্তন আলফা নেতাসকলক সংগঠিত কৰি আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে অৰ্থনৈতিকভাৱে জাতিটোক গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰি লোৱা বুলি মন্তব্য কৰে ।

ইপিনে অসমত বহিৰাগত আগ্ৰাসনক লৈ আশংকা ব্যক্ত কৰি জিতেন দত্তই ইতিমধ্যে ৰাজ্যৰ ১৫খন জিলত অসমীয়া সংখ্যালঘুত পৰিণত হোৱাৰ ভয়াবহ পৰিস্থিতিৰ কথাও ব্যক্ত কৰে । এনেদৰে বহিৰাগত আগ্ৰাসন অব্যাহত থাকিলে অহা দহ বছৰত অসমত অসমীয়াৰ অস্তিত্বই বিপন্ন হৈ পৰিব বুলি মন্তব্য কৰে জিতেন দত্তই ৷ অসমীয়াৰ অস্তিত্ব সুৰক্ষিত কৰি ৰাখিবলৈ এটা জাতীয় শক্তিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি আজিৰ তাৰিখত তীব্ৰ জাতীয় চেতনা থকা প্ৰাক্তন আলফা কেডাৰক সংগঠিত কৰিব পাৰিলে জাতিটোক সুৰক্ষা দিয়াৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবেও অৰ্থনৈতিক সংগ্ৰামখনৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে দত্তই ।

লগতে পঢ়ক: অৰ্থনৈতিক বিপ্লৱ কৰি পিঠিত লাগি থকা ছালফা শব্দটো আঁতৰাব বিচাৰিছোঁ : জিতেন দত্ত - Ex ULFA militant

অৱশ্যে ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা প্ৰাক্তন আলফা কেডাৰসকলক আঁতৰাই ৰাখিব বিচৰা বুলি মন্তব্য কৰে জিতেন দত্তই ৷ তেওঁ কয় "অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব নোৱাৰিলে অসমৰ ৰাজনীতি অইনে নিয়ন্ত্রিত কৰি থাকিব । অসমত ভোটবেংকৰ স্বাৰ্থত কোনোবাই মিঞাৰ নামত অথবা আন কোনোবাই বাঙালীৰ নামত ৰাজনীতি কৰিছে । সেয়ে ৰাজনীতিৰ পৰা দূৰত থাকি অৰ্থনৈতিকভাৱে জাতিটোক সুৰক্ষিত কৰিব লাগিব ।"

আনহাতে প্ৰাক্তন আলফাৰ সভাত অংশ লৈ প্ৰাক্তন আলফা নেতা তথা কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ নৱ শৰণীয়া ওৰফে হীৰা শৰণীয়াই আলফাৰ সংগ্ৰামখনৰ কৰুণ পৰিণতিক লৈ সকলোৱে দুখ পাই বুলি মন্তব্য কৰে । প্ৰাক্তন আলফাই আৰম্ভ কৰিব বিচৰা অৰ্থনৈতিক সংগ্ৰামখনক সহযোগিতা আগবঢ়াই যাব বুলি তেখেতে ঘোষণা কৰে । অৱশ্যে প্ৰাক্তন আলফা নেতাসকলৰ গাঁও অঞ্চলসমূহত পূৰ্বতে থকা নেতৃত্ব দিয়াৰ শক্তি হ্ৰাস পোৱা বুলিও মন্তব্য কৰে হীৰা শৰণীয়াই ৷ তেওঁ আলফাৰ পৰা ঘূৰি আহি ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰা কৃষি ফাৰ্মসমূহ এতিয়াও চলি থকা বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: সশস্ত্ৰ বিপ্লৱ নহয়, কৃষি বিপ্লৱেৰে হৃদয় জিনিছে প্ৰাক্তন আলফা কেডাৰে - Self Reliant Cultivator

প্ৰয়োজনত গণতান্ত্রিকভাৱে ওলাই অহাৰ হুংকাৰ প্ৰাক্তন আলফাৰ - Ex ULFA Coordination Committee

নিৰ্দোষী প্ৰাক্তন আলফা সদস্য হাৰাশাস্তিৰ সন্মুখীন হ’লে পুনৰ ৰাষ্ট্ৰবিৰোধী চিন্তা কৰিব : জীতেন দত্ত - Ex ULFA Coordination Committee

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.