ETV Bharat / state

ম্যাদী ভূমিত ৰে’লৱে বিভাগৰ উচ্ছেদক লৈ উত্তপ্ত হালোৱাটিং - PROTEST AGAINST EVICTION

আমগুৰিৰ হালোৱাটিঙত ৰে’লৱে বিভাগে ম্যাদী পট্টাত থকা গৃহ ভঙাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি ।

Locals protest against eviction
ম্যাদী ভূমিত ৰে’লৱে বিভাগৰ উচ্ছেদক লৈ উত্তপ্ত হালোৱাটিং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 16, 2024, 8:26 PM IST

আমগুৰি: শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিঙত সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ৰে’লৱে বিভাগে ম্যাদী পট্টাত থকা গৃহ ভঙাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতিৰ । ৰে’লৱে বিভাগৰ অভিযন্তাক উত্তেজিত লোকে জৱাবদিহি কৰাৰ লগতে আৱদ্ধ কৰি ৰাখে ।

হালোৱাটিঙৰ চুতীয়াবস্তি মাধৱ নগৰৰ আলফাজ হুছেইন, ৰহিমা বেগম, উজমিলা আলি, নাঠনিয়া চাহানী নামৰ চাৰিটাকৈ পৰিয়ালৰ আৱাসগৃহত ৰে’লৱে বিভাগে প্ৰায় তিনি সপ্তাহ পূৰ্বে উচ্ছেদ অভিযান চলায় । ইয়াৰ পাছতেই উক্ত পৰিয়ালকেইটাই ৰে’লৱে বিভাগে অবৈধভাৱে এই উচ্ছেদ অভিযান চলোৱাৰ কথা জানিব পাৰে ৷ ইয়াৰ পাছতেই উত্তেজিত হৈ পৰে স্থানীয় লোক আৰু ইয়াৰ বিৰুদ্ধে আজি স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ম্যাদী ভূমিত ৰে’লৱে বিভাগৰ উচ্ছেদক লৈ উত্তপ্ত হালোৱাটিং (ETV Bharat Assam)

উত্তেজিত লোকে ৰে’লৱে বিভাগ হায় হায়, অভিযন্তা মনীষ কুমাৰৰ দাদাগিৰি নচলিব, মনীষ কুমাৰ গ' বেক, খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ নচলিব শ্ল'গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

লগতে পঢ়ক: ভাৰতমালাৰ পথ নিৰ্মাণৰ বাবে কাছাৰৰ ৰংপুৰত উচ্ছেদ অভিযান - Eviction drive

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নিজৰ ম্যাদী পট্টাত স্থায়ীকৈ বসবাস কৰি অহা চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ ৰে’লৱে বিভাগে কোনো জাননী নিদিয়াকৈ উচ্ছেদ কৰে । আজি আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলে জৰীপ কৰি চাৰিটাকৈ উচ্ছেদিত পৰিয়ালে নিজৰ ম্যাদী পট্টাত বসতি কৰি অহাৰ বিষয়ে নিশ্চিত কৰে । আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলে চৰজমিন তদন্ত কৰি উচ্ছেদিত পৰিয়ালকেইটাৰ ভূমি ৰে’লৱে বিভাগৰ অধীনস্থ নহয় বুলি নিশ্চিত কৰে ।

ইয়াৰ পাছতেই স্থানীয় লোকে ৰে’লৱে বিভাগৰ অভিযন্তা মনীষ কুমাৰক আৱদ্ধ কৰি ক্ষতিপূৰণৰ দাবী জনায় । পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠাত পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযন্তা মনীষ কুমাৰক উদ্ধাৰ কৰি হালোৱাটিং আৰক্ষী থানালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: Silsako Eviction 2023: তেজ দিম কিন্তু আমাৰ ভেটি-মাটি কেতিয়াও এৰি নিদিওঁ, উচ্ছেদিত ৰাইজৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.