ETV Bharat / state

চৰত কৰ্মৰত শিক্ষকৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে - Teachers Transfer Assam

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 5:36 PM IST

TET teacher transfer Assam : ২০২৫ চনৰ এপ্ৰিলৰ পৰা ইচ্ছানুসৰি গৃহ জিলালৈ বদলি হ’ব পাৰিব চৰৰ শিক্ষক ৷ এই কথা জনালে মুখ্যমন্ত্ৰীয়ে ৷ প্ৰতি বছৰে এক তৃতীয়াংশ চৰৰ শিক্ষকক কৰা হ’ব বদলি ।

TET Teacher Transfer Assam
প্ৰতিনিধিত্বমূলক ছবি (Getty Images)

গুৱাহাটী, ২ চেপ্টেম্বৰ : চৰ অঞ্চলত শিক্ষকতা কৰি থকা টেট উত্তীৰ্ণ শিক্ষকসকলৰ বাবে এক সুখবৰ । চৰ অঞ্চলত কৰ্মৰত টেট উত্তীৰ্ণ শিক্ষকসকল নিজৰ গৃহ জিলালৈ বদলি হ’ব পাৰিব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত‌ বিশ্ব‌ শৰ্মাই সোমবাৰে খানাপাৰাত শিক্ষকৰ স্থায়ী নিযুক্তিপত্ৰ বিতৰণ কৰি এই কথা ঘোষণা কৰে ।

চৰত কৰ্মৰত শিক্ষকৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘চৰ অঞ্চলত ১০-১২ বছৰ চাকৰি কৰা টেট উত্তীৰ্ণ নিয়মীয়া শিক্ষকসকলে বদলিৰ বাবে আবেদন কৰিব পাৰিব ৷ প্ৰতি বছৰে এক তৃতীয়াংশ হাৰত চৰৰ শিক্ষকক বদলি কৰা হ’ব ।’’ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ চৰ অঞ্চলত ১০-১২ বছৰ শিক্ষকতা কৰি থকা টেট উত্তীৰ্ণ শিক্ষকসকলে তেওঁলোকৰ ইচ্ছা অনুসৰি অহা বছৰৰ এপ্ৰিলত গৃহ জিলা অথবা গৃহ জিলাৰ ওচৰলৈ বদলি হ’ব পাৰিব ৷ এনেদৰে প্ৰতি বছৰে এক তৃতীয়াংশৰ হাৰত চৰৰ শিক্ষকক বদলি কৰা হ’ব । তিনিবছৰ এই প্ৰক্ৰিয়া চলিব । তেওঁলোকক কামৰ প্ৰতি ধন্যবাদ জনাই এই সুবিধা দিয়া হ’ব, যাতে তেওঁলোকে তেওঁলোকৰ সন্তানক বহল‌ পৃথিৱীখনৰ সন্ধান দিব পাৰে ।’’

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসম চৰকাৰে ৬০০০ টা প্ৰধান‌ শিক্ষকৰ পদত অনুমোদন‌ দিছে । আজি স্থায়ী নিযুক্তি লাভ কৰা শিক্ষকসকলে ছিনিয়ৰ হিচাপত প্ৰধান‌ শিক্ষকৰ বাবে আবেদন কৰিব পাৰে ।’’ তেওঁ কয়, ‘‘২০২১ৰ পৰা এতিয়ালৈ ১,২৪,৩৪৫ গৰাকী চৰকাৰী কৰ্মচাৰী নিযুক্তি দিয়া হ’ল । পূৰ্বে কোনো চৰকাৰে এই হাৰত চৰকাৰী নিযুক্তি দিব পৰা নাছিল । এতিয়াৰ পৰা আপোন ঘৰ আঁচনিৰ সুবিধাও পাব শিক্ষকসকলে ।’’

লগতে পঢ়ক : প'ৰ্টেলৰ জৰিয়তে চৰকাৰী চাকৰিয়ালে কৰিব পাৰিব বদলিৰ আবেদন

কোনো কাৰণতে যাবলৈ নিদিয়ে ছাইদুলু ছাৰক : ভৰিত সাৱটি কান্দিছে শিক্ষাৰ্থীয়ে

শিক্ষকৰ ক্ষেত্রত চৰকাৰৰ প্ৰণাম আঁচনিৰ বিপৰীত স্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.