ETV Bharat / state

এটা বাঘে ঘটিয়ে ঘটিয়ে পানী খুৱাইছে বন বিভাগক - Tiger Scare in Nagaon

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 8:57 PM IST

Updated : Jul 27, 2024, 9:03 PM IST

Tiger Scare in Nagaon: নগাঁৱৰ ধিঙত ঢেকীয়াপতীয়া বাঘৰ আতংক । ঘৰৰ পৰা ওলাই যাব নোৱৰা অৱস্থা সাধাৰণ লোকৰ । ইফালে নিজৰ জীৱনকো বিপদাপন্ন কৰি সাধাৰণ লোকক নিৰাপত্তা দিয়াত ব্যস্ত অৰ্ধশতাধিক বনকৰ্মী । বাঘৰ আক্ৰমণত আহত এগৰাকী বনকৰ্মীসহ পাঁচজন লোক । তাৰ পাচতো বিগত ২৪ দিনে ন ন কৌশল অৱলম্বন কৰি বাঘ খেদা অভিযান অব্যাহত ৰাখিছে বন বিভাগৰ লোকে ।

TIGER SCARE IN NAGAON
এটা বাঘে ঘটিয়ে ঘটিয়ে পানী খুৱাইছে বন বিভাগক (ETV Bharat Assam)

নগাঁও, ২৭ জুলাই: বিগত প্ৰায় ২৪ দিনে নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি কৰি আহিছে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াই । নগাঁৱৰ জুৰীয়াৰ জেঙনি, পুঠিমাৰী আদি অঞ্চলত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি অহা বাঘটোৱে আজি অৰ্থাৎ শনিবাৰে নগাঁৱৰ ধিঙৰ আঠগাঁও অঞ্চলৰ পথাৰত আশ্ৰয় লৈ থকাৰ তথ্য লাভ কৰে বন বিভাগে । ইয়াৰ পাচতেই সষ্টম হৈ পৰে বন বিভাগৰ লোক ৷ ঢেকীয়াপতীয়াটোক কৰায়ত্ত কৰিবলৈ বন বিভাগৰ এটা বৃহৎ দলে যুদ্ধংদেহী তৎপৰতা আৰম্ভ কৰে ।

বনৰজাক কৰায়ত্ত কৰিবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগে ?

ধিং অঞ্চলত আশ্ৰয় লোৱা বাঘটোক আজি ধৰিবলৈ বন বিভাগৰ লোকে শুকুৰবাৰে সুন্দৰবনৰ পৰা অনা উন্নত প্ৰযুক্তিৰ জাল ব্যৱহাৰ কৰিছে । ট্ৰেংকুলাইজ কৰাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ এটা দল উক্ত স্থানত নিয়োগ কৰি ৰখা হৈছে । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অনা দুটাকৈ হাতী ব্যৱহাৰ কৰা হৈছে বাঘটোক খেদিবলৈ । ড্ৰোণ কেমেৰাৰ উপৰিও অত্যাধুনিক কেমেৰাৰ সহায়ত বন বিভাগে নিৰীক্ষণ কৰিছে বাঘে বিচৰণ কৰি থকা এলেকা । স্থানীয় প্ৰায় ৭০ গৰাকীকৈ শ্ৰমিকৰ সহায়ত বন কৰ্মীসকলে বাঘটো আশ্ৰয় লৈ থকা মৰাপাটৰ খেতিৰ চাৰিওদিশৰ পৰা জাল চপাই নিয়াৰ আন এক কৌশল অৱলম্বন কৰা বুলিও বন বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

নগাঁৱত ত্ৰাসৰ সৃষ্টি কৰিছে ঢেকীয়াপতীয়াই:

ঢেকীয়াপতীয়াটোৰ মুক্ত বিচৰণক লৈ এতিয়া এক আতংকময় পৰিবেশে বিৰাজ কৰিছে নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলত । পৰিবেশ-পৰিস্থিতি লাহে লাহে এনে পৰ্যায় পাইছে যে, নিশাটো দূৰৈৰে কথা, দিনৰ ভাগতো কোনো লোক ঘৰৰ পৰা ওলাব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে । সকলোকে যেন বাঘৰ আতংকই খেদি ফুৰিছে ।

লগতে পঢ়ক: ধিঙত বাঘ ধৰিবলৈ অভিযানত নামিছে হাতী : সুন্দৰবনৰ জাল লৈ বন বিভাগ - Tiger Scare in Nagaon

বাঘৰ আতংকত ত্ৰস্তমান গঞাই ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰিয়েই যেন নিজকে সুৰক্ষিত কৰি ৰাখিবলগীয়া হৈছে । তাৰ মাজতেই ধিংবাসীক বাঘৰ আতংকৰ পৰা মুক্ত কৰিবলৈ যেন অহৰহ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে । কিন্তু বিগত ২৪ দিনে বাঘটোক কৰায়ত্ত কৰিবলৈ অথবা বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগৰ লোক ।

বাঘৰ আক্ৰমণত বনকৰ্মীসহ মুঠ ৫জনকৈ লোক আহত:

