ETV Bharat / state

উদয়পুৰস্থিত ছেইণ্ট পলৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা : ৭ জনক আটক - Tinsukia Student death

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 1:52 PM IST

Tinsukia Student death: তিনিচুকীয়াৰ উদয়পুৰস্থিত ছেইণ্ট পল নামৰ এখন ব্যক্তিগত বিদ্যালয়ত ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ গোচৰত আৰক্ষীয়ে ৭ জন ছাত্ৰক আটক কৰিছে । বিদ্যালয়ৰ অধ্যক্ষ আৰু ছাত্ৰকেইজনক আৰক্ষীয়ে জেৰা চলাই আছে । তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বিদ্যালয়খন ছীল কৰি দিছে প্ৰশাসনে ।

Tinsukia Student death
ছাত্ৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা (ETV Bharat)

তিনিচুকীয়া, ২ আগষ্ট : তিনিচুকীয়াৰ উদয়পুৰস্থিত ছেইণ্ট পল নামৰ এখন ব্যক্তিগত বিদ্যালয়ত ছাত্ৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । বৃহস্পতিবাৰেও বিদ্যালয়খনত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । ঘটনাৰ উচিত তদন্তৰ দাবীত ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে ।

ছাত্ৰৰ মৃত্যুক লৈ উত্তেজনা :

উল্লেখ্য যে বৃহস্পতিবাৰে ছেইণ্ট পল নামৰ এখন ব্যক্তিগত বিদ্যালয়খনৰ হোষ্টেলত দশম শ্ৰেণী ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হৈছিল । ছাত্ৰজনৰ ৰহস্যজনক মৃত্যুক লৈ সমগ্ৰ অঞ্চলতে উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে । একাংশ লোকে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উত্তেজিত লোকসকলে বিদ্যালয়ৰ চৌহদ, হোষ্টেল আৰু দুখনকৈ বিলাসী বাহন আৰু স্কুটিৰ ক্ষতিসাধন কৰে ।

ইফালে স্থানীয় লোকসকলে বিদ্যালয়ৰ বাহিৰত ঘটনাৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদো সাব্যস্ত কৰে । উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয় ।

৭ জনক আটক :

ঘটনাৰ পিচতে বিদ্যালয়খনত আৰক্ষী উপস্থিত হয় । মাৰ্ঘেৰিটাৰ মহকুমা দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

দণ্ডাধীশগৰাকীয়ে ঘটনা সন্দৰ্ভত কয়, "আমাৰ হাতলৈ এটা আত্মহত্যাৰ খবৰ আহিছিল আৰু খবৰৰ ভিত্তিত আমি তাত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছো । যিহেতু হোষ্টেলৰ আন্তঃগাঁথনিও ঠিক নাছিল আৰু ৱাৰ্ডেনো অনুপস্থিত আছিল । সেয়ে বৰ্তমান অধ্যক্ষক জেৰা কৰিবলৈ লেখাপানী আৰক্ষী থানালৈ লৈ যোৱা হৈছে ।

‘‘লগতে ছাত্ৰজনৰ সহ-আৱাসীসকলকো জেৰা কৰিবলৈ থানালৈ লৈ যোৱা হৈছে । যিহেতু পৰিস্থিতি ভাল নাছিল আৰু অধ্যক্ষকো জেৰাৰ বাবে থানালৈ লৈ যোৱা হৈছে ৷ সেয়ে আমি হোষ্টেল আৰু বিদ্যালয়খন ছীল কৰি দিছো । ঘটনাৰ তদন্ত সম্পূৰ্ণ হ'লেই আমি বিদ্যালয়খন পুনৰ খুলি দিয়াৰ ব্যৱস্থা কৰিম ।" দণ্ডাধীশগৰাকীয়ে কয় ৷

ইফালে আৰক্ষী সূত্ৰৰ মতে হোষ্টেলৰ ৭ গৰাকী ছাত্ৰক আৰক্ষীয়ে আটক কৰি জেৰা চলাই আছে । অৱশ্যে এয়া আত্মহত্যা নে হত্যাকাণ্ড সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে । আৰক্ষীৰ তদন্তৰ পিচতহে সকলো তথ্য পোহৰলৈ আহিব ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ।)

লগতে পঢ়ক :আত্মহত্যা নে আন কিবা ! বিদ্যালয়ৰ আৱাসিক এলেকাত ৰহস্যজনকভাৱে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ - Tinsukia suicide news

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.