ETV Bharat / state

ইটানগৰত ভয়ংকৰ বান : ডাৱৰ বিস্ফোৰণ নহয় ধাৰাসাৰ বৰষুণৰ বাবেহে এই পৰিস্থিতি - Itanagar Flood

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 3:47 PM IST

Itanagar Flood: অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত ভয়ংকৰ বান পৰিস্থিতি । বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ পিচতে অভাৱনীয় পৰিৱেশ চহৰখনত । কেইবাটাও গুৰুত্বপূৰ্ণ পথ বন্ধ হৈ আছে ।

Itanagar Flood
ইটানগৰত ভয়ংকৰ বান; ডাৱৰ বিস্ফোৰণ নহয় ধাৰাসাৰ বৰষুণৰ বাবে এই পৰিস্থিতি (ETV Bharat)

তেজপুৰ,২৪ জুন : অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰচণ্ড বৰষুণৰ ফলতে দেওবাৰে বানে ভয়ংকৰ ৰূপ লোৱা দেখা যায় । প্ৰথম অৱস্থাত ইয়াৰ কাৰণ ডাৱৰ বিস্ফোৰণ বুলি সন্দেহ কৰা হৈছিল যদিও শেহতীয়াকৈ বতৰ বিজ্ঞান বিভাগে নিশ্চিত কৰিছে যে এয়া ডাৱৰ বিস্ফোৰণৰ বাবে হোৱা নাছিল । নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ নামনি আৰু সমতলত থকা নৈসমূহ ওফন্দি উঠিছে আৰু যাৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইটানগৰত ভয়ংকৰ বান : ডাৱৰ বিস্ফোৰণ নহয় ধাৰাসাৰ বৰষুণৰ বাবেহে এই পৰিস্থিতি (ETV Bharat)

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ই টিভি ভাৰতক জনোৱা মতে বৰষুণৰ পৰিমাণ যথেষ্ট বৃদ্ধি পোৱাৰ ফলতে এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰত । সাধাৰণতে বৰষুণৰ পৰিমাণ প্ৰতি ঘণ্টাত ১০০ মিলিমিটাৰতকৈ বেছি হ'লে ডাৱৰ বিস্ফোৰণ হয় । ইফালে ৰাজ্যখনৰ স্বেচ্ছাসেৱী সংগঠন মেজিক ক্লাবে বানৰ ফলত জমা হোৱা অৱৰ্জনাসমূহ নিষ্কাষণৰ ব্যৱস্থা কৰিছে আৰু উদ্ধাৰকাৰী দলক সহযোগিতা আগবঢ়াইছে । যাৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে তেওঁৰ এক্সৰ এটা পোষ্টত সংগঠনটোৰ প্ৰশংসা কৰিছে ।

জানিব পৰা মতে সম্প্ৰতি ইটানগৰ আৰু নাহৰলগুণত পানী শুকাইছে যদিও পথসমূহ এতিয়াও যাতায়তৰ বাবে উপযোগী হোৱা নাই । প্ৰশাসনে পথসমূহ যাতায়তৰ বাবে মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ৰাজধানীৰ কাংক গাঁও, চিম্পু, বান্দৰদেৱা, কাৰচেংসা, প্ৰেছ কলনী পাপু নলাহ, চৌহ গাঁও, তাৰাজুলি, নিৰ্জুলি আদি অঞ্চল গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে । জিলা তথ্য আৰু জনসংযোগ বিভাগৰ তথ্য অনুসৰি কিমে পাকে, তাগিন কলনী, নীতি বিহাৰ অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । বানৰ ফলত ৩ লাখৰো অধিক লোক প্ৰভাৱিত হৈছে । বহুতো অঞ্চলত ভূমিস্খলনৰ ফলত ঘৰ ধ্বংস হৈছে ।

ইফালে নীতিবিহাৰ, তাগিন কলনী, কিমে পাকে অঞ্চলৰ প্ৰায়বোৰ ঘৰে খৰস্ৰোতাই উটুৱাই লৈ যায় । আনহাতে তাৰাজুলি, পাপু নলাহ আৰু প্ৰেছ কলনী অঞ্চলত ৭০ তকৈও অধিক ঘৰ জলমগ্ন হৈ পৰে । পাপু নলাহ অঞ্চলৰ এখন দলং সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ ফলত অঞ্চলটোত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে । ৰাজ্যখনৰ বিভিন্ন জিলাত নেৰানেপেৰা বৰষুণৰ ফলত কেইবাটাও গুৰুত্বপূৰ্ণ পথ বন্ধ হৈ আছে ।

আনহাতে যোৱা ১৭ জুনত পূব অৰুণাচল প্ৰদেশৰ টুটিঙত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত পাহাৰৰ এটা অংশ সম্পূৰ্ণৰূপে খহি পৰে আৰু যোগাযোগ ব্যাহত হৈ পৰে । যোৱা ৬ দিন ধৰি য়িঙকিয়ঙলৈ যোৱা একমাত্ৰ পথটো সম্প্ৰতি বন্ধ হৈ আছে । স্থানীয় লোক নৰবো শ্বেৰিঙে ই টিভি ভাৰতক জনাই যে বমডু গাঁৱৰ সমীপত থকা এটা হনুমান মন্দিৰৰ কাষত পাহাৰৰ অংশ খহি পৰে আৰু পথটোত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে ।

অৱশেষত শনিবাৰে সীমান্ত পথ সংস্থাৰ দলে পথটো যাতায়তৰ বাবে আংশিকভাবে মুকলি কৰে আৰু বৰ্তমানেও তাত কাম চলি আছে । অৰুণাচল প্ৰদেশৰ টুটিঙৰ পৰা ভাৰত-চীন সীমান্তৰ অন্তিমখন গাঁও গেলিঙলৈ যোৱা এইটো একমাত্ৰ পথ । ভাৰতীয় সেনা বাহিনী আৰু অন্যান্য সুৰক্ষা বাহিনীৰো একমাত্ৰ পথ । ভূমিস্খলন হোৱা স্থানৰ পৰা সীমান্তৰ মেক-মোহন লাইনলৈ মাত্ৰ ১৫০ কিলোমিটাৰ । বৰ্তমান সকলো যান-বাহনৰ চলাচল আৰু খাদ্য সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচলো বন্ধ হৈ আছে ।

লগতে পঢ়ক :অৰুণাচলত ডাৱৰ বিস্ফোৰণ: ৰাজধানী ইটানগৰত ব্যাপক ভূমিস্খলন; বানৰ ফলত স্তব্ধ জনজীৱন - Cloudburst in Arunachal pradesh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.