ETV Bharat / state

বাক্সাৰ ঘাইপথত বিষাক্ত পাৰ্থেনিয়াম; সাৱধানতা অৱলম্বনৰ আহ্বান প্ৰকৃতিপ্ৰেমীৰ - Poisonous Weed Parthenium

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 9:00 AM IST

Poisonous weed parthenium in Baksa: বাক্সা জিলাৰ বিভিন্ন ঠাইত পাৰ্থেনিয়াম নামৰ বিষাক্ত অপতৃণৰ বিস্তাৰ ৷ পথৰ দুয়োফালে গজি উঠা এই গছে কেনেদৰে আমাৰ দেহৰ অপকাৰ সাধিব পাৰে ? জানো আহক এই প্ৰতিবেদনযোগে----

terrible spread of the poisonous weed parthenium in NH 27 in Baksa district
বাক্সাৰ ঘাইপথত বিষাক্ত পাৰ্থেনিয়ামৰ বিস্তাৰ; সাৱধানতা অৱলম্বনৰ আহ্বান (ETV Bharat Assam)

বাক্সা, 5 জুলাই: অসমত ভয়াৱহভাৱে বৃদ্ধি পোৱা পাৰ্থেনিয়ামে ভাবুকি কঢ়িয়াইছে সকলোৰে জীৱনলৈ । 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰঘূমলাৰ দৰে বিয়পিছে মৃত্যুদূতৰূপী পাৰ্থেনিয়াম ।

বাক্সাৰ ঘাইপথত বিষাক্ত পাৰ্থেনিয়ামৰ বিস্তাৰ (ETV Bharat Assam)

বাক্সা জিলাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ভয়াৱহভাৱে বৃদ্ধি পাইছে বিষাক্ত পাৰ্থেনিয়াম । যাৰ বাবে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে পথচাৰী । ভুলতো এইজোপা গছ হাতেৰে স্পৰ্শ নকৰিবলৈ বিশেষজ্ঞসকলে জনাইছে আহ্বান ৷ কাৰণ এই গছজোপাই সংকট কঢ়িয়াই আনিব পাৰে মানুহৰ জীৱনলৈ । আনকি এই ফুল বতাহত উৰি আহি মানুহৰ সংস্পৰ্শলৈ অহাৰ ফলত শ্বাস-প্ৰশ্বাসত বাধা প্ৰদান কৰে বুলিও বিশেষজ্ঞসকলে জনায় । যিয়ে এজন লোকক শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে জ্বৰ, ব্ৰংকাইটিছ, হাপানী আদি ৰোগত ভুগাব পাৰে ।

লগতে পঢ়ক: শস্যপথাৰত ৰঘুমলাৰ দৰে বিয়পি পৰিছে বিষাক্ত অপতৃণ পাৰ্থেনিয়াম - Poisonous weed Parthenium

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিলক্ষিত হৈছে অপতৃণ পাৰ্থেনিয়াম ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ সমান্তৰালভাবে কৃষি প্ৰধান অঞ্চল বৰটাৰীতো ভয়ংকৰ ৰূপত বিয়পিছে বিষাক্ত অপতৃণ পাৰ্থেনিয়াম ৷ বিষাক্ত উদ্ভিদ মাৰাত্মক পাৰ্থেনিয়ামেৰে ভৰিছে পলাশবাৰীৰ শইচ সোণোৱালী কৃষিভূমিবোৰ ৷ যাৰ ফলত এতিয়া বিপদৰ সন্মুখীন হৈছে পলাশবাৰীৰ বৰটাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত কৃষি বিপ্লৱৰ সূচনা কৰা শতাধিক কৃষক ৷

জানিব পৰা মতে, কৃষকৰ ঘোৰ শত্ৰুৰূপী এই পাৰ্থেনিয়ামৰ ইতিমধ্যেই বলি হৈছে বৰটাৰীৰ সাধাৰণ কৃষক ৷ সমান্তৰালভাবে পোহনীয়া পশুধনো আক্ৰান্ত হৈছে পাৰ্থেনিয়ামৰ পাৰ্শ্বক্ৰিয়াত ৷ পাৰ্থেনিয়ামৰ সংস্পৰ্শলৈ অহাৰ ফলত জ্বৰ, চৰ্দি, কাঁহ, ছালৰ ৰোগ, বৃক্কৰ ৰোগৰ লগতে মাৰাত্মক কৰ্কট ৰোগ হ'ব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে সচেতন মহলে ৷

ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃদ্ধি পোৱা এই পাৰ্থেনিয়াম গছসমূহ বিভাগীয় বিষয়াসকলক ধ্বংস কৰিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন লোকে ।

লগতে পঢ়ক: ট্ৰেক্টৰ নহয়, আজিও গৰু হালেৰেই মাটি চহাইছে মংলা মুৰ্মুৱে - Traditional farming

কালদিয়াৰ তাণ্ডৱ: বানপীড়িত অঞ্চল পৰিভ্ৰমণ বৰপেটা জিলা আয়ুক্তৰ - Assam Flood 2024

বাক্সাত জিলা আয়ুক্তৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন - assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.