গুৱাহাটী, ১৪ আগষ্ট: অসমৰ ২৫ হাজাৰ ভক্তক সম্পূৰ্ণ চৰকাৰী খৰচত অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰাব ৰাজ্য চৰকাৰে । 'অসম পুণ্য তীৰ্থ যোজনা' নামৰ এখন আঁচনিৰ জৰিয়তে অসমৰ ভক্তক ৰাম মন্দিৰ দৰ্শন কৰোৱাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে । অতি সোনকালেই দিন-বাৰো ঘোষণা কৰিব অসম চৰকাৰে ৷ তাৰিখ ঘোষণা নকৰিলেও এই লৈ ইতিমধ্যেই সামাজিক মাধ্যমযোগে সময়সূচী আৰু কি সুবিধা ৰাম মন্দিৰ দৰ্শনাৰ্থী ভক্ত সকলে লাভ কৰিব সেয়া জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
Very soon, devotees from Assam will be able to have a darshan of their Ram Lala in a specially curated programme by Govt of Assam and @IRCTCofficial
— Himanta Biswa Sarma (@himantabiswa) August 14, 2024
Jai Shri Ram 🙏🏼 pic.twitter.com/Di8yiuVKVq
কি কি সুবিধা লাভ কৰিব ৰাম মন্দিৰ যাত্ৰাত :
'অসম পুণ্য তীৰ্থ যোজনা' আঁচনিখনৰ জৰিয়তে মুঠ ২৫০০০ ভক্তক অযোধ্যা ৰামলালা দৰ্শন কৰোৱাৰ লক্ষ্য অসম চৰকাৰৰ ৷ শীঘ্ৰেই অসম চৰকাৰ আৰু IRCTC ৰ যৌথ উদ্যোগত হ’ব লগা এই মন্দিৰ দৰ্শন কাৰ্যসূচীৰ সময়সূচী ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে শীঘ্ৰেই এই যাত্ৰা আৰম্ভ হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ ।
কেনেকুৱা হ’ব ৰাম মন্দিৰ দৰ্শন যাত্ৰা :
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি অসমৰ ভক্তসকলৰ বাবে সাম্ভাৱ্য ভ্ৰমণসূচী এনেধৰণৰ :
মাজনিশা ০০:০৫ বজাত গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ হ’ব ৷ পিছদিনা পুৱা ৬:০০ বজাত দৰ্শনাৰ্থীসকলৰ ৰে’ল অযোধ্যা ষ্টেচনত উপস্থিত হ’বগৈ । অযোধ্যাত উপস্থিত হোৱাৰ দিনাই মন্দিৰ দৰ্শন পৰ্ব আৰম্ভ হ’ব ৷ ৰে’ল ষ্টেচনৰ পৰা তেওঁলোকক হোটেললৈ নিয়া হ’ব আৰু তাৰ পাছত দিনটোত হনুমান গৰ্হি, ৰামলালা দৰ্শন আৰু সন্ধিয়া সৰযুঘাটৰ বিখ্যাত গংগা সান্ধ্য আৰতি দৰ্শন কৰোৱা হ’ব ।
মন্দিৰ দৰ্শন কৰোৱাৰ দ্বিতীয় দিনটোতেই নিশা ১১:৪৫ বজাত অসমলৈ বুলি অযোধ্যা ৰে’লৱে ষ্টেচনৰ পৰা ৰে’লৰ উভতনি যাত্ৰা আৰম্ভ হ’ব ৷ চতুৰ্থ দিনা দুপৰীয়া ১২:৩০ বজাত ভক্তসকল আহি উপস্থিত হ’ব গুৱাহাটীত ।
ভক্তসকলক কি সুবিধা প্ৰদান কৰিব অসম চৰকাৰে :
- অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন যাত্ৰাৰ সময়ত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পৰা উভতি গুৱাহাটী পোৱালৈকে ৰে’লত পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ, নিশাৰ আহাৰ আৰু মাজত লঘু আহাৰৰ ব্যৱস্থা কৰিব অসম চৰকাৰে ৷
- অযোধ্যাতো গা-পা ধোৱাৰ সুবিধাৰ লগতে দুপৰীয়া আৰু ৰাতিৰ আহাৰৰো ভক্তসকলক আগবঢ়াব চৰকাৰে ৷
- ৰে’লযাত্ৰা কালত প্ৰতিটো দবাত ট্যুৰ এস্কৰ্ট, হাউচকিপিং ষ্টাফ, নিৰাপত্তাৰক্ষীৰ সৈতে এটা নিৰ্দিষ্ট ৰে’ল ৰেকত একক ভ্ৰমণত ৮০০ যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব ৷
