ETV Bharat / state

নেদাৰলেণ্ডৰ কোম্পানীয়ে ল’ব গুৱাহাটীক বানমুক্ত কৰাৰ দায়িত্ব - Flood in Guwahati

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 7:34 AM IST

Guwahati Flood: গুৱাহাটীৰ বান নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰে এইবাৰ চুক্তি কৰিব বিদেশী কোম্পানীৰ সৈতে ৷ নেদাৰলেণ্ডৰ কোম্পানীক দিয়া হ’ব গুৱাহাটী মহানগৰীত বান নিয়ন্ত্ৰণৰ দায়িত্ব ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত সোমবাৰে শপতনামা দাখিল ৰাজ্য চৰকাৰৰ মহাধিবক্তাৰ ৷

Flood in Guwahati
গুৱাহাটীৰ বানপানী (ETV Bharat)

গুৱাহাটী, ২০ আগষ্ট: গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ । নেদাৰলেণ্ডৰ কোম্পানীক বান নিয়ন্ত্ৰণৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত চৰকাৰৰ । ২১ আগষ্টত নেদাৰলেণ্ডৰ কোম্পানীৰ সৈতে স্বাক্ষৰ হ’ব বুজাবুজিৰ চুক্তি । গুৱাহাটী উচ্চ ন্যায়ালক এই তথ্য অৱগত কৰিলে মহাধিবক্তাই ।

গুৱাহাটী মহানগৰীত বিভীষিকাৰ সৃষ্টি কৰা কৃত্ৰিম বান সমস্যাৰে মোকাবিলা কৰাৰ বাবে বর্তমান থকা কর্ম-আঁচনি আৰু ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া সামগ্ৰিক পৰিকল্পনাৰ বিষয়ে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত সোমবাৰে শপতনামা দাখিল কৰিছে ।

উল্লেখ্য যে নর্থ-ইষ্ট ইক' ডেভেলপমেন্ট ছ'চাইটীয়ে গুৱাহাটীৰ পাহাৰ খনন আৰু কৃত্ৰিম বানক লৈ এখন ৰাজহুৱা স্বার্থজড়িত আবেদন কৰিছিল । লগতে যোৱা ৫ আগষ্টত বিয়লিৰ এজাক প্ৰবল বৰষুণৰ পাছত গুৱাহাটীত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰা কৃত্ৰিম বান সন্দৰ্ভত আদালতে নিজাববীয়াকৈ এখন জনস্বার্থজড়িত আবেদন গ্ৰহণ কৰিছিল । এই আবেদন দুখনৰ যোৱা ৭ আগষ্টত একেলগে শুনানি হয় । যোৱা ৭ আগষ্টত আদালতে এক শুনানিত দহ দিনৰ ভিতৰত শপতনামাযোগে এই বিষয়ে জনাবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল । উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ সুমন শ্যামৰ দুজনীয়া বিচাৰপীঠে এই নিৰ্দেশ দিয়ে ।

মন কৰিবলগীয়া যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে ৬ আগষ্টত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত গুৱাহাটীৰপৰা পানী ওলাই যাব নোৱাৰাৰ ফলত মহানগৰীখনত হোৱা কৃত্ৰিম বানে ৫ আগষ্টত সৃষ্টি কৰা অভাৱনীয় দুৰ্দশাৰ বিষয়ে উল্লেখ কৰি আদালতক এই বিষয়ত হস্তক্ষেপ কৰাৰ আৰ্জি জনাইছিল ।

লগতে পঢ়ক: যানজঁট-কৃত্রিম বানৰ মাজত ধীৰ গতিত মুখ্যমন্ত্রীৰ কনভয় - Guwahati Artificial Floods

জ্যেষ্ঠ অধিবক্তাজনৰ আৰ্জিৰ পাছত মুখ্য ন্যায়াধীশ বিষ্ণৈয়ে গুৱাহাটীৰ পাহাৰ খনন আৰু কৃত্ৰিম বানক লৈ ইতিমধ্যে বিচাৰাধীন আন এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ সৈতে বিষয়টো একেলগে শুনানি লোৱাৰ আশ্বাস দিছিল । সেই অনুসৰি, মুখ্য ন্যায়াধীশে ৭ আগষ্টত পূৰ্বৰ আবেদনখনৰ (নর্থ-ইষ্ট ইক' ডেভেলপমেন্ট ছ'চাইটীয়ে কৰা) সৈতে জ্যেষ্ঠ অধিবক্তা চৌধুৰীয়ে উত্থাপন কৰা গুৱাহাটীৰ শেহতীয়া কৃত্ৰিম বান সমস্যা সমাধানৰ আৰ্জিৰ বিষয়টো একেলগে তালিকাভুক্ত কৰিছিল ।

আদালতে ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াক গুৱাহাটীৰ বান সমস্যা সমাধানৰ সামগ্ৰিক পৰিকল্পনাৰ বিষয়ে দহ দিনৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিয়াৰ লগতে জ্যেষ্ঠ অধিবক্তা চৌধুৰীকো তেওঁৰ পৰামৰ্শাৱলী দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ।

এই সন্দৰ্ভত গোচৰীয়া পক্ষৰ অধিবক্তা চাহিজুদ্দিন আহমেদে কয়, ‘‘ৰাজ্য চৰকাৰৰ‌ শপত নামাত নেদাৰলেণ্ডৰ কোম্পানীক বান নিয়ন্ত্ৰণৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত চৰকাৰে উল্লেখ কৰিছে । ২১ আগষ্টত নেদাৰলেণ্ডৰ কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব‌ বুলি শপতনামাত কৈছে । লগতে বিভিন্ন বিভাগে বান নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ তথ্য অৱগত কৰিছে । গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫ খচৰাত গুৱাহাটীৰ বান সমস্যা সমাধানৰ সামগ্ৰিক পৰিকল্পনাৰ কথা শপতনামাত উল্লেখ আছে । অহা ২৭ আগষ্টত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব আদালতে ।"

লগতে পঢ়ক: পুনৰ কৃত্ৰিম বানৰ ফলত তীব্ৰ যানজঁট গুৱাহাটী মহানগৰীত - Guwahati Artificial Flood

গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে পাহাৰ কাটি গঢ়ি তোলা মেঘালয়ৰ প্ৰতিষ্ঠানকে দোষাৰোপ মুখ্যমন্ত্ৰীৰ - Artificial flood in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.