ইতিমধ্যেই বাঘটোৰ আক্ৰমণত এগৰাকী বনকৰ্মীসহ মুঠ ৫জনকৈ লোক আহত হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে । বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা কৰোতেই ১৬ জুলাইত আহত হৈছিল ফণীধৰ দেউৰী নামৰ বনকৰ্মীজন । তাৰ পাচতো জনসাধাৰণক নিৰাপত্তা দিয়াৰ স্বাৰ্থত নিজ দায়িত্ব পালন কৰি আহিছে বন বিভাগৰ বিষয়া-কৰ্মীসকলে ।

বাঘ খেদিবলৈ নিয়োজিত হৈছে কিমান বনকৰ্মী ?

নগাঁৱৰ ধিং অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা ঢেকীয়াপতীয়া বাঘটো কৰায়ত্ত কৰিবলৈ অথবা জনাঞ্চলৰ পৰা খেদি পঠিয়াবলৈ দিনে-নিশাই চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গুৱাহাটী চিৰিয়াখানা, নগাঁও বন্যপ্ৰাণী আৰু বন সংমণ্ডলৰ মুঠ পাঁচগৰাকীকৈ বিষয়া নিয়োজিত হৈ আছে ধিং অঞ্চলত । এই ৫ গৰাকী জিলা/সংমণ্ডল বন বিষয়াৰ নেতৃত্বত অৰ্ধশতাধিক বনকৰ্মী নিয়োগ কৰা হৈছে বাঘে আতংকৰ সৃষ্টি কৰা ধিঙৰ আঠগাঁৱত ।

লগতে পঢ়ক: বাঘৰ সন্ধানত নিশাৰ ভাগতো ড্ৰ’ন ব্যৱহাৰ কৰা হৈছে : চন্দ্ৰমোহন পাটোৱাৰী - Tiger Scare in Nagaon

পাঁচগৰাকীকৈ উচ্চপদস্ত বিষয়াৰ নেতৃত্বত পঞ্চাশগৰাকীতকৈ অধিক বনকৰ্মীয়ে দিনে-নিশাই অঞ্চলটোত পহৰা দিয়াৰ লগতে বাঘটোক কৰায়ত্ত কৰিবলৈ অথবা বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

বনবিভাগৰ বেহু ফালি বনৰজাৰ পলায়ন:

আজি বাঘটোক ধৰিবলৈ বন বিভাগৰ লোকে কৰা সকলো প্ৰচেষ্টা ধূলিসাৎ কৰি মৰাপাট খেতিৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ঢেকীয়াপতীয়াটো ৷ বন বিভাগৰ লোকে সুন্দৰবনৰ পৰা অনা জালেৰে চাৰিওদিশৰ পৰা জাল চপাই ঢেকীয়াপতীয়াটোক কৰায়ত্ত কৰাৰ কৌশল অৱলম্বন কৰিছিল যদিও সুন্দৰবনৰ জালৰ বেহু ফালি বনৰজা ওলাই যায় মৰাপাট খেতিৰ পৰা । বাঘটো ওলাই যোৱাৰ ফলত অধিক আতংকিত হৈ পৰে ধিংবাসী ।

বাঘটোক জালত পেলাবলৈ সক্ষম হ'লেহে আতংকমুক্ত হ'ব সমগ্ৰ ধিংবাসী । ইফালে বিগত প্ৰায় ২৪ দিনে দিনে-নিশাই বনৰ ৰজাক কৰায়ত্ত কৰাৰ বাবে চেষ্টা অব্যাহত ৰখাৰ পিচতো সফলতা লাভ নকৰাত বন বিভাগৰ বিৰুদ্ধেও একাংশৰ মাজত সৃষ্টি হৈছে অসন্তুষ্টিৰ ।

পূৰ্বেও বনৰজাক ধৰিবলৈ গৈ বিফল হৈছিল বন বিভাগ ?

বনৰজাক কৰায়ত্ত অথবা বনাঞ্চললৈ খেদি পঠিয়াবলৈ বন বিভাগে ন ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে যদিও বন বিভাগৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছে ৷ প্ৰথম অৱস্থাত জুৰীয়াৰ জেঙনি অঞ্চলত বাঘটোক বন বিভাগে ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰিছিল যদিও বিফল হোৱাৰ পাচত বনৰজাক পিঞ্জৰাবদ্ধ কৰিবলৈ চাৰিটাকৈ পিঞ্জৰাৰ ব্যৱস্থা কৰিছিল বন বিভাগে । ইয়াৰ ওপৰিও কেইবাখনো এক্সকেভেটৰ সহায়ত বাঘটোক খেদি পঠিয়াবলৈ চেষ্টা কৰিও লাভ কৰা নাই সফলতা ।

লগতে পঢ়ক: এটা বাঘে নাকত ধৰি চাকত ঘূৰাইছে বিয়াগোম বন বিভাগক - Tiger Scare in Nagaon

Last Updated : Jul 27, 2024, 9:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.