- যাত্ৰাকালত দক্ষ পৰিচালনাৰ বাবে এজন নিষ্ঠাবান আই আৰ চি টি চি ভ্ৰমণ তত্বাৱধায়কৰ ব্যৱস্থা কৰা হ’ব ৷
- যাত্ৰীসকলৰ ভ্ৰমণ বীমাৰ ব্যৱস্থাও কৰিব চৰকাৰে ৷
- অযোধ্যা ৰে’ল ষ্টেচনৰ পৰা অযোধ্যাৰ হোটেলৰ কোঠালৈ নিয়াৰ বাবে পৰিবহণ ব্যৱস্থা কৰাৰ লগতে ইউটিলিটি কিটৰো (টুথপেষ্ট, ব্ৰাছ, চাবোন, কম্বল আদি) ব্যবস্থা কৰিব ৰাজ্য চৰকাৰে ৷
কেনেকৈ আবেদন কৰিব বিনামূলীয়া ৰাম মন্দিৰ দৰ্শনৰ বাবে :
- ৰাম মন্দিৰ দৰ্শনৰ হিতাধিকাৰীসকলে কেনেকৈ আবেদন কৰিব ? বিবেচিত হোৱা প্ৰতিজন হিতাধিকাৰীক অসম চৰকাৰৰ 'অসম পুণ্য তীৰ্থ যোজনা' অধীনত বিনামূলীয়াকৈ অযোধ্যা ধামৰ শ্ৰীৰাম মন্দিৰ ভ্ৰমণৰ সুবিধা দিব চৰকাৰে । প্ৰাৰম্ভিক পৰ্যায়ত ২৫ হাজাৰ হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা ৷ অসম চৰকাৰৰ পৰ্যটন বিভাগক এই আঁচনিৰ ন'ডেল বিভাগৰ দায়িত্ব দিয়া হৈছে ৷
- ৰাম মন্দিৰ দৰ্শনৰ হিতাধিকাৰী হ’বলৈ হ’লে পুণ্য তীৰ্থ যোজনা এপ্লিকেচন ফৰ্মৰ মাধ্যমত অনলাইন আবেদন কৰিব লাগিব । অসম চৰকাৰে ২০২৪-২০২৫ বৰ্ষত পুণ্য তীৰ্থ যোজনাৰ সঠিক ৰূপায়ণৰ বাবে ২৫ কোটি টকাৰ বাজেট আবণ্টন কৰিছে । অসম পুণ্য তীৰ্থ যোজনাৰ অনলাইন এপ্লিকেচন ফৰ্ম বা অফলাইন এপ্লিকেচন ফৰ্ম বা ৱেবছাইট উপলব্ধ কৰাৰ দায়িত্ব বহন কৰিছে পৰ্যটন বিভাগ ।
- ৰাম মন্দিৰ দৰ্শনৰ সকলো খৰছ অসম চৰকাৰে বহন কৰিব যদিও হিতাধিকাৰীসকলে কেতবোৰ চৰ্ত পূৰণ কৰিব লাগিব । ৰাম মন্দিৰ দৰ্শন আঁচনিৰ হিতাধিকাৰী হ’বলৈ হ’লে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব । হিতাধিকাৰীৰ বয়স ১৮ বছৰ বা তাতকৈ অধিক হ’ব লাগিব । হিতাধিকাৰীসকল শাৰীৰিকভাৱে উপযুক্ত হ'ব লাগিব আৰু স্বাস্থ্যৰ কোনো সমস্যা থাকিব নালাগিব।
ৰাম মন্দিৰ দৰ্শন হিতাধিকাৰী হ’বলৈ কি কি প্ৰমাণপত্ৰ লাগিব:
অসম চৰকাৰৰ পুণ্য তীৰ্থ যোজনাৰ অধীনত অযোধ্যাৰ শ্ৰীৰাম মন্দিৰ দৰ্শনৰ বাবে আবেদন কৰাৰ সময়ত কেতবোৰ প্ৰমাণপত্ৰৰ যোগাৰ কৰিব লাগিব আপুনি ।
- অসমৰ বাসিন্দাৰ প্ৰমাণপত্ৰ । আধাৰ কাৰ্ড আৰু উপাৰ্জনৰ চাৰ্টিফিকেট
- বয়সৰ প্ৰমাণপত্ৰ আৰু জাতিগত প্ৰমাণপত্র
- প্ৰয়োজন হ'ব চিকিৎসকৰ পৰা স্বাস্থ্য সম্পৰ্কীয় প্ৰমাণপত্ৰ ।
- আপোনাৰ থাকিব লাগিব মোবাইল ফোন ৷ আবেদনৰ সময়ত সন্নিৱিষ্ট কৰিব লাগিব মোবাইল নম্বৰটো
ক’ত কৰিব পাৰিব আবেদন:
ৰাম মন্দিৰ দৰ্শন আঁচনিখনৰ সুবিধা লাভৰ বাবে অনলাইন আবেদন পুণ্য তীৰ্থ যোজনাৰ ৱেবছাইট উপলব্ধ হ’ব
গাওঁ পঞ্চায়ত বা পৰ্যটন বিভাগৰ জিলা কাৰ্যালয়ত অসম পুণ্য তীৰ্থ যাত্ৰা যোজনাৰ অফলাইন আবেদন কৰাৰ ফৰ্ম উপলব্ধ কৰা হ'ব
অসম পুণ্য তীৰ্থ যোজনাৰ আনুষ্ঠানিক গাইডলাইন প্ৰকাশ পোৱাৰ পিচত আবেদন পদ্ধতি মুকলি কৰা হ’ব । পৰ্যটন বিভাগৰ তৰফৰ পৰা জনোৱা মতে অসম পুণ্য তীৰ্থ যোজনাৰ আবেদন ফৰ্ম আৰু গাইডলাইন শীঘ্ৰেই মুকলি কৰা হ'ব । শীঘ্ৰেই অসম পৰ্যটন বিভাগৰ ৱেবছাইটত এয়া উপলব্ধ কৰা হ'ব ।
লগতে পঢ়ক: অযোধ্যাৰ ৰাম মন্দিৰ বিনামূল্যে দৰ্শনৰ বাবে অসম চৰকাৰৰ বিশেষ আঁচনি - Ayodhya Ram Mandir