ETV Bharat / state

অপেক্ষাৰ অন্ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৪-২৫ পৰ্যটন বৰ্ষ আৰম্ভ - Kaziranga National Park

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Kaziranga tourism year 2024-25: আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ । লগে লগে আৰম্ভ হ'ল ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন বৰ্ষ । মন্ত্ৰী-সাংসদৰ উপস্থিতিত আংশিকভাৱে মুকলি পৰ্যটকৰ বাবে কাজিৰঙাৰ বাগৰি, বুঢ়াপাহাৰ আৰু কাজিৰঙা বনাঞ্চল ।

The 2024-25 tourism year of Kaziranga National Park begins today
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৪-২৫ পৰ্যটন বৰ্ষ আৰম্ভ (ETV Bharat Assam)

কাজিৰঙা/কলিয়াবৰ,১ অক্টোবৰ: আৰম্ভ হ'ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৪-২৫ পৰ্যটন বৰ্ষ । মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ পৰ্যটকৰ বাবে কাজিৰঙাৰ বাগৰি, বুঢ়াপাহাৰ আৰু কাজিৰঙা বনাঞ্চল আংশিকভাৱে মুকলি কৰিলে মন্ত্ৰী-সাংসদে ।

কাজিৰঙাৰ দ্বাৰ মুকলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ বন তথা পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা । বাগৰি বনাঞ্চলৰ দ্বাৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে মন্ত্ৰী তথা সাংসদে ।

ইয়াৰে পিছতে জীপত উঠি কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ ডোঙা বন শিবিৰ পৰ্যবেক্ষণ কৰে মন্ত্ৰী-সাংসদে । তদুপৰি, অনুষ্ঠানতে এটা ইক’ শ্বপ মুকলি কৰাৰ লগতে দুখনকৈ গ্ৰন্থ মুকলি কৰা হয় । ইফালে উক্ত অনুষ্ঠানতে ইণ্ডিয়ান অইলে বন্যপ্ৰাণী উদ্ধাৰৰ বাবে এখন বাহন কাজিৰঙা বনবিভাগক অৰ্পণ কৰে ।

মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল:

আজি আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল । কহঁৰা, বাগৰিৰ লগতে বুঢ়াপাহাৰ বনাঞ্চলৰ দ্বাৰ মুকলি কৰা হয় । বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সহযোগত বিশ্বৰ পৰ্যটকৰ বাবে মুকলি কৰে বুঢ়াপাহাৰ বনাঞ্চলৰ দ্বাৰ । কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলত কোনো মন্ত্ৰী উপস্থিত নথকাত আক্ষেপ প্ৰকাশ বুঢ়াপাহাৰ জীপ চাফাৰী সন্থাৰ ।

বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল গঁড়, বনৰীয়া ম'হ, বাঘ, হাতী আৰু দল হৰিণৰ বসতিস্থল হোৱাৰ বাবে 'লেণ্ড আৱ বিগ ফাইভ এনিমেল' বুলি কোৱা হয় । সেয়ে, এই বনাঞ্চলৰ ৰাষ্ট্ৰীয় উদ্যানখনত এক বিশেষ মৰ্যাদা আছে । বিগ ফাইভ এনিমেলখ্যাত বুঢ়াপাহাৰ বনাঞ্চল বিভিন্ন বন্যজন্তুৰ ৰম্যভূমি । ৰয়েল বেংগল টাইগাৰৰ ছাইটিঙৰ বাবেও বিখ্যাত বুঢ়াপাহাৰ বনাঞ্চল ।

লগতে পঢ়ক: ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - Kaziranga National Park

সাজি-কাচি কাজিৰঙা সাজু : পৰ্যটকৰ বাবে এইবাৰ কি হ’ব বিশেষ ! - Kaziranga National Park

